তুলসী গছৰ ঔষধি গুণ

তুলসী গছৰ ঔষধি গুণ জ্বৰ হ’লে তুলসী পাত পঁছিশটা, জালুক পোন্ধৰ টা, আদা অলপ, দালচেনি অলপ ঠেটেলিয়াই এগিলাচ পানীত উতলাই ছেকি লৈ দিনে চাৰিবাৰ খালে জ্বৰ ভাল হয়। মেলেৰিয়া জ্বৰ হ’লে তুলসী পাত পোন্ধৰ টা আৰু জালুক দহটা মিলাই খালে জ্বৰ ভাল হয়। জ্বৰ ভাল হ’লেও পুৱা গধুলি এনেকৈ কিছুদিন খাই থাকিব লাগে। তেতিয়া পুনৰ জ্বৰ নহয়। হেকোঁটি বহু সময় ধৰি আহি থাকিলে তুলসী ৰস দুচামোচত মৌ এচামুচ মিলাই তিনিবাৰ খাব লাগে। কাণৰ বিষ হ’লে তুলসী ৰস অকণ গৰম কৰি কৰ্পূৰ অকণ মিলাই দুটোপাল দিলে বিষ নাইকিয়া হয়। কাণেৰে কমকৈ শুনা হ’লে পাতৰ ৰস অকণ গৰম কৰি সদায় কিছুদিন কাণত দিব লাগে।
তুলসী গছৰ ঔষধি গুণ

জ্বৰ হ’লে তুলসী পাত পঁছিশটা, জালুক পোন্ধৰ টা, আদা অলপ, দালচেনি অলপ ঠেটেলিয়াই এগিলাচ পানীত উতলাই ছেকি লৈ দিনে চাৰিবাৰ খালে জ্বৰ ভাল হয়।

মেলেৰিয়া জ্বৰ হ’লে তুলসী পাত পোন্ধৰ টা আৰু জালুক দহটা মিলাই খালে জ্বৰ ভাল হয়। জ্বৰ ভাল হ’লেও পুৱা গধুলি এনেকৈ কিছুদিন খাই থাকিব লাগে। তেতিয়া পুনৰ জ্বৰ নহয়।

হেকোঁটি বহু সময় ধৰি আহি থাকিলে তুলসী ৰস দুচামোচত মৌ এচামুচ মিলাই তিনিবাৰ খাব লাগে।

কাণৰ বিষ হ’লে তুলসী ৰস অকণ গৰম কৰি কৰ্পূৰ অকণ মিলাই দুটোপাল দিলে বিষ নাইকিয়া হয়।

কাণেৰে কমকৈ শুনা হ’লে পাতৰ ৰস অকণ গৰম কৰি সদায় কিছুদিন কাণত দিব লাগে।

খজুৱতি, শালমন, ক’লা দাগ ত নেমু ৰস আৰু তুলসী পাতৰ ৰস মিলাই সানিব লাগে।

খৰ হ’লে তুলসী পাত পিহি নিমখ মিলাই খৰত একেৰাহে দুবাৰকৈ পোন্ধৰ দিন লগাব।

মূৰ ঘূৰোৱা আৰু বমি অহাত তুলসী ৰস আৰু মৌ মিলাই খাব লাগে।

মূৰৰ বিষত তুলসী পাত বটি কপালত লেপ দিব লাগে।

নাকেৰে তেজ ওলালে তুলসী ৰস নাকেৰে উজালে ভাল হয়।

নাকেৰে দুৰ্গন্ধ ওলালে তুলসী ৰস নাকেৰে উজাব লাগে।

মুখেৰে দুৰ্গন্ধ ওলালে তুলসী পাত চোবাব লাগে। বিশেষকৈ খাদ্য খোৱাৰ পিছত।

চুলিৰ দুৰ্গন্ধত তুলসী ৰস মূৰত সানিব লাগে।

কোনোবা ব্যক্তি অচেতন হ’লে তুলসী পাতৰ ৰস মূৰত মালিচ কৰিব লাগে আৰু ৰসত নিমখ মিলাই নাকত দুটোপাল দিব লাগে।

কাহ কফত তুলসী লং জালুক সমানকৈ লৈ পিহি সৰু সৰু বড়ি বনাই ৰ’দত শুকাই এটাকৈ দিনে চাৰিবাৰ খালে কফ নিঃসৰণ হয়। কাঁহ ভাল হয়।

ঘাঁ আৰু ফোঁহাত তুলসী পাত বটি লেপ দিব লাগে।

জুয়ে পুৰিলে তুলসী পাত পিহি নাৰিকল তেল অলপ মিলাই লেপ দিব লাগে।

জুয়ে পুৰি ঘাঁ হ’লে তুলসী পাত বটি লেপ দি থাকিলে ভাল হৈ যায়।

বগা দাগ:– তুলসী গছ এডাল শিপাৰে সৈতে উভালি ভালকৈ চাফা কৰি ধুই ল’ব। আধা লিটাৰকৈ পানী আৰু তিল বা সৰিয়হ তেল মিলাই এই তুলসী গছ ঠেটেলিয়াই উতলাব। উতলি উতলি পানী শুহি শেষত কেবল তেল ৰৈ গ’লে নমাই থ’ব। এই তেল কপাহেৰে দিনে চাৰিবাৰকৈ বগা দাগত লগালে বগা দাগবোৰ নোহোৱা হৈ যাব। সদায় আৰু বহুদিন লগাব লাগিব।

শিশুৰ পেট ফুলা বা জ্বৰ বা ছবন দৰৱ দি বা কাঁহ বা বমি হ’লে তুলসী পাতৰ ৰসত চেনি মিলাই এচামুচ খুৱাব লাগে।

অসময়ত চুলি পকিলে নাৰিকল তেলত তুলসী ৰস উতলাই সেই তেল চুলিত ব্যৱহাৰ কৰিলে পকা বন্ধ হয়।

তুলসী পাত সদায় পুৱা পুৱা খালে স্মৃতিশক্তি বাঢ়ে। বিভিন্ন ৰোগৰ পৰাও হাত সাৰি থাকিব পাৰি।

ৰাতি টোপনী নাহিলে বা কম নিদ্ৰাত শুৱাৰ আগত পাঁছটা মান তুলসী খাই কেইটামান গাৰুৰ আশে পাশে পেলাই শুব লাগে।

ডালিম, তুলসী, সিজু গছ থকা ঘৰত বজ্ৰপাত নপৰে। বজ্ৰপাতৰ পৰা ৰক্ষা পাবলৈ হ’লে তুলসীৰ মালা পৰিধান কৰিব লাগে। 

ধন্যবাদ। সংগ্ৰহীত। ডিজিটেল তিনিচুকীয়া DIGITAL TINSUKIA


Read more:

Conclusion

💖 I this post i have made a post তুলসী গছৰ ঔষধি গুণ. I hope you have liked it and Please do share with your friends and follow our blog for more

if you have any questions please feel free to ask in comments section

Rate this Article

About the Author

Hi there, this is Admin. Who loves to write about Blogs, Poetry, Quizs related topic.

1 comment

  1. Mojja hoise ..my brother
    Hunndor likhoni.....👌🏻👌🏻👌🏻👌🏻👌🏻
অনুগ্ৰহ কৰি কমেন্ট কৰা আগত নিজৰ নাম উল্লেখ কৰিব, নতুবা গুগল একাউন্ট সৈতে লগইন হৈ লব তাৰ পিছক আপোনাৰ বহুমুলীয়া পৰামৰ্শ, যোগাযোগৰ লগতে লেখনি প্ৰকাশ সম্পৰ্কীয় কমেণ্ট দিব পাৰিব । ধন্যবাদ।
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.