ৰসায়ন বিজ্ঞানৰ কুইজ - Chemistry Quiz - Assam Quiz

ৰসায়ন বিজ্ঞানৰ কুইজ - Chemistry Quiz - Assam Quiz

ৰসায়ন বিজ্ঞানৰ কুইজ - Chemistry Quiz - Assam Quiz
ৰসায়ন বিজ্ঞানৰ কুইজ - Chemistry Quiz - Assam Quiz

ৰসায়ন বিজ্ঞানৰ কুইজ - Chemistry Quiz - Assam Quiz

১) প্ৰশ্ন : পৰমাণু কি কি কণিকাৰ দ্বাৰা গঠিত?
উত্তৰ : ইলেক্ট্ৰন, প্ৰ’টন আৰু নিউট্ৰনৰ দ্বাৰা।


২) প্ৰশ্ন : পৰমাণুৰ কেন্দ্ৰভাগক কি বোলে?
উত্তৰ : লিউক্লিয়াচ।


৩) প্ৰশ্ন : নিউক্লাচৰ আধান কেনেকুৱা?
উত্তৰ : ধনাত্মক।


৪) প্ৰশ্ন : পদাৰ্থৰ গঠন বুজাবলৈ পৰমাণু তত্ত্বৰ প্ৰস্তাৱ কোনে কৰিছিল?
উত্তৰ : ডেল্টনে (জন ডেল্টন)।


৫) প্ৰশ্ন : কেতিয়া আৰু কোনে নিউট্ৰন আৱিষ্কাৰ কৰিছিল?
উত্তৰ : ইং ১৯৩২ চনত, জেমচ ছেডউইক।


৬) প্ৰশ্ন : প্ৰ’টনৰ ওজন ইলেক্ট্ৰনতকৈ কিমান গুণ বেছি?
উত্তৰ : ১৮৩৬ গুণ বেছি।


৭) প্ৰশ্ন : পৰমাণুৰ ব্যাস কিমান?
উত্তৰ : ১০-৮ ছেণ্টিমিটাৰ।


৮) প্ৰশ্ন : কাৰ্বন কি কি ৰুপত পোৱা যায়?
উত্তৰ : কাৰ্বন স্ফটিক আৰু নিৰাকাৰ দুটা ৰুপত পোৱা যায়।


৯) প্ৰশ্ন : হীৰা আৰু গ্ৰেফাইটৰ দহনত কি গেছ উৎপন্ন হয়?
উত্তৰ : কাৰ্বন-ডাই-অক্সাইড।


১০) প্ৰশ্ন : তাপ আৰু তড়িতৰ সুপৰিবাহী দুটা অধাতুৰ নাম কি?
উত্তৰ : গ্ৰেফাইট আৰু কাৰ্বন গেছ।


১১) প্ৰশ্ন : গ্ৰেফাইট, কক, হীৰা আৰু গন্ধকৰ ভিতৰত আটাইতকৈ টান কি?
উত্তৰ : হীৰা।


১২) প্ৰশ্ন : আয়ৰণ পাইৰাটিজ কোন মৌলৰ উৎস?
উত্তৰ : চালফাৰৰ।


১৩) প্ৰশ্ন : কাৰ্বন মন’ক্সাইড বায়ুতকৈ গধুৰ নে পাতল?
উত্তৰ : পাতল।


১৪) প্ৰশ্ন : আকৰিক কাক বোলে?
উত্তৰ : যিবোৰ পদাৰ্থ খনিৰ পৰা পোনে পোনে সংগ্ৰহ কৰা হয় সেইবোৰ বিশুদ্ধ নহয়, এনে অপৰিষ্কাৰ খনিজবোৰকে আকৰিক বোলে।


১৫) প্ৰশ্ন : ধাতুৰ ক্ষয়ীভৱন কাক বোলে?
উত্তৰ : যি প্ৰক্ৰিয়াৰে ধাতুৰ ক্ষয় হয় তাকে ধাতুৰ ক্ষয়ীভৱন বোলে।


১৬) প্ৰশ্ন : পাৰা আৰু আন ধাতুৰ সংকৰক কি বোলে?
উত্তৰ : এমালগাম।


১৭) প্ৰশ্ন : প্লাষ্টিক কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰ : দুই প্ৰকাৰৰ। থাৰ্ম’প্লাষ্টিক আৰু থাৰ্ম’চেটিং প্লাষ্টিক।


১৮) প্ৰশ্ন : কাঁচ কি?
উত্তৰ : কাঁচ এবিধ স্বচ্ছ মিশ্ৰ পদাৰ্থ।


১৯) প্ৰশ্ন : কাঁচৰ উপাদানবোৰ কি কি?
উত্তৰ : কাঁচৰ উপাদানবোৰ হ’ল – চিলিকা, ছডিয়াম অক্সাইড বা পটাছিয়াম অক্সাইড আৰু চূণ বা লেড্‌ অক্সাইড।


২০) প্ৰশ্ন : বেঙুণীয়া, নীলা আৰু ৰঙা কাঁচ তৈয়াৰ কৰিবলৈ কি কি বিশেষ ধৰণৰ বস্তু ব্যৱহাৰ কৰা হয়?
উত্তৰ : বেঙুণীয়া কাঁচত মেঙ্গানিজ ডাই অক্সাইড, নীলা কাঁচত কোৱাল্ট আৰু ৰঙা কাঁচত জিঙ্ক অক্সাইড ব্যৱহাৰ কৰা হয়।


২১) প্ৰশ্ন : পাৰমাণৱিক ভৰ কাক বোলে?
উত্তৰ : পৰমাণুৰ আপেক্ষিক ভৰক পাৰমাণৱিক ভৰ বোলে।


২২) প্ৰশ্ন : এভোগ্ৰেডৰ প্ৰকল্প কি?
উত্তৰ : ইং ১৮১১ চনত এভোগ্ৰেড নামৰ এজন বিজ্ঞানীয়ে গেছীয় পদাৰ্থৰ আয়তন আৰু অণুৰ সংখ্যাৰ মাজত এটা সম্বন্ধ নিৰুপণ কৰে। ইয়াকে এভোগ্ৰেডৰ প্ৰকল্প বোলে।


২৩) প্ৰশ্ন : এভোগ্ৰেডৰ সংখ্যা কাক বোলে?
উত্তৰ : যিকোনো পদাৰ্থৰ এক গ্ৰাম আণৱিক ভৰত থকা অণুৰ সংখ্যা সদায় সময় সমান হয়। এই সংখ্যাকে এভোগ্ৰেডৰ সংখ্যা বোলে। এভোগ্ৰেডৰ সংখ্যাক Na চিনৰ দ্বাৰা বুজোৱা হয়।


২৪) প্ৰশ্ন : মৌলিক পদাৰ্থৰ নিজ গুণ, ধৰ্ম অটুট ৰাখিব পৰা আতাইতকৈ ক্ষুদ্ৰতম কণাটোৰ নাম কি?
উত্তৰ : পৰমাণু।


২৫) প্ৰশ্ন : যৌগিক পদাৰ্থৰ নিজ গুণ, ধৰ্ম অটুট ৰাখিব পৰা আটাইতকৈ ক্ষুদ্ৰতম কণাটোৰ নাম কি?
উত্তৰ : অণু।


২৬) প্ৰশ্ন : কাৰ্বন পৰমাণুত প্ৰ’টন আৰু নিউট্ৰনৰ সংখ্যা কিমান?
উত্তৰ : কাৰ্বন পৰমাণুত প্ৰ’টন আৰু নিউট্ৰন উভয়ৰে সংখ্যা ৬।


২৭) প্ৰশ্ন : অক্সিজেনৰ গ্ৰাম আণৱিক ভৰ কিমান?
উত্তৰ : ৩২ গ্ৰাম।


২৮) প্ৰশ্ন : আন্তৰ্জাতিক পদ্ধতিত গেছৰ আয়তনৰ একক কি?
উত্তৰ : ঘনমিটাৰ।


২৯) প্ৰশ্ন : কিহৰ ওপৰত ভিত্তি কৰি আধুনিক পৰ্যায়বৃত্ত তালিকা খন প্ৰস্তুত কৰা হৈছে?
উত্তৰ : মৌলবোৰৰ পৰমাণু ক্ৰমাংকৰ ওপৰত ভিত্তি কৰি।


৩০) প্ৰশ্ন : পৰ্যায়বৃত্ত তালিকাত মুঠতে কেইটা পৰ্যায় থাকে?
উত্তৰ : সাতোটা।


৩১) প্ৰশ্ন : কোনো মৌলৰ ৰাসায়নিক সক্ৰিয়তা কিহৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰ : ইলেক্ট্ৰন গ্ৰহণ আৰু ত্যাগ কৰাৰ প্ৰৱণতাৰ ওপৰত।


৩২) প্ৰশ্ন : শূণ্যযোজী দুটা মৌলৰ নাম কোৱা?
উত্তৰ : আৰ্গন আৰু নিয়ন।


৩৩) প্ৰশ্ন : পানীৰ কি গুণৰ বাবে ইয়াত আয়নীয় যৌগ দ্ৰৱীভূত হয়?
উত্তৰ : পানীৰ দ্ৰৱীয়তা গুণ থাকে বাবে।


৩৪) প্ৰশ্ন : ৰাসায়নিক বন্ধন কাক বোলে?
উত্তৰ : যি আকৰ্ষণ বলৰ দ্বাৰা দুটা পৰমাণুৰ যোজন ঘটে তাকে ৰাসায়নিক বন্ধন বোলে।


৩৫) প্ৰশ্ন : যোজন ইলেক্ট্ৰন কাক বোলে?
উত্তৰ : কোনো মৌলৰ পৰমাণুৰ বহিঃখোলৰ ইলেক্ট্ৰনক মৌলটোৰ যোজক ইলেক্ট্ৰন বোলে।


৩৬) প্ৰশ্ন : দুটা বা তাতোধিক পদাৰ্থৰ সমসত্ব মিশ্ৰণক কি বোলে?
উত্তৰ : দ্ৰৱ।


৩৭) প্ৰশ্ন : কোনো পদাৰ্থৰ দ্ৰাব্যতা সহজে উলিয়াব পৰা সম্বন্ধটো কি?
উত্তৰ : পদাৰ্থৰ দ্ৰাব্যতা = গ্ৰাম হিচাপে দ্ৰাব্যৰ ভৰ/গ্ৰাম হিচাপে দ্ৰাৱকৰ ভৰ X 100 ।


৩৮) প্ৰশ্ন : বৈদ্যুতিক বিশ্লেষণ কাক বোলে?
উত্তৰ : বৈদ্যুতিক সোঁতৰ দ্বাৰা যৌগ এটাৰ বিয়োজন ঘটা প্ৰক্ৰিয়াকে বিদ্যুৎ বিশ্লেষণ বোলে।


৩৯) প্ৰশ্ন : ছডিয়াম হাইড্ৰোক্সাইড জলীয় দ্ৰৱত মুঠতে কেইবিধ মুক্ত আয়ন থাকে?
উত্তৰ : চাৰিবিধ।


৪০) প্ৰশ্ন : হেলজেন মৌল কাক বোলে?
উত্তৰ : ফ্ল’ৰিণ, ক্ল’ৰিণ, ব্ৰ’মিণ আৰু আয়োডিনক একেলগে হেলজেন মৌল বোলে।


৪১) প্ৰশ্ন : মৌল পদাৰ্থৰ প্ৰধান ভাগ দুটা কি কি?
উত্তৰ : ধাতু আৰু অধাতু।


৪২) প্ৰশ্ন : অক্সাইড কাক বোলে?
উত্তৰ : যিকোনো মৌল আৰু অক্সিজেনৰ মাজত সৃষ্টি হোৱা দ্বিমৌলিক যৌগকে অক্সাইড বোলে।


৪৩) প্ৰশ্ন : অম্ল আৰু ক্ষাৰৰ এটি সাধাৰণ উপাদান কি?
উত্তৰ : হাইড্ৰ’জেন।


৪৪) প্ৰশ্ন : ক্ল’ৰাইড কাক বোলে?
উত্তৰ : ক্ল’ৰিণ আৰু যিকোনো মৌলৰ মাজত সৃষ্টি হোৱা দ্বিমৌলিক যৌগকে ক্ল’ৰাইড বোলে।


৪৫) প্ৰশ্ন : অক্সিজেনৰ পৰমাণু ক্ৰমাংক আৰু পাৰমাণৱিক ভৰ কিমান?
উত্তৰ : পৰমাণু ক্ৰমাংক ৮ আৰু পাৰমাণৱিক ভৰ ১৬।


৪৬) প্ৰশ্ন : অক্সিজেনৰ বহুৰুপতা কি?
উত্তৰ  :অ’জন (O3)।


৪৭) প্ৰশ্ন : ছালফাৰৰ পৰমাণু ক্ৰমাংক কিমান?
উত্তৰ : ১৬।


৪৮) প্ৰশ্ন : ভূ-ত্বকত থকা ছালফাৰৰ শতকৰা পৰিমাণ কিমান?
উত্তৰ : 0.004%।


৪৯) প্ৰশ্ন : চালফাৰৰ প্ৰধান অক্সাইড বিধৰ নাম কি?
উত্তৰ : চালফাৰ-ডাই-অক্সাইড।


৫০) প্ৰশ্ন : প্ৰকৃতিৰ বুকুত আয়তন হিচাপে কিমান নাইট্ৰ’জেন গেছ আছে?
উত্তৰ : শতকৰা প্ৰায় ৭৮.১ ভাগ।


৫১) প্ৰশ্ন : এমনিয়াৰ সংকেট আৰু আণৱিক ভৰ কিমান?
উত্তৰ : সংকেট NH3 আৰু আণৱিক ভৰ হ’ল ১৭।


৫২) প্ৰশ্ন : শিথিল চূণ কি?
উত্তৰ : কেলছিয়াম হাইড্ৰোক্সাইড।


৫৩) প্ৰশ্ন : কি বস্তুত ফচ্‌ফেট আটাইতকৈ বেছি পোৱা যায়?
উত্তৰ : হাড়ত।


৫৪) প্ৰশ্ন : পাকস্থলীৰ আহাৰ জীণ নিয়াবলৈ কি এচিড ব্যৱহাৰ কৰা হয়?
উত্তৰ : হাইড্ৰ’ক্ল’ৰিক (HCI) এচিড।


৫৫) প্ৰশ্ন : সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা অধাতুৰ নাম কি?
উত্তৰ : ব্ৰ’মিন।


৫৬) প্ৰশ্ন : বায়ুমণ্ডলত প্ৰায় কিমান শতাংশ অক্সিজেন পোৱা যায়?
উত্তৰ : প্ৰায় ২০ শতাংশ।


৫৭) প্ৰশ্ন : অ’জনৰ গোন্ধ কেনেকুৱা?
উত্তৰ : কেঁচা মাছৰ দৰে।


৫৮) প্ৰশ্ন : পৰীক্ষাগাৰত কি সঁজুলিৰ সহায়ত H2S প্ৰস্তুত কৰা হয়?
উত্তৰ : কিপৰ সঁজুলিৰ সহায়ত।


৫৯) প্ৰশ্ন : হাইড্ৰ’জেন সনস্থানিক কেইটা?
উত্তৰ : তিনিটা।


৬০) প্ৰশ্ন : ক্ল’ৰিণে কাৰ উপস্থিতিত বিৰঞ্জন ধৰ্ম প্ৰদৰ্শন কৰে?
উত্তৰ : পানীৰ।


৬১) প্ৰশ্ন : ডিনামাইট কি?
উত্তৰ : এবিধ বিস্ফোৰক পদাৰ্থ।


৬২) প্ৰশ্ন : নিঁভাজ সোণ কেনেকৈ চিনিব পাৰি?
উত্তৰ : নাইট্ৰিক এচিডত ডুবাই।


৬৩) প্ৰশ্ন : লাফিং গেছ কাক বোলে?
উত্তৰ : নাইট্ৰাচ অক্সাইডক।


৬৪) প্ৰশ্ন : কংক্ৰিট কি?
উত্তৰ : চিমেণ্ট, বালি, শিলৰ টুকুৰা পানীত মিহলাই তৈয়াৰ কৰা গোটা বস্তু।


৬৫) প্ৰশ্ন : কোনে আৰু কেতিয়া মাৰকিউৰাছ নাইট্ৰেট আৱিষ্কাৰ কৰে?
উত্তৰ : ভাৰতীয় বিজ্ঞানী প্ৰফুল্ল চন্দ্ৰ ৰয়ে ইং ১৮৯৫ চনত আৱিষ্কাৰ কৰে।


৬৬) প্ৰশ্ন : আধুনিক ৰসায়নৰ পিতৃ কোন?
উত্তৰ : এণ্টনি লেভয়চিয়াৰ।


৬৭) প্ৰশ্ন : লোত মামৰে ধৰা কাৰ্যত কিহে সহায় কৰে?
উত্তৰ : বায়ুয়ে।


৬৮) প্ৰশ্ন : প্লাষ্টাৰ অব্‌ পেৰিছ কিহৰ পৰা তৈয়াৰ কৰা হয়?
উত্তৰ : জিপচামৰ পৰা।


৬৯) প্ৰশ্ন : পেনিচিল আৰু অক্সিজেনৰ আৱিষ্কাৰক কোন?
উত্তৰ : পেনিচিলিনৰ আৱিষ্কাৰক ড° আলেকজেণ্ডাৰ ফ্লেমিং আৰু অক্সিজেনৰ আৱিষ্কাৰক জোচেফ প্ৰিষ্টলি।


৭০) প্ৰশ্ন : মৌল সমূহৰ ভিতৰত আটাইতকৈ অধিক গলনাঙ্ক কাৰ?
উত্তৰ : হীৰাৰ।


৭১) প্ৰশ্ন : জীৱ বিজ্ঞানৰ নমুনা সংৰক্ষণৰ কামত ব্যৱহাৰ হোৱা তৰলৰ নাম কি?
উত্তৰ : ফাৰমেল ডিহাইদ।


৭২) প্ৰশ্ন : চিমেণ্টৰ প্ৰধান উপাদান কি?
উত্তৰ : (ক) ডাই-কেলছিয়াম ছিলিকেট,
(খ) ট্ৰাই-কেলছিয়াম ছিলিকেট,
(গ) ট্ৰাই-কেলছিয়াম এলুমিনেট।


৭৩) প্ৰশ্ন : চুপাৰ অফ্‌ লেড কি?
উত্তৰ : লেড্‌এচিটেড।


৭৪) প্ৰশ্ন : মেজেইক গোল্ড কি?
উত্তৰ : ষ্টালিক চালফাইড।


৭৫) প্ৰশ্ন : জিউলাইট ব্যৱহাৰ কৰিলে পানীৰ কি পৰিৱৰ্তন ঘটে?
উত্তৰ : খৰতা দূৰ হয়।


৭৬) প্ৰশ্ন : চিনাবাৰ খনিজৰ পৰা কি ধাতু উত্তোলন কৰা হয়?
উত্তৰ : পাৰা।


৭৭) প্ৰশ্ন : চেকাৰিণ কিহৰ পৰা তৈয়াৰ কৰা হয়?
উত্তৰ : টুলুইনৰ পৰা।


৭৮) প্ৰশ্ন : টুলুইন কিহৰ পৰা হয়?
উত্তৰ : টুলুইনক আল্‌কাতৰাৰ পৰা তৈয়ৰ কৰা হয়।


৭৯) প্ৰশ্ন : তড়িৎ বিশ্লেষণত জাৰণ ক্ৰিয়া ক’ত অনুষ্ঠিত হয়?
উত্তৰ : এন’ডত।


৮০) প্ৰশ্ন : চাইট্ৰিক এচিড কোন বিধ ফলত থাকে?
উত্তৰ : নেমু টেঙাত।


৮১) প্ৰশ্ন : এণ্টিপাইৰোটিক কি?
উত্তৰ : শৰীৰৰ তাপ কমোৱাৰ উদ্দেশ্য ব্যৱহাৰ কৰা এচিধ দৰৱ।


৮২) প্ৰশ্ন : বিদ্যুৎ অপৰিবাহী এটা মৌলৰ নাম কোৱা?
উত্তৰ : স্কানডিয়াম।


৮৩) প্ৰশ্ন : হীৰা, কাঁচ আৰু মাৰ্বলৰ ভিতৰত বিশুদ্ধ মৌল কি?
উত্তৰ : হীৰা।


৮৪) প্ৰশ্ন : পাৰ্কচ প্ৰচেচ কি ধাতু নিষ্কাশনৰ কামত ব্যৱহাৰ কৰা হয়?
উত্তৰ : চিল্‌ভাৰ।


৮৫) প্ৰশ্ন : ট্ৰনিজিচটাৰৰ গুৰুত্বপূৰ্ণ উপাদান কি?
উত্তৰ : জাৰ্মেনিয়াম।


৮৬) প্ৰশ্ন : ৰাডাৰফোৰ্ডৰ আলফা কণা বিচ্ছুৰণৰ দ্বাৰা পৰমাণুৰ কেন্দ্ৰত কি কণা থকাৰ সম্ভেদ পোৱা যায়?
উত্তৰ : প্ৰ’টন।


৮৭) প্ৰশ্ন : ছডিয়াম বেঞ্জোয়েট আৰু চোডা লাইনৰ মিশ্ৰণক উত্তপ্ত কৰিলে কি উৎপন্ন হয়?
উত্তৰ : বেঞ্জিন।


৮৮) প্ৰশ্ন : কি মৌলই উত্তপ্ত অৱস্থাত অক্সিজেন আৰু হাইড্ৰ’জেন গেছক শোষণ কৰিব পাৰে?
উত্তৰ : টেণ্টালাম মৌল।


৮৯) প্ৰশ্ন : বায়ুত তড়িৎ বিশ্লেষণৰ দ্বাৰা অ’জন গেছৰ অস্তিত্ব প্ৰমাণ কৰা বিজ্ঞানী জনৰ নাম কি?
উত্তৰ : স্কনবিন।


৯০) প্ৰশ্ন : মুক্ত মৌলৰ জাৰণ সংখ্যা কিমান?
উত্তৰ : শূণ্য।


৯১) প্ৰশ্ন : তেজস্ক্ৰিয়তা জোখা যন্ত্ৰটোৰ নাম কি?
উত্তৰ : গাইগাৰ মূলাৰ কাউণ্টাৰ।


৯২) প্ৰশ্ন : কলয়ড দ্ৰৱণৰ উপাদান দুটা তৰল হ’লে তাক কি বোলে?
উত্তৰ : এমালচন।


৯৩) প্ৰশ্ন : এলমিনিয়াম পাউদাৰ আৰু ফেৰিক অক্সাইডৰ মিশ্ৰণক কি বোলে?
উত্তৰ : থামিট।


৯৪) প্ৰশ্ন : প্ৰাণী দেহৰ লোহিত কাণিকাত কি ধাতৱ যৌগ থাকে?
উত্তৰ : আয়ৰণ যৌগ।


৯৫) প্ৰশ্ন : ওৱাটাৰ গেছ কি?
উত্তৰ : সম আয়তনৰ কাৰ্বন মনক্সাইড আৰু হাইড্ৰ’জেনৰ মিশ্ৰণ।


৯৬) প্ৰশ্ন : ডি. ডি. টি. ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ : ডাইক্লোৰো-ডাইফিনাইল-ট্ৰাইক্লোৰো-ইথেন।

৯৭) প্ৰশ্ন : এক লিটাৰ বায়ুৰ দ্ৰব্যমান কিমান?
উত্তৰ : ১.৩ গ্ৰাম।


৯৮) প্ৰশ্ন : পাৰাৰ আন এটা নাম কি?
উত্তৰ : কুইক ছিলভাৰ।


৯৯) প্ৰশ্ন : এল. পি. জি. কি?
উত্তৰ : লিকুইড পেট্ৰ’লিয়াম গেছ। ৰন্ধন কাৰ্যৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়।


১০০) প্ৰশ্ন : ব্লিচিং পাউদাৰ কি?
উত্তৰ : ক্ল’ৰিণৰ এবিধ যৌগিক। ইয়াক কাগজ, কাপোৰ আদিক বিৰঞ্জন কৰিবলৈ আৰু খোৱাপানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয়।


১০১) প্ৰশ্ন : চিনাবাৰৰ ৰঙা মণিৰ পৰা নিষ্কাষণ কৰা ধাতুৰ নাম কি?
উত্তৰ : পাৰা।


১০২) প্ৰশ্ন : কি খনিজৰ পৰা খোৱা নিমখ পোৱা যায়?
উত্তৰ : হেলাইট।


১০৩) প্ৰশ্ন : মিশ্ৰ ধাতু কি?
উত্তৰ : দুটা বা তাতোধিক পদাৰ্থৰ মিশ্ৰিত। যেনে – তীখা, লো আৰু কাৰ্বনৰ মিশ্ৰ ধাতু।


১০৪) প্ৰশ্ন : সোণ, ৰুপ, প্লেটিয়ান, ইৰিডিয়াম, অচমিয়াম, ৰুথেনিয়াম, পেলেডিয়াম আদি কেনে ধাতু?
উত্তৰ : উৎকৃষ্ট (Noble) ধাতু।


১০৫) প্ৰশ্ন : আটাইতকৈ গধুৰ আৰু পাতল ধাতু দুটা কি কি?
উত্তৰ : পাতল ধাতু – ‘লিথিয়াম’ আৰু গধুৰ ধাতু – ‘অছমিয়াম’।


১০৬) প্ৰশ্ন : পি. ভি. চি. (P.V.C.) ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ : পলি ভিনাইল  ক্ল’ৰাইড।


১০৭) প্ৰশ্ন : ষ্টেনলেচ ষ্টীল কি?
উত্তৰ : যি ষ্টীলত শতকৰা দহ ভাগতকৈ অধিক ক্ৰ’মিয়াম, শতকৰা আঠভাগ নিকেল থাকে তাকে ষ্টেনলেচ্‌ ষ্টীল বোলে। ভাৰতত নিকেল কমকৈ পোৱা হয় কাৰণে ষ্টেনলেচ ষ্টীলত নিকেলৰ সলনি মেঙ্গানিজ মিহলোৱা হয়।


১০৮) প্ৰশ্ন : হিলিয়াম, নিয়ন, আৰ্গন, ক্ৰিপটন, জেনন আৰু ৰেড্‌ন কি?
উত্তৰ : দুৰ্লভ উৎকৃষ্ট (Noble) গেছ।


১০৯) প্ৰশ্ন : প্ৰথম কৃত্ৰিম ৰঞ্জকৰ নাম কি আছিল?
উত্তৰ : মওবিন (Mauvine)।


১১০) প্ৰশ্ন : জলচক্ৰ কি?
উত্তৰ : সাগৰৰ পানী ভূ-ভাগলৈ আৰু ভূ-ভাগৰ পৰা সেই পানী পুনৰ সাগৰলৈ যোৱাৰ যি নিৰাবিচ্ছিন্ন প্ৰক্ৰিয়া তাকে জলচক্ৰ বোলে।


১১১) প্ৰশ্ন : কাৰ্বন চক্ৰ কি?
উত্তৰ : জীৱিত প্ৰানীয়ে কাৰ্বন গ্ৰহণ কৰাৰ পিছত পুনৰ সেই কাৰ্বনক প্ৰকৃতিলৈ পঠিয়াই দিয়া আৰু তাৰপৰা পুনৰ গ্ৰহণ কৰাৰ এই প্ৰক্ৰিয়াকে কাৰ্বন চক্ৰ বোলে।


১১২) প্ৰশ্ন : নাইট্ৰ’জেন চক্ৰ কি?
উত্তৰ : যি প্ৰক্ৰিয়াত বায়ুমণ্ডলীয় নাইট্ৰ’জেনৰ পৃথিৱীৰ পানী, বায়ু আৰু প্ৰাণীৰ মাজত নিৰবিচ্ছিন্ন ভাৱে আদান-প্ৰদান হৈ থকা সত্বেও বায়ুমণ্ডলত ইয়াৰ পৰিমাণ স্থিৰ থাকে তাকে নাইট্ৰ’জেন চক্ৰ বোলে।


১১৩) প্ৰশ্ন : অ’জন (Ozone) গেছ কি?
উত্তৰ : বায়ুমণ্ডলৰ উপৰিভাগত থকা গাঢ় নীলা ৰঙৰ এক বিশেষ গেছৰ তৰপ। কেঁচা মাছৰ দৰে তীব্ৰ গোন্ধ বিশিষ্ট এই গেছৰ ৰাসয়নিক সংকেট o3। বায়ুমণ্ডলৰ উপৰি ভাগত অ’জন গেছৰ তৰপটোৱে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ আঘাতৰ পৰা আমাক ৰক্ষা কৰে।


১১৪) প্ৰশ্ন : চিমেণ্টৰ প্ৰধান সংযুক্ত কি কি?
উত্তৰ : কেলচিয়াম অক্সাইড, এলুমিনা আৰু ছিলিকা।


ধন্যবাদ । সংগ্ৰহীত । ডিজিটেল তিনিচুকীয়াDIGITAL TINSUKIA
Read more:

Conclusion

💖 I this post i have made a post ৰসায়ন বিজ্ঞানৰ কুইজ - Chemistry Quiz - Assam Quiz. I hope you have liked it and Please do share with your friends and follow our blog for more

if you have any questions please feel free to ask in comments section

Labels : Quiz , কুইজ ,

Rate this Article

About the Author

Hi there, this is Admin. Who loves to write about Blogs, Poetry, Quizs related topic.

إرسال تعليق

অনুগ্ৰহ কৰি কমেন্ট কৰা আগত নিজৰ নাম উল্লেখ কৰিব, নতুবা গুগল একাউন্ট সৈতে লগইন হৈ লব তাৰ পিছক আপোনাৰ বহুমুলীয়া পৰামৰ্শ, যোগাযোগৰ লগতে লেখনি প্ৰকাশ সম্পৰ্কীয় কমেণ্ট দিব পাৰিব । ধন্যবাদ।
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.