300+ এটা শব্দত প্ৰকাশ কৰা - অসমীয়া ভাষাত - Expression in one word - In Assamese Language

এটা শব্দত প্ৰকাশ কৰা ডিজিটেল তিনিচুকীয়া অসমীয়া ভাষাত এটা শব্দত প্ৰকাশ কৰা digitaltinsukia.in digitaltinsukia DIGITALTINSUKIA DIGITAL TINSUKIA

ATA SOBDOT PROKASH KORA
এটা শব্দত প্ৰকাশ কৰা


অসমীয়া ভাষাত এটা শব্দত প্ৰকাশ কৰা

1 ) অ’ত ত’ত ঘুৰি ফুৰা লোক, যাৰ ঘৰ বাৰী নাই = অঘৰী

2 ) আগে আগে গমন কৰে যি = অগ্ৰগামী

3 ) আনৰ দোষ দেখা স্বভাৱ = অসূয়া

4 ) আনৰ ভাল দেখিব নোৱাৰা = চকুচৰহা,পৰশ্ৰীকাতৰ

5 ) আহাৰ জীৰ্ণ নোযোৱা কাৰণে হোৱা বেমাৰ = অজীৰ্ণ

6 ) ঈশ্বৰক বিশ্বাস নকৰা লোক = নাস্তিক

7 ) উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা লোক = কৃতঘ্ন

8 ) একে গুৰুৰ শিষ্য = হৰিভকত, সতীৰ্থ

9 ) একে মাকৰ সন্তান = সহোদৰ, সোদৰ

10 ) একে শ্ৰেণীতে পঢ়া = সহপাঠী

11 ) একে সময়তে হোৱা = সমসাময়িক

12 ) একেজন গুৰুৰে শিষ্য = সতীৰ্থ

13 ) এটা সন্তান হোৱাৰপৰা আন এটা হোৱালৈকে সময় = আনজ

14 ) এবাৰ ফল দি মৰা গছ = ওষধি

15 ) কঁঠালৰ সৰু কলি = মুচি

16 ) ককাৰ দেউতাক = আজোককা

17 ) কথাৰ লাগ-বান্ধ নথকা লোক = চেলেপু

18 ) কবনলগীয়া কথা; যাক কব নোৱাৰি = অবাচ্য

19 ) কবিতা লেখা মানুহ = কবি

20 ) কাঁহৰ সামগ্ৰী তৈয়াৰ কৰা লোক = কঁহাৰ

21 ) কাপোৰ বব জনা তিৰোতা = শিপীনী

22 ) কাম কৰিবলৈ এলাহ কৰা মানুহ = এলেহুৱা

23 ) কাৰো নাম নোলোৱাকৈ দিয়া গালি, নাম নধৰাকৈ দিয়া গালি = গুৱালগালি

24 ) কাৰো লগত মিলিব নোৱাৰা লোক = অজীনপাতকী

25 ) কাৱৈ মাছৰ সৰু পোৱালী = কাৱৈচোকোৰা, কাৱৈতিলা

26 ) কোনো কথা কবলৈ পঠোৱা বিশ্বাসী মানুহ = দ্ৰুত

27 ) কোনো কথাৰ নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ = সঁজাতী

28 ) কোনো কাৰ্য কৰিবলৈ স্থিৰ কৰা = কৃতসংকল্প

29 ) খাবলৈ অনা সৰু কলপুলি = পচলা

30 ) খাৰণি সনা সৰিহৰ গুৰি = খাৰলি

31 ) খেলা ধুলা কৰা লোক = খেলুৱৈ

32 ) গৰু চৰোৱা লোক = গৰখীয়া

33 ) গৰু বন্ধা ঘৰ = গোহালি

34 ) গৰৈ মাছৰ সৰু পনা = গৰৈচিৰিকা

35 ) গাঁৱৰ মুখিয়াল ব্যক্তি = গাঁওবুঢ়া

36 ) গাখীৰ ,মিঠাই বেচা মানুহক = ?

37 ) গান গোৱা লোক = গায়ক

38 ) গুৰি সৰিয়হেৰে কৰা খাদ্য,  ৰ’দত শুকোৱা সৰিয়হৰ শুকান বঁটা = কাঁহুদি

39 ) গোচৰ তৰা মানুহ = গোচৰীয়া

40 ) গোটেই জীৱন জুৰি = অজীৱন

41 ) ঘৰৰ চালৰ পানী পৰা ঠাই = পানী পচা

42 ) ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰা তিৰোতা = পোহাৰী

43 ) ঘোঁৰা বন্ধা ঘৰ = অস্তাবল

44 ) চিকিৎসা কৰা লোক = চিকিৎসক

45 ) চিঠি বিলাই ফুৰা মানুহ = পিয়ন

46 ) চুহি খোৱা বস্তু = ?

47 ) চোবাই খোৱা বস্তু = চৰ্ব্য

48 ) ছবি অঁকা মানুহ = চিত্ৰকাৰ, শিল্পী

49 ) জন্তুৰ ঘাঁহ যোগান ধৰা মানুহ = ?

50 ) জন্তুৰ নিচিনা যি = জান্তব

51 ) জন্মৰ পৰা অন্ধ যি = জন্মান্ধ

52 ) জল আৰু স্থল উভয়তে চৰে যি = উভচৰ

53 ) জিভাৰে চেলেকি চাব পৰা বস্তু = লেহ্য

54 ) জুই ধৰি ৰখা ঠাই = জুহাল

55 ) তাৱৈৰ ঘৈণীয়েক = আমৈ

56 ) দৰমহা নোলোৱাকৈ কৰা কাম = অবৈতনিক

57 ) দাঁত ওলোৱা হাতী = দঁতাল

58 ) দুই ঘৰৰ মাজৰ ঠাই = দোঘোৰা

59 ) দুই বছৰৰ মূৰত পোৱালি দিয়া গাই = দুৰচী;দোৰাহী

60 ) দুটা মাহৰ মাজৰ দিন = দোমাহী, সংক্ৰান্তি

61 ) দুয়োটা চকুৰে নেদেখা লোক = অন্ধ

62 ) দেউতাকৰ সখিয়েক, বাপেকৰ সখিয়েক = তাৱৈ

63 ) দেউতাৰ ভনীয়েক = পেহী

64 ) দেৱতাৰ গুণ সমৃদ্ধ = দৈৱীয়

65 ) দেশক ভাল পোৱা মানুহ = দেশভক্ত

66 ) দেশৰ অপকাৰ কৰা মানুহ = দেশদ্ৰোহী

67 ) দেশৰ বাবে মৃত্যুবৰণ কৰা লোক = শ্বহীদ

68 ) ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো কে সমান দেখা জন = ইশ্বৰ

69 ) ধান খেতি কৰা ঠাই = ধাননি

70 ) ধান থোৱা ঠাই, যি ঘৰত ধান থয় = ভঁৰাল

71 ) ধানৰ বাকলি = তুঁহ

72 ) নাও বনোৱা মানুহ = ?

73 ) নাটক লিখা মানুহ = নাট্যকাৰ

74 ) নাম গোৱা তিৰোতা = নামতী

75 ) নাম নিদিয়াকৈ দিয়া = বেনামী

76 ) নাৱত উঠি ব্যৱসায় কৰা লোক = মুদৈ

77 ) নিজৰ ওপজা ঠাই = জন্মভূমি

78 ) নিজে নিজে হোৱা = স্বয়ম্ভূ

79 ) নোহোৱা বস্তু উদ্ভাৱন কৰোতা = আৱিষ্কাৰক

80 ) নোহোৱা বস্তু সৃষ্টি কৰা = উদ্ভাৱন

81 ) নোহোৱা বস্তুৰ উদ্ভাৱন = আৱিস্কাৰ

82 ) পকী ঘৰ নিৰ্মাণ কৰা লোক = ৰাজমিস্তিৰি

83 ) পনীয়া গাখীৰ দিয়া গাই = জলাহী

84 ) পি খোৱা বস্তু = পেয়

85 ) পিছে পিছে গমন কৰে যি = অনুগামী

86 ) পুৱাই নাম ল’বলগীয়া, ৰাতিপুৱাই স্মৰণ কৰাৰ যোগ্য, যাৰ নাম ৰাতিপুৱাই স্মৰণ কৰা উচিত = প্ৰাতঃস্মৰণীয়

87 ) পূৰ্ব জন্মৰ কথা যাৰ মনত আছে = জাতিস্মৰ

88 ) প্ৰাণক পণ কৰি = প্ৰাণপণে

89 ) ফুল থোৱা পাত্ৰ = ফুলদানি

90 ) ফুল নুফুলাকৈ গুটি হোৱা গছ = বনস্পতি

91 ) বটা সাৰিয়হেৰে কৰা চাট্নি = কাহুঁদি

92 ) বধ কৰিবৰ ইচ্ছা = জিঘাংসা

93 ) বৰষুণ নোহোৱা বতৰ = খৰাং

94 ) বস্তু বেচা কিনা কৰা ঠাই = বজাৰ

95 ) বহুত মানুহ একেলগে যোৱা = সমদল

96 ) বহুতৰ মাজত প্ৰধান = শ্ৰেষ্ঠ

97 ) বহুতো ল'ৰা ছোৱালী একেলগে পঢ়া ঘৰ, য’ত বহুতো ল’ৰা– ছোৱালীয়ে পঢ়ে = পঢ়াশালি

98 ) বাঁহ-গাজ খুন্দি তৈয়াৰ কৰা খাদ্য-বস্তু = খৰিচা

99 ) বাটে বাটে যোৱা মানুহ = বাটৰুৱা

100 ) বিদেশৰপৰা অহা লোক = বিদেশী

101 ) বিদ্যা শিক্ষা কৰা ঘৰ = বিদ্যালয়

102 ) বিপদৰ সময়ত ওলোৱা বুদ্ধি = প্ৰত্যু্ৎপন্নমতি

103 ) বিহুৰ আগ দিনা = উৰুকা

104 ) বুকুৰে বগাই যোৱা প্ৰাণী = সৰীসৃপ

105 ) ভৱিষ্যত চিন্তা কৰিব পৰা লোক = দূৰদৰ্শী

106 ) ভিক্ষা কৰে যি, যি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে = ভিক্ষাৰী

107 ) ভেকুলীৰ পোৱালি, ঠেং নথকা ভেকুলীৰ পোৱালি = লালুকি

108 ) মাগিলেও ভিক্ষা নোপোৱা সময় = দুৰ্ভিক্ষ

109 ) মাগুৰ মাছৰ সৰু = মাগুৰজালি

110 ) মাছ মৰা লোক = মাছুৱৈ

111 ) মাছৰ পোৱালি = পোনা

112 ) মাটিৰ নিচেই সৰু টেকেলি = ভুৰুকা

113 ) মাটিৰ বাচন বৰ্তন তৈয়াৰ কৰা লোক = কুমাৰ

114 ) মাটিৰে তৈয়াৰী শিল্পকৰ্ম = মৃৎশিল্প

115 ) মাৰ ভনীয়েক = মাহী

116 ) মাৰ সতিনীয়েক = বিমাতা

117 ) মিলি নোহোৱা গুৰি বা বস্তুৰ লগত থকা আধাখুন্দা গুৰি = খৰচি

118 ) মেলত যি পাৰ্গত = মেলেকী

119 ) য’ত কোনো মানুহ নাই = জনশূন্য

120 ) 'ত কোনো মানুহ নাই = নিৰ্জন

121 ) যত মানুহ বেছি = জন-বহুল

122 ) 'ত যাব নোৱাৰি,  য’লৈ যোৱা কষ্টসাধ্য = দুৰ্গম

123 ) 'ত যাব পাৰি = সুগম

124 ) যাক আগতে শুনা নাই = অশ্ৰুতপূৰ্ব

125 ) যাক কথাৰে প্ৰকাশ কৰিব নোৱাৰি = অনিৰ্বচনীয়

126 ) যাক কল্পনা কৰিব নোৱাৰি = কল্পনাতীত, অকল্পনাতীত

127 ) যাক কোনেও নাজানে = অখ্যাত; অজ্ঞাত

128 ) যাক গণনা কৰিব নোৱাৰি = অগণন

129 ) যাক দিব পৰা নাযায় = অদেয়

130 ) যাক দিব পৰা নাযায় = অদেয়

131 ) যাক দেখা নাযায় = অদৃশ্য

132 ) যাক নিমিষতে ভঙ্গ কৰিব পাৰি = ক্ষণভঙ্গুৰ

133 ) যাক পৰিত্যাগ কৰিব নোৱাৰি = অপৰিহাৰ্য

134 ) যাক বধ কৰিব পৰা নাযায়, যাক বধ কৰা অনুচিত = অবধ্য

135 ) যাক বৰ্ণনা কৰিব নোৱাৰি = অবৰ্ণনীয়

136 ) যাক বাৰণ কৰিব নোৱাৰি, যাক নিধাৰণ কৰিব নোবাৰি = অনিবাৰ্য

137 ) যাক বুজিব পাৰি = বোধগম্য

138 ) যাক ভেদ কৰিব নোৱাৰে = অভেদ্য

139 ) যাক মূল্য দি কিনিব নোৱাৰে, অশেষ মূল্য যাৰ = অমূল্য

140 ) যাক লংঘন কৰিব নোৱাৰি = অলংঘ্য

141 ) যাক শুনিব নোৱাৰি = অশ্ৰাব্য

142 ) যাক সকলোৱে জানে = বিখ্যাত

143 ) যাক সহজতে ভাঙিব পাৰে = ভংণ্ডৰ

144 ) যাক সহজতে লাভ কৰা যায়, যাক সহজে পোৱা যায় = সুলভ

145 ) যাক সহজে ভেদ কৰিব নোৱাৰে = দুৰ্ভেদ্য

146 ) যাক সহজে লাভ কৰিব নোৱাৰি = দুৰ্লভ

147 ) যাৰ অন্ত নাই = অনন্ত

148 ) যাৰ আগত জন্ম = অগ্ৰজ

149 ) যাৰ আগমন আহ্বান কৰা হয় = স্বাগত

150 ) যাৰ আদি নাই = অনাদি

151 ) যাৰ আশ্ৰয় নাই = নিৰাশ্ৰয়

152 ) যাৰ ঋণ আছে = ঋণী

153 ) যাৰ একো নাই = নিঃস্ব

154 ) যাৰ ওপৰত গোচৰ তৰে = পদকীয়া

155 ) যাৰ কথাৰ লাগ বান্ধ নাই = লপা, চেলেপু

156 ) যাৰ কথাৰ সাঁচ নাই = লগা

157 ) যাৰ কুল আৰু শীল জনা নাযায় = অজ্ঞাতকুলশীল

158 ) যাৰ কোনো নাই = অনাথ

159 ) যাৰ জন্ম নাই = অজ

160 ) যাৰ জ্ঞান আছে = জ্ঞানী

161 ) যাৰ ধন আছে = ধনী

162 ) যাৰ ধৰ্মত মতি আছে = ধৰ্মপৰায়ণ

163 ) যাৰ ধৰ্মলৈ ভয় আছে = ধৰ্মভীৰু

164 ) যাৰ ধাৰ আছে = ধৰুৱা

165 ) যাৰ নাম নাই = অনামী

166 ) যাৰ পিছত জন্ম = অনুজ

167 ) যাৰ পূৰ্বজন্মৰ কথা মনত আছে = জাতিষ্মৰ

168 ) যাৰ বিবেচনা শক্তি নাই = অবিবেচক

169 ) যাৰ বিয়া হৈছে = বিবাহিত

170 ) যাৰ বিয়া হোৱা নাই = অবিবাহিত;আবিয়ৈ

171 ) যাৰ ভয় আছে = ভয়াতুৰ

172 ) যাৰ মৰণ নাই = অমৰ

173 ) যাৰ মৰো মৰো অৱস্থা,  যি মৰো মৰো অৱস্থা হৈছে = মূমূৰ্ষ

174 ) যাৰ মাক পিতাক মৰিছে = মাউৰা

175 ) যাৰ মান আছে = মানী

176 ) যাৰ মূৰত চুলি নাই = তপা

177 ) যাৰ শত্ৰু নাই = অজাতশত্ৰু

178 ) যাৰ সকলো বস্তু অঁটাকে আছে = আটন্তিয়াৰ

179 ) যাৰ সাহস আছে, সাহ যাৰ আছে = সাহসী

180 ) যাৰ সীমা আছে বা যি সামাবদ্ধ = সসীম

181 ) যাৰ সীমা নাই = অসীম

182 ) যাৰ হাত আঁঠৰ তললৈকে পৰা, আঁঠুলৈ বৈ পৰা = আজানুলম্বিত

183 ) যাৰ হাত আঁঠুলৈ আহে = অজানুলম্বিত

184 ) যি অইন ফালে মন দিয়ে = অন্যমনস্ক

185 ) যি অনাই বনাই ঘূৰি ফুৰে = যাযাবৰ

186 ) যি অলপতে শুনে = শহাকণীয়া

187 ) যি আগতে হৈছে বা ঘটিছে = ভূতপূৰ্ব

188 ) যি আগতে হোৱা নাই বা ঘটা নাই = অভূতপূৰ্ব

189 ) যি আনৰ অধীন = পৰাধীন

190 ) যি আনৰ অধীন নহয় = স্বাধীন

191 ) যি আনৰ ওপৰত নিৰ্ভৰ কৰে = পৰনিৰ্ভৰশীল

192 ) যি আনৰ বস্তু বলেৰে নিয়ে = ডকাইত

193 ) যি আনৰ মুখলৈ চাই থাকে = পৰমুখাপেক্ষী

194 ) যি আনৰ হিতৰ কথা ভাৱে = পৰহিতৈষী

195 ) যি আনলৈ মন দি থাকে = ?

196 ) যি ইন্দ্ৰিয়ক দমন কৰিছে = জিতেন্দ্ৰিয়

197 ) যি ঈশ্বৰক বিশ্বাসী, ঈশ্বৰক বিশ্বাস কৰা লোক = আস্তিক

198 ) যি উপকাৰ কৰে = উপকাৰী

199 ) যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে, উপকাৰীৰ উপকাৰ স্বীকাৰ কৰা লোক = কৃতজ্ঞ

200 ) যি এই লোকৰ নহয় = অলৌকিক

201 ) যি একো নাজানে = অজ্ঞ

202 ) যি এটা চকুৰে নেদেখে = কণা

203 ) যি কণীৰপৰা জন্মে = অণ্ডজ

204 ) যি কথা ক'ব জানে; কথা সজাই ক'ব পৰা লোক = কথাচহকী

205 ) যি কথা কব নোৱাৰে = মুক; বোবা

206 ) যি কথা কোৱা উচিত = বক্তব্য; বচনীয়

207 ) যি কথা জনা নাযায় = অজ্ঞাত

208 ) যি কথা বিশ্বাস কৰিব নোৱাৰি = অবিশ্বাস্য

209 ) যি কথা লগাই ফুৰে = খলুৱা

210 ) যি কথাৰ অৰ্থ নাই = অৰ্থহীন নিৰৰ্থক

211 ) যি কম কথা কয় = মিতভাষী

212 ) যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে = কিংকৰ্তব্যবিমূঢ়, হতবুদ্ধি

213 ) যি কষ্ট সহিব পাৰে = কষ্টসহিষ্ণু

214 ) যি কাম কৰা উচিত = কৰ্তব্য

215 ) যি কাম কাজত পাকৈত = কাজী

216 ) যি কাৰো পক্ষত নাথাকে, যি কাৰো পক্ষৰ বা ফলীয়া নহয় = নিৰপেক্ষ

217 ) যি কাৰো লগত মিলিব নোৱাৰে = অজীন-পাতকী

218 ) যি কেবল নিজৰ কথা ভাৱে = স্বাৰ্থপৰ; আপোনপেটা

219 ) যি কোনো কাম কৰিব নোৱাৰে = অকৰ্মণ্য

220 ) যি খুউব বেছি দীঘল নহয় = নাতিদীৰ্ঘ

221 ) যি খুজি মাগি খায় = খোজনীয়া; মগনিয়া

222 ) যি গৰমো নহয় ঠাণ্ডাও নহয় = কুহুমীয়া

223 ) যি গাঁৱত থাকে = গাঁৱলীয়া

224 ) যি গুণীৰ গুণ বুজে = গুণগ্ৰাহী

225 ) যি গোচৰ তৰে = গুচৰীয়া

226 ) যি গোন্ধ ভাল = সুগন্ধ

227 ) যি ঘৰত ওপজে = ঘৰ-ওপজা

228 ) যি জন কৰ্মত বীৰৰ তুল্য = কৰ্মবীৰ

229 ) যি জন সাহিত্যত সম্ৰাটৰ তুল্য = সাহিত্য-সম্ৰাট

230 ) যি জনে বিয়া কৰোৱা নাই = আবিয়ৈ

231 ) যি জন্ম হয় মৃত্যু বৰণ কৰে = ?

232 ) যি জলত চৰে = জলচৰ

233 ) যি জানিবলৈ ইচ্ছা কৰে,  যি জানিব খোজে বা জানিবলৈ আগ্ৰহী = জিজ্ঞাসু

234 ) যি ঠাই অতি কষ্টেৰে লঙঘন কৰা যায় = দুৰ্লংঘ্য

235 ) যি ঠাইত অতি ঠাণ্ডাও নহয় গৰমো নহয়, যি বতৰ শীতো নহয় উষ্ণও নহয় = নাতিশীতোষ্ণ

236 ) যি ঠাইত পূজা কৰা হয় = মন্দিৰ

237 ) যি তিনিও কালৰ কথা জানে = ত্ৰিকালজ্ঞ

238 ) যি তিৰোতাই ধান দায় = দাৱনী

239 ) যি তিৰোতাই ধান ৰোৱে = ৰোৱনী

240 ) যি তিৰোতাৰ পুৰুষ মৰিছে = বিধৱা

241 ) যি দিনত এবাৰ মাত্ৰ আহাৰ কৰে = একাহাৰী

242 ) যি দিনত নেদেখে = দিনকণা

243 ) যি দুই হাত সমানে চলাব পাৰে = সব্যসাচী

244 ) যি ধন খৰচ নকৰে = কৃপণ

245 ) যি নগৰত থাকে = নগৰীয়া

246 ) যি নানা অভাৱত থাকে = অভাৱী

247 ) যি নিজকে পণ্ডিত বুলি ভাৱে = পণ্ডিতমন্য

248 ) যি নিজৰ ওপৰত নিৰ্ভৰ কৰে = আত্মনিৰ্ভৰশীল; স্বাৱলম্বী

249 ) যি নিজৰ পেটলৈহে চিন্তা কৰে = স্বাৰ্থপৰ

250 ) যি নিয়মমতে খৰচ নকৰে = অমিতব্যয়ী

251 ) যি নিয়মমতে খৰচ কৰে, যি জনে নিয়মমতে খৰচ কৰে = মিতব্যয়ী

252 ) যি নিশা চৰে = নিশাচৰ

253 ) যি পথৰ পৰা বিচলিত = পথভ্ৰষ্ট

254 ) যি পৰিণাম চিন্তা কৰি কাম কৰে = পৰিণামদৰ্শী

255 ) যি পুৰি নাযায় = অদাহ্য

256 ) যি পুৰুষ ভয়াতুৰ = কাপুৰুষ

257 ) যি পুৰুষৰ ঘৈণীয়েক মৰিছে = বৰলা

258 ) যি পুৰুষৰ তিৰোতা মৰিছে = বৰলা; বিপত্নীক

259 ) যি পুৰুষে বিয়া কৰোৱা নাই = অকিঞ্চন

260 ) যি ফল কাঁচাও নহয় পকাও নহয় = ডাহেচীয়া

261 ) যি বনত ওপজে = বনজ

262 ) যি বস্তু দিব পৰা নাযায় = ?

263 ) যি বহুত কথা কয় = বহুবল্কী

264 ) যি বাঢ়িবলৈ ধৰিছে = বৰ্দ্ধিষ্ণু

265 ) যি বাঢ়িবলৈ ধৰে = বৰ্ধিষ্ণু

266 ) যি বাহ বেতৰ কাম কৰে = ?

267 ) যি বিদেশত থাকে,  যি পৰৰ ঠাইত বাস পৰে = প্ৰবাসী

268 ) যি বিদ্যালাভ কৰিছে = কৃতবিদ্য

269 ) যি বিধিসন্মত = বৈধ

270 ) যি বিশ্বজনৰ বাবে ভাল = বিশ্বজনীন

271 ) যি বিষ্ণুক উপাসনা কৰে, বিষ্ণুক উপাসনা কৰা লোক = বৈষ্ণৱ

272 ) যি ভবিষ্যত চিন্তা কৰিব নোৱাৰে = অদূৰদৰ্শী

273 ) যি ভয় নকৰে = নিৰ্ভীক

274 ) যি ভাষাত পাৰ্গত = ভাষাবিদ্

275 ) যি মাছ-মাংস খায় = আমিষাহাৰী

276 ) যি মাছ-মাংস নাখায় = নিৰামিষাহাৰী

277 ) যি মাটি ফুটি ওলায় = উদ্ভিদ

278 ) যি মাটিত সাৰ নাই = অসাৰুৱা

279 ) যি মাটিৰ উৎপাদিকা শক্তি নাই = অনুৰ্বৰ

280 ) যি মাটিৰে নিৰ্মান = মৃন্ময়

281 ) যি মাতৃৰ এটি মাত্ৰ সন্তান = কাকবন্ধ্যা

282 ) যি মিছা কথা কয় = মিছলীয়া

283 ) যি যোগৰপৰা ভ্ৰষ্ট হৈছে = যোগভ্ৰষ্ট

284 ) যি ৰাতি নেদেখে, গধুলি চকুৰে নেদেখা মানুহ = কুকুৰীকণা

285 ) যি ৰাতি ফুলে = ?

286 ) যি শক্তিক উপাসনা কৰে, শক্তিক উপাসনা কৰা লোক = শাক্ত

287 ) যি শিৱক উপাসনা কৰে, শিৱক উপাসনা কৰা লোক = শৈৱ

288 ) যি শুনাও নাপায়; কথাও ক'ব নোৱাৰে = মুকবধিৰ

289 ) যি সঁচা কথা কয় = সত্যবাদী

290 ) যি সকলো জানে = সৰ্বজ্ঞ; সৰ্বজান

291 ) যি সকলোৰে মাজত প্ৰিয় = লোকপ্ৰিয়

292 ) যি সমাপ্ত হোৱা নাই = অসমাপ্ত

293 ) যি সৰ্বাংগ ব্যাপি আছে = সৰ্বাংগীণ

294 ) যি সহজে জীণ নাযায় = অজীৰ্ণ; গুৰুপাকী

295 ) যি সহ্য কৰিব পাৰে = সহনশীল, সহিষ্ণু

296 ) যি স্থলত চৰে = স্থলচৰ

297 ) যিটো সুধিবলগীয়া = জিজ্ঞাস্য

298 ) যোৱাৰ উচিত বা যোগ্য = গন্তব্য; গমনীয়

299 ) ৰিপুক জয় কৰে যি = ৰিপুঞ্জয়

300 ) ৰৌ মাছৰ সৰু = ৰৌমণি

301 ) লোকক দেখি পাছত যি কৰা যায় = অনুকৰণ

302 ) লোকক দেখি পিছে পিছে যোৱা = অনুসৰণ

303 ) লোকৰপৰা পোৱা নিন্দা = লোকনিন্দা

304 ) লোৰ সামগ্ৰী তৈয়াৰ কৰা লোক = কমাৰ

305 ) শ’ল মাছৰ সৰু = শ’লঠাৰি

306 ) শত্ৰুক জয় কৰে যি = শত্ৰুঞ্জয়

307 ) শৰৎ কালত হোৱা = শাৰদীয়

308 ) শাক পাচলি কৰা ঠাই = শাকনি

309 ) শাৰীৰিকভাৱে অক্ষম যি = প্ৰতিবন্ধী

310 ) শিং নথকা গৰু = লাওমূৰা

311 ) সকলোকে সমানভাৱে দেখা = সমদৰ্শী

312 ) সহজে যি জীণ যায় = লঘুপাকী

313 ) সোণ ৰূপৰ অলংকাৰ তৈয়াৰ কৰা লোক = স্বৰ্ণকাৰ; সোণাৰী

314 ) স্কুলত পঢ়া ল'ৰা ছোৱালী = ছাত্ৰ-ছাত্ৰী

315 ) স্বামী থকা তিৰোতা = সধৱা; আয়তী

316 ) স্মৰণ কৰিবলগীয়া = স্মৰণীয়

317 ) হঠাতে হোৱা যি ঘটনা = আকস্মিক

318 ) হাতী চৰোৱা লোক = মাউত

319 ) হাল বোৱা গৰু = বলধ


সকলোৰে সুবিধা হোৱাকৈ আগলৈ আৰু যোগ দিয়াৰ মানসেৰে.....। আপুনিও যদি যোগ দিব বিচাৰে কমেন্ট বাকচত দিব পাৰিব।


ধন্যবাদ। সংগ্ৰহীত। ডিজিটেল তিনিচুকীয়া DIGITAL TINSUKIA





Read more:

Conclusion

💖 I this post i have made a post 300+ এটা শব্দত প্ৰকাশ কৰা - অসমীয়া ভাষাত - Expression in one word - In Assamese Language. I hope you have liked it and Please do share with your friends and follow our blog for more

if you have any questions please feel free to ask in comments section

Rate this Article

About the Author

Hi there, this is Admin. Who loves to write about Blogs, Poetry, Quizs related topic.

2 comments

  1. nice post !!! I'm From Rodali Online ❤️
    1. Thanks Rodali Online
অনুগ্ৰহ কৰি কমেন্ট কৰা আগত নিজৰ নাম উল্লেখ কৰিব, নতুবা গুগল একাউন্ট সৈতে লগইন হৈ লব তাৰ পিছক আপোনাৰ বহুমুলীয়া পৰামৰ্শ, যোগাযোগৰ লগতে লেখনি প্ৰকাশ সম্পৰ্কীয় কমেণ্ট দিব পাৰিব । ধন্যবাদ।
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.