বিশ্ব ব্ৰহ্মাণ্ড কুইজ - World Quiz - Assamese Quiz

বিশ্ব ব্ৰহ্মাণ্ড কুইজ - World Quiz - Assamese Quiz
বিশ্ব ব্ৰহ্মাণ্ড কুইজ - World Quiz - Assamese Quiz
বিশ্ব ব্ৰহ্মাণ্ড কুইজ - World Quiz - Assamese Quiz

বিশ্ব ব্ৰহ্মাণ্ড কুইজ - World Quiz - Assamese Quiz

১) প্ৰশ্ন : মঙ্গল উপগ্ৰহ কেইটা আৰু কি কি?
উত্তৰ : দুটা। ফ’বচ্‌ আৰু ডিম’চ্‌।

২) প্ৰশ্ন : পৃথিৱীৰ উপগ্ৰহ কেইটা আৰু কি?
উত্তৰ : এটা। চন্দ্ৰ।

৩) প্ৰশ্ন : মঙ্গল গ্ৰহৰ পৰা তাৰ উপগ্ৰহ ‘ফ’বচ’ৰ দূৰত্ব কিমান?
উত্তৰ : প্ৰায় ৯,৪০০ কিঃ মিঃ। ইয়াৰ ব্যাসাৰ্দ্ধ প্ৰায় ৪ কিঃ মিঃ।

৪) প্ৰশ্ন : মঙ্গল গ্ৰহৰ পৰা তাৰ উপগ্ৰহ ‘ডিম’চ’ৰ দূৰত্ব কিমান?
উত্তৰ : প্ৰায় ২৪, ০০০ কিঃ মিঃ। ইয়াৰ ব্যাস প্ৰায় ৫ কিঃ মিঃ

৫) প্ৰশ্ন : ভাৰতত থকা মহাকাশ নিৰীক্ষণ কেন্দ্ৰ দুটাৰ নাম কি কি?
উত্তৰ : শ্ৰী হৰিকোটা আৰু নাইনিতাল।

৬) প্ৰশ্ন : হাতীপটি তাৰকা ৰাজ্যত কিমান জ্যোতিষ্ক আছে বুলি বিজ্ঞানী সকলে জানিব পাৰিছে?
উত্তৰ : প্ৰায় এক লাখ নিযুত।

৭) প্ৰশ্ন : হাতীপটি তাৰকা ৰাজ্যই কিমান ঠাই আগুৰি আছে?
উত্তৰ : প্ৰায় এক লাখ আলোকবৰ্ষ।

৮) প্ৰশ্ন : শনি গ্ৰহৰ চাৰিওকাষ আঙঠিৰ দৰে দেখা যায় কিয়?
উত্তৰ : শনি গ্ৰহৰ চাৰিওকাষে বহুতো সৰু সৰু উপগ্ৰহ লাগি থকা বাবে আঙঠিৰ দৰে দেখা যায়। এই আঙঠিটোৰ ব্যাস প্ৰায় ২,৮৩,০০০ কিঃ মিঃ আৰু প্ৰায় ১৬ কিঃ মিঃ ডাঠ।

৯) প্ৰশ্ন : শনি গ্ৰহৰ প্ৰধান উপগ্ৰহটোৰ নাম কি?
উত্তৰ : টিটান (Titan) বা টাইটান।

১০) প্ৰশ্ন : পাৰচেক কি?
উত্তৰ : জ্যোৰ্তিবিজ্ঞানত ব্যৱহৃত এটা ডাঙৰ দূৰত্বৰ একক।

১১) প্ৰশ্ন : অনাতাঁৰ দূৰবীণ কি?
উত্তৰ : যি আহিলাৰে অনাতাঁৰ তৰঙ্গ জ্যোতিবিজ্ঞানত ব্যৱহাৰ কৰা হয় তাৰ নাম অনাতাঁৰ দূৰবীণ বা ৰেডিঅ’ টেলিস্কোপ।

১২) প্ৰশ্ন : ছোভিয়েট ৰুছিয়াই সৰ্বশেষত মঙ্গল গ্ৰহলৈ পঠোৱা যান খনৰ নাম কি?
উত্তৰ : ফ’বছ – ১১। ইয়াক ইং ১২/০৭/১৯৮৮ তাৰিখে উৎক্ষেপন কৰে।

১৩) প্ৰশ্ন : আকাশৰ ধ্ৰুৱতৰাটো কেনেকৈ বিচাৰি উলিয়াব পাৰি?
উত্তৰ : নিশাৰ ভাগত উত্তৰ ফাললৈ চাই।

১৪) প্ৰশ্ন : চন্দ্ৰৰ পৰা পৃথিৱীৰ ওচৰ দূৰত্ব, দূৰ দূৰত্ব আৰু গড় দূৰত্ব কিমান?
উত্তৰ : ওচৰ দূৰত্ব = ৩,৬৫,০০০ কিঃ মিঃ,দূৰ দূৰত্ব = ৪,১০,০০০ কিঃ মিঃ, আৰু গড় দূৰত্ব প্ৰায় = ৩,৮৭,০০০ কিঃ মিঃ।

১৫) প্ৰশ্ন : নিজ কক্ষপথত পৃথিৱীয়ে প্ৰতি ছেকেণ্ডত কিমান দ্ৰুতিৰে ঘূৰে?
উত্তৰ : প্ৰায় ৩১ কিঃ মিঃ।

১৬) প্ৰশ্ন : সৌৰবছৰ কি?
উত্তৰ : পৃথিৱীয়ে সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰিবলৈ যি সময়ৰ প্ৰয়োজন তাক সৌৰবছৰ বোলে।

১৭) প্ৰশ্ন : বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কেনেকৈ হৈছে?
উত্তৰ : মহাকাশত থকা হাতীপটিৰ দৰে অলেখ তাৰকাৰাজ্য, গেছীয় পদাৰ্থ আদি এক গট হৈ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে।

১৮) প্ৰশ্ন : নেপচুনৰ উপগ্ৰহ দুটাৰ নাম কি কি?
উত্তৰ : ট্ৰাইটম আৰু নেবেইড।

১৯) প্ৰশ্ন : আলোকবৰ্ষ আৰু মহাজাগতিক বৰ্ষৰ মাজত পাৰ্থক্য কি?
উত্তৰ : আলোকবৰ্ষৰ দূৰত্বৰ একক আৰু মহাজাগতিক বৰ্ষ সময়ৰ একক।

২০) প্ৰশ্ন : হাতীপটি কোন তাৰকাৰাজ্যৰ অন্তৰ্ভূক্ত?
উত্তৰ : সৰ্পিল তাৰকা ৰাজ্যৰ অন্তৰ্ভূক্ত।

২১) প্ৰশ্ন : সূৰ্যটো এটা গ্ৰহ নে নক্ষত্ৰ?
উত্তৰ : নক্ষত্ৰ।

২২) প্ৰশ্ন : জ্যোতি কাক বোলে?
উত্তৰ : পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব প্ৰায় ১,৪৯,৫০০,০০০ কিঃ মিঃ ক দৈৰ্ঘ্যৰ একক হিচাপে ধৰি লৈ জ্যোতিবিজ্ঞানীসকলে এই দূৰত্বক এক জ্যোতি একক নাম দিছে।

২৩) প্ৰশ্ন : সাধাৰণ দূৰবীণেৰে মহাকাশৰ তথ্য সংগ্ৰহত কিহে বাধা দিয়ে?
উত্তৰ : ডাৱৰ, কুঁৱলী, ৰ’দৰ পোহৰ, ধূলি-মাকতি আদি।

২৪) প্ৰশ্ন : ৰাডাৰ (RADAR) শব্দৰ পূৰ্ণপাঠ কি?
উত্তৰ : ৰেডিঅ’ ডিটেকচন্‌ এণ্ড ৰেনজিং।

২৫) প্ৰশ্ন : চন্দ্ৰৰ ব্যাস কিমান?
উত্তৰ : প্ৰায় ৩৫০০ কিঃ মিঃ।

২৬) প্ৰশ্ন : কোনে আৰু কেতিয়া পোন প্ৰথমে চন্দ্ৰত খোজ দিয়ে?
উত্তৰ : নীল আৰ্মষ্ট্ৰঙে, ইং ১৯৬৯ চনৰ ২০ জুলাইত।

২৭) প্ৰশ্ন : হাতীপটিৰ কেন্দ্ৰৰ পৰা আমাৰ পৃথিৱীৰ দূৰত্ব কিমান?
উত্তৰ : প্ৰায় ৩২,০০০ আলোকবৰ্ষ।

২৮) প্ৰশ্ন : কৃত্ৰিম উপগ্ৰহ কাক বোলে?
উত্তৰ : নিউটনৰ গতিৰ ৩য় সূত্ৰ মতে ৰকেট মহাকাশলৈ পঠিয়াওতে ইন্ধনৰ জ্বলন যিমান তীব্ৰ হয় ৰকেট সিমান ওপৰলৈ উঠে। তেনে ৰকেটৰ সহায়ৰে কোনো বস্তু পৃথিৱীলৈ নাহি পৃথিৱীক প্ৰদক্ষিণ কৰি থকাকৈ স্থাপন কৰিব পাৰি। এনেদৰে স্থাপন কৰা আৰু ইন্ধন নোহোৱাকৈ পৃথিৱীক প্ৰদক্ষিণ কৰা বস্তুক কৃত্ৰিম উপগ্ৰহ বোলে।

২৯) প্ৰশ্ন : মহাকাশলৈ যোৱা প্ৰথম মানুহজন কোন?
উত্তৰ : ইং ১২/০৪/১৯৬৯ তাৰিখে ভষ্টক -১ ৰে মহাকশলৈ যোৱা ৰুছ দেশৰ মহাকাশচাৰী মেজৰ ইউৰি গাগৰিণেই মহাকাশলৈ যোৱা প্ৰথম মানুহ।

৩০) প্ৰশ্ন : বিশ্বৰ প্ৰথম মহিলা মহাকাশচাৰী কোন?
উত্তৰ : ৰুছ দেশৰ ভালেনটিনা টেৰেচকোভা।

৩১) প্ৰশ্ন : ৰকেট কেই প্ৰকাৰৰ?
উত্তৰ : চাৰি প্ৰকাৰৰ।

৩২) প্ৰশ্ন : ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন?
উত্তৰ : ৰাকেশ শৰ্মা।

৩৩) প্ৰশ্ন : মহাকাশচাৰীয়ে কি খায়?
উত্তৰ : ‘ফ্ৰিজ’ত শুকুৱা খাদ্য খায়।

৩৪) প্ৰশ্ন : সূৰ্যৰ তাপমান কিমান?
উত্তৰ : প্ৰায় ৬০০০ ডিগ্ৰী ছেলছিয়াচ।

৩৫) প্ৰশ্ন : সৌৰ বতাহ কি?
উত্তৰ : সূৰ্যৰ পৰা নিৰিবিচ্ছিন্ন ভাৱে প্ৰভাৱিত হৈ থকা প্ৰ’টন, ইলেক্ট্ৰন আদিৰ প্ৰৱাহক সৌৰ বতাহ বোলে।

৩৬) প্ৰশ্ন : এবছৰত চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে কেইপাক ঘূৰে?
উত্তৰ : প্ৰায় ১৩ পাক।

৩৭) প্ৰশ্ন : চন্দ্ৰ কলা কি?
উত্তৰ : চন্দ্ৰৰ আকৃতি সৰু-ডাঙৰ হোৱাকে চন্দ্ৰ কলা বোলে।

৩৮) প্ৰশ্ন : হেলীৰ ধূমকেতু কিমান বছৰৰ অন্তৰে অন্তৰে দেখিবলৈ পোৱা যায়?
উত্তৰ : প্ৰত্যেক ৭৬.৩ বছৰৰ অন্তৰে অন্তৰে।

৩৯) প্ৰশ্ন : কোন গ্ৰহ দেখিবলৈ ৰঙা?
উত্তৰ : মঙ্গল গ্ৰহ।

৪০) প্ৰশ্ন : পৃথিৱীৰ বয়স কিমান?
উত্তৰ : প্ৰায় ৪৬০ কোটি বছৰ (আনুমানিক)।

৪১) প্ৰশ্ন : উল্কা কি?
উত্তৰ : উল্কা একোটা পিণ্ড। গ্ৰহ – উপগ্ৰহৰ দৰে উল্কাও সূৰ্যৰ চাৰিওফালে ঘূৰে। লো, শিল আদিৰে গঠিত এই টান পিণ্ডবোৰে নিজ কক্ষপথত ঘূৰি থাকোতে কেতিয়াবা পৃথিৱীৰ আকাৰ্ষণত কক্ষচ্যুত হৈ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে আৰু বায়ুৰ সৈতে ঘঁহনি খাই সৰু সৰু উল্কাবোৰ জ্বলি-পুৰি ছাই হৈ যায়। উল্কা বহুতো আকাৰৰ আছে। কিছুমানৰ ওজন পাঁচ কিলোগ্ৰাম আকৌ আন কিছুমানৰ ওজন কুইণ্টল চাৰি – পাঁচ কুইণ্টেল।

৪২) প্ৰশ্ন : ধুমকেতু কি?
উত্তৰ : ধুমকেতু এটা বিশেষ জ্যোতিষ্ক। ই উজ্বল আৰু দীঘলীয়া। ইহঁতক পুচ্ছল তৰা বা নেজাল তৰা বুলিও কোৱা হয়।

৪৩) প্ৰশ্ন : সৌৰজগতৰ কোনটো গ্ৰহৰ উপগ্ৰহৰ সংখ্যা আটাইতকৈ বেছি আৰু কিমান?
উত্তৰ : শনিগ্ৰহৰ। ইয়াৰ উপগ্ৰহৰ সংখ্যা ২১ টা।

৪৪) প্ৰশ্ন : আমাৰ সৌৰজগতৰ উপগ্ৰহ নথকা গ্ৰহৰ নাম কি?
উত্তৰ : বুধ আৰু শুক্ৰ।

৪৫) প্ৰশ্ন : সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কি?
উত্তৰ : বৃহস্পতি।

৪৬) প্ৰশ্ন : পোনপ্ৰথমে কোনে এই তথ্য আৱিষ্কাৰ কৰে যে, সূৰ্য হ’ল সৌৰজগতৰ কেন্দ্ৰ আৰু পৃথিৱীয়ে তাৰ চাৰিওফালে ঘূৰে?
উত্তৰ : কপাৰনিকাচে ইং ১৫৪০ চনত (নিকোলাচ কপাৰনিকাচ)।

৪৭) প্ৰশ্ন : চন্দ্ৰই 27½ দিনত নে 29½ দিনতহে পৃথিৱীক প্ৰদক্ষিন কৰে?
উত্তৰ : 27½ দিনত। কিন্তু 29½ দিনতহে চন্দ্ৰমাহ বুলি ধৰা হয়।

৪৮) প্ৰশ্ন : সৌৰজগতৰ কোন কোন গ্ৰহৰ উপগ্ৰহৰ সংখ্যা মাত্ৰ এটা?
উত্তৰ : পৃথিৱী আৰু প্লুটোৰ।

৪৯) প্ৰশ্ন : পৃথিৱীৰ ব্যাস কিমান?
উত্তৰ : প্ৰায় ১২,৬৮১ কিলোমিটাৰ।

৫০) প্ৰশ্ন : ধ্ৰুৱতৰা (Pole Star) ৰ বৈজ্ঞানিক নাম কি?
উত্তৰ : আলফা আৰচি মাইন’ৰিচ্‌।


 ধন্যবাদ । সংগ্ৰহীত । ডিজিটেল তিনিচুকীয়াDIGITAL TINSUKIA
Read more:

Conclusion

💖 I this post i have made a post বিশ্ব ব্ৰহ্মাণ্ড কুইজ - World Quiz - Assamese Quiz. I hope you have liked it and Please do share with your friends and follow our blog for more

if you have any questions please feel free to ask in comments section

Labels : Quiz , কুইজ ,

Rate this Article

About the Author

Hi there, this is Admin. Who loves to write about Blogs, Poetry, Quizs related topic.

تعليق واحد

  1. মঙ্গল গ্ৰহত পঠোৱা যানখনৰ নাম
অনুগ্ৰহ কৰি কমেন্ট কৰা আগত নিজৰ নাম উল্লেখ কৰিব, নতুবা গুগল একাউন্ট সৈতে লগইন হৈ লব তাৰ পিছক আপোনাৰ বহুমুলীয়া পৰামৰ্শ, যোগাযোগৰ লগতে লেখনি প্ৰকাশ সম্পৰ্কীয় কমেণ্ট দিব পাৰিব । ধন্যবাদ।
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.