সৌৰশক্তিৰে বিজুলি উৎপাদন

সৌৰশক্তিৰে বিজুলি উৎপাদন
সৌৰশক্তিৰে বিজুলি উৎপাদন
সৌৰশক্তিৰে বিজুলি উৎপাদন

সৌৰশক্তিৰে বিজুলি উৎপাদন : আপোনাৰ ব্যক্তিগত অথবা ব্যৱসায়িক আবাসত কেনেদৰে কমখৰচতে ইয়াৰ ব্যৱস্থা কৰিব পাৰি।

আজিৰ পৃথিৱীত অতি অপৰিহাৰ্য বস্তুটোৱেই হৈছে বিজুলীশক্তি। চিধাকে ক'বলৈ গ'লে বিজুলীশক্তি অথবা ইলেক্ট্ৰিচিটি (কাৰেন্ট !!) অবিহনে আমিবোৰ আচলতে অচল। বিজুলীশক্তি অবিস্কাৰৰ পৰা আজিলৈ ইয়াৰ উৎপাদনৰ বাবে সাধাৰণতে খৰস্ৰোতা পানীত বৃহৎ টাৰবাইন বহুৱাই অথবা কয়লা, গেছ ব্যৱহৃত হৈ আহিছে। প্ৰবল বতাহৰ সোত বোৱা পৃথিৱীৰ বিভিন্ন স্থানত টেবুল ফেনৰ আকৃতিৰ বৃহৎ 'ৱিণ্ডমিল' বহুৱায়ো বিজুলীৰ উৎপাদন কৰা হৈ আছে। কিন্তু অতি দুৰ্ভাগ্যজনক ভাৱে আমাৰ ৰাজ্যখন তথা আমাৰ ওচৰ চুবুৰীয়া প্ৰায় আটাইকেইখন ৰাজ্য (উত্তৰ-পূৱ ভাৰত) জলজ সম্পদত চহকী হোৱা স্বত্বেও, (যিটো বিজুলী উৎপাদনৰ প্ৰাথমিক চৰ্ত) বিভিন্ন কাৰণত দেশৰ ভিতৰতে আমি বিজুলী উৎপাদনত অতি দুখলগাকে পিচ পৰি আছো। যাৰ বাবে আমাৰ নিজা উৎপাদন আমাৰ চাহিদাৰ ৩০% ও নহয়।

যোৱা প্ৰায় এক দশকমানধৰি সমগ্ৰ বিশ্বতে প্ৰায় প্ৰ্তিখন দেশেই ফচিল ফুৱেলৰ বিকল্প হিচাপে সেয়ে সৌৰশক্তিৰ দ্বাৰা বিজুলী উৎপাদনত অত্যধিক গুৰুত্ব আৰোপ কৰি আহিছে যাক কোৱা 'ক্লিন এনাৰ্জী', কাৰণ সৌৰশক্তিৰে বিজুলী উৎপাদন কৰিবলৈ আমাক কোনো ধৰণৰ ফচিল ফুৱেল যেনে কয়লা বা গেচৰ দৰকাৰ নহয় আৰু ইয়াৰ দ্বাৰা কোনো প্ৰদুষনো সৃষ্টি নহয়। আমাৰ দেশেও সময়ৰ আহ্বানৰ প্ৰ্তি সহাৰি জনাই এইবিষয়ে চিন্তা চৰ্চা আৰম্ভ কৰিছে আৰু জনসাধাৰনক এনে কৰাৰ বাবে সজাগ আৰু উৎসাহিত কৰাৰ বাবে বিভিন্ন আচনি হাতত লৈছে।

সৌৰশক্তিৰ ঘৰুৱা উৎপাদন আৰু অসম -

শেহতীয়াকৈ অসম শক্তি উৎপাদন আৰু বিতৰণ কোম্পানী্য়ে (APDCL) চৰকাৰৰ সহযোগত ব্যক্তিগত আবাস, ব্যৱসায়িক প্ৰ্তিস্থান, চৰকাৰি কাৰ্যালয়, চিকিৎসালয়, ৰেলষ্টেচন, বিমান বন্দৰ আদিত সৌৰশক্তিৰ দ্বাৰা চালিত সৌৰপেনেল লগোৱাৰ কাম আৰম্ভ কৰিছে যাৰ সহায়ত বিনা খৰচত বিজুলী উৎপাদন (ক্লিন এনাৰ্জী) কৰি ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰিছে।

আপোনাৰ বাসগৃহত যদি কিছু মুকলি ঠাই আছে, যেনে ধৰক ঘৰৰ চাদ আদি, আপুনিও কম খৰচতে এই সুবিধা গ্ৰহন কৰিব পাৰে।

কিমান ঠাই লাগিব -

আপোনাৰ প্ৰ্য়োজন অনুসৰি আপুনি ১, ২, ৩, ৫, ৮ KVA (KWHr) সংযোগ ল'ব পাৰে।

- ১ KVA ৰ বাবে ১০০-২০০ বৰ্গফুট,

- ২ KVA = ২০০-৩০০ বৰ্গফুট,

- ৩ KVA = ৩০০-৫০০ বৰ্গফুট,

- ৫ KVA = ৫০০-৭০০ বৰ্গফুট

- ৮ KVA = ৮০০-১০০০ বৰ্গফুট এলেকাৰ প্ৰ্য়োজন।

গোটেইখিনি একেঠাইতে নহলেও হ'ল, মুঠ হ'ব লাগে। কেইবাখনো পেনেল (মডিউল) লগ লগাই এক নিৰ্দিষ্ট শক্তি উৎপাদন কৰা হয়, যেনে ৩ KVA ৰ বাবে ১০ খন মডিউলৰ দৰকাৰ, এখন মডিউল = ২ মিটাৰ X ১ মিটাৰ| প্ৰ্তিখন মডিউলে উৎপাদন কৰে ৩২০ Wp, এখন মডিউলৰ ওজন প্ৰায় ২৮ কেজি (সকলো ধৰি)। 

কিমান শক্তি উৎপাদন আপোনাৰ দৰকাৰ-

আপোনাৰ ঘৰুৱা সংযোগ ল'ডৰ (connected Load) ৭০% সৰ্বোচ্চ সীমা, অৰ্থাৎ আপোনাৰ সংযোগ ল'ড যদি ৭ কিলোৱাট হয় তেন্তে আপুনি সৰ্বোচ্চ ৫ KVA ৰ সৌৰপেনেল লগাব পাৰিব।

এইখিনিতে জানি থওঁ আহক, KVA (KWHr) মানে আচলতে কি? আমি যে কওঁ আমাৰ বিল ইমান ইউনিট আহিছে, এই ইউনিট মানে মুটামুটি ক'বলৈ গলে ১ KVA (KWHr)। ধৰি লওক আপোনাৰ এচিটো ১ কিলোৱাটৰ; এতিয়া আপুনি যদি এচিটো ১ ঘন্টা চলাই ৰাখে, তেন্তে আপোনাৰ বিজুলীৰ খৰচ হ'ব ১ KWHr মানে ১ ইউনিট। অৰ্থাৎ ১০০ ৱাটৰ ১০ টা বাল্ব একেৰাহে ১ ঘন্টা জ্বলালে আপোনাৰ ১ ইউনিট খৰচ হয়।

ধৰি লওক আপোনাৰ মাহেকীয়া বিজুলী বিল ৪৫০ ইউনিট আহে, তেন্তে আপোনাৰ দৈনিক গড় হিচাপে ১৫ ইউনিট খৰচ হয়। মানে আপুনি দৈনিক গড়ে ১৫ কিলোৱাট আৱাৰ ব্যৱহাৰ কৰে।

আপোনাৰ কিমান টকা খৰচ হ'ব -

বৰ্তমানে চৰকাৰে বিভিন্ন সৌৰপেনেল উৎপাদন কাৰীৰ সৈতে লগ লাগি বিশেষ ৰেহাই ব্যৱস্থাৰ যোগেদি ব্যক্তিগত আবাসত এনে সংযোগ দি আছে। এনে খৰচৰ ১০০% ই এককালিন। 3 KVA (KWHr) হিচাপ এটা এনে...

- প্ৰ্তি KVA (KWHr) ৰ মুঠ মূল্য - Rs 54,000/- টকা।

- মুঠ মূল্য = Rs 1,62,000/-

- প্ৰ্তি KVA (KWHr) ৰ ৰেহাই মূল্য - 16,400/- টকা

- আপুনি দিব লগা মুঠ ৰেহাই মূল্য (subsidised Rate) = Rs 49,200/-

অৰ্থাৎ 3 KVA (KWHr) ৰ সৌৰপেনেল সংযোগৰ বাবে আপোনাৰ এককালিন খৰচ পৰিব প্ৰায় ৫০,০০০ হাজাৰ টকা। ইয়াৰ ভিতৰত সকলো খৰচ অন্তৰ্ভুক্ত হৈ আছে আৰু আপুনি ১ টকাও উপৰঞ্চি দিব নালাগে।

- প্ৰ্য়োজনীয় নথি - আপোনাৰ দুখন ফটো, আপোনাৰ শেহতীয়া বিজুলীৰ বিল আৰু আপোনাৰ এক পৰিচয় পত্ৰৰ ফটোকপি। আপুনি মাথো এখন প্ৰপত্র পুৰণ কৰি APDCL ৰ সৈতে এক চুক্তিত স্বাক্ষৰ কৰিব লাগিব।

- ৫ বছৰলৈ এই পেনেলসমুহৰ মেইনটেনেঞ্চ সম্পূৰ্ণ বিনামূলীয়া। তাৰ পিছত আপুনি যোগানকাৰি কোম্পানীৰ সৈতে অতি নুন্যতম পৰিমাণত AMC ল'ব পাৰে।

- হিচাপ অনুসৰি প্ৰায় ডেৰ বছৰত আপোনাৰ মূলধন ঘুৰি আহিব।
- আপোনাৰ সকলো বিভাগীয় কাম-কাজ, চুক্তি আদি যোগানকাৰি কোম্পানীয়ে কৰি দিব। আপোনাৰ কোনো দৌৰা-দৌৰি নাই।

সৌৰপেনেলৰ দ্বাৰা উৎপাদিত বিজুলী কেনেদৰে ব্যৱহাৰ হ'ব -
সৌৰপেনেলৰ মূল চালিকা শক্তি সূৰ্য্য। অৰ্থাৎ সূৰ্য্যৰ পোহৰ পেনেলত পৰিলে বিজুলী উৎপাদন হয়। এতিয়া প্ৰ্শ্ন উঠে আমাৰ অসমৰ দৰে সেমেকা ঠাইত য'ত গ্ৰীস্মকালত বহুসময়ত ৰ'দ নুলাই তেনে অৱস্থাত কি হ'ব? উত্তৰটো হ'ল, তেনে সময়ত বিজুলী উৎপাদন নহব। তেন্তে আমাৰ কি লাভ হ'ব? আচলতে এই সৌৰপেনেলবোৰৰ বাবে দৈনিক গড়ে ৪ ঘন্টাহে পিক (সৰ্বোচ্চ) আৱাৰ্চ। অৰ্থাৎ সৰ্বশক্তিৰে মুঠ চাৰি ঘন্টাহে বিজুলী উৎপাদন কৰে। আন্তৰাষ্ট্ৰীয় সূচক অনুসৰি পৃথিৱীৰ যিকোনো ঠাইত সৌৰপেনেলৰ বাবে বছৰত ৩৫০ দিন ধৰা হয় আৰু গড় হিচাপত ৪ ঘন্টাকে ( 3 KVA পেনেলৰ বাবে = 4 X 3 KWHr = 12 KWHr or Unit) মুঠ ১২ ইউনিট শক্তি উৎপাদন কৰাৰ ক্ষমতা ৰাখে। এখন 3 KVA পেনেলে বছৰি ৪২০০ ইউনিট উৎপাদন কৰে।

অংক এটা কৰো আহক, ধৰি লোৱা হ'ল, দিনৰ ১০ বজাৰ পৰা ১১ বজালৈ ১ ঘন্টাত আপোনাৰ 3 KVA পেনেলে ৩ ইউনিট উৎপাদন কৰিলে। আৰু এইখিনি সময়ত আপোনাৰ খৰচ হ'ল ১ ইউনিট। তেতিয়া কি হ'ব? বাকি ২ ইউনিট শক্তি আপোনাৰ ঘৰলৈ অহা APDCL ৰ বিজুলী সংযোগ ব্যৱস্থাৰে মূল গ্ৰীদলৈ গুচি যাব। তাৰমানে হ'ল আপোনাৰ ঘৰত উৎপাদিত বিজুলী আপোনাৰ ওচৰ চুবুৰীয়াই ব্যৱহাৰ কৰিব। তাত আপোনাৰ কি লাভ হ'ব? এইযে ২ ইউনিট আপুনি বিভাগীয় গ্ৰীডলৈ দিলে সেইখিনি আপোনাৰ মাহেকীয়া মুঠ ইউনিট খৰচৰ পৰা বিয়োগ কৰি আপোনাক বিল দিয়া হ'ব। গতিকে অংকটো হ'ব এনে ...

- ধৰি ললো মোৰ ৩০ দিনত খৰচ হয় ৪৫০ ইউনিট। মই দৈনিক গড়ে ১০ ইউনিট গ্ৰীডক দিলো, ৩০ দিনত মুঠ দিলো ৩০০ ইউনিট। মোৰ মাহেকীয়া বিল হ'ব ৪৫০ - ৩০০ = ১৫০ ইউনিট। মন কৰিব, সৌৰপেনেলৰ দ্বাৰা বিজুলী উৎপাদন হোৱা সময়ত আচলতে আমাৰ সিমান খৰচ নহয়; গতিকে উৎপাদিত বিজুলীৰ সিংহভাগ গ্ৰীডলৈ গুচি যাব আৰু তাৰ বিনিময়ত আপুনি লাভ কৰিব সেই পৰিমানৰ ৰেহাই। আমাৰ ঘৰতে সোমবাৰৰ পৰা শুক্ৰবাৰলৈ দিনৰ ৯ বজাৰ পৰা আবেলি ৩ বজালৈ কোনো নাথাকে। চলি থাকে কেৱল ফ্ৰীজটো আৰু হয়তো ৪০ ৱাটৰ এখন চিলিং ফেন... মোৰ দৰে বহুতৰে ঘৰত একেই অৱস্থা।

এটা বিশেষ মিটাৰৰ দ্বাৰা জোখা হ'ব আপোনাৰ কিমান ইউনিট গ্ৰীডলৈ গৈছে আৰু বিভাগে সেইমতে আপোনাৰ বিলত পৰিমান ধাৰ্য্য কৰিব।

ধন্যবাদ। সংগ্ৰহীত। ডিজিটেল তিনিচুকীয়া DIGITAL TINSUKIA
Read more:

Conclusion

💖 I this post i have made a post সৌৰশক্তিৰে বিজুলি উৎপাদন. I hope you have liked it and Please do share with your friends and follow our blog for more

if you have any questions please feel free to ask in comments section

Rate this Article

About the Author

Hi there, this is Admin. Who loves to write about Blogs, Poetry, Quizs related topic.

إرسال تعليق

অনুগ্ৰহ কৰি কমেন্ট কৰা আগত নিজৰ নাম উল্লেখ কৰিব, নতুবা গুগল একাউন্ট সৈতে লগইন হৈ লব তাৰ পিছক আপোনাৰ বহুমুলীয়া পৰামৰ্শ, যোগাযোগৰ লগতে লেখনি প্ৰকাশ সম্পৰ্কীয় কমেণ্ট দিব পাৰিব । ধন্যবাদ।
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.