আমৰ ঔষধি গুণ

আমৰ ঔষধি গুণ, http://www.digitaltinsukia.in/আমৰ-ঔষধি-গুণ,
Mango
Mango

আম সকলোৰে বাবে এটা সুস্বাদু ফল। আমক ফলৰ ৰজা বুলি কোৱা হয়।আম খোৱাৰ উত্ত্ম সময় হৈছে দুপৰীয়া। আম সাধাৰণতে গ্ৰীষ্মৰ শেষ আৰু বৰ্ষা ঋতুত পকে যদিও ব’হাগৰপৰাই বজাৰত আম পোৱা যায়। ভাৰতবৰ্ষত প্ৰায় ১,০০০ প্ৰজাতিৰ আম পোৱা যায়।

আমৰ ঔষধি গুণ
  • পকা আম আমাৰ শৰীৰৰ বাবে বৰ উপকাৰী। পকা আম বীৰ্যবৰ্ধক, বায়ুনাশক, বলকাৰক, পুষ্টিকাৰক, তৃপ্তিজনক।
  • পকা পূৰঠ আমে হৃদযন্ত্ৰ সবল কৰে আৰু বীৰ্যবৰ্ধন কৰে। এটা পকা আমৰ ৰস ১৫০ গ্ৰাম গৰুৰ গাখীৰৰ লগত মিহলাই দিনটোত এবাৰকৈ খালে হৃদযন্ত্ৰ সবল হয়?
  • বাতপিত্ত নাশ কৰাত পকা আমে সহায় কৰে। 
  • পকা আম এৰাতি পানীত তিয়াই থৈ খালে বহুমূত্ৰ ৰোগ নিৰাময় হয়। এইদৰে ১০-১৫ দিন খাব লাগে। বাত পিত্ত ৰোগো নিৰাময় হয়।
  • বায়ু ৰোগ নাশ কৰিবলৈ দিনে অন্ততঃ দুটা পকা আম খাব লাগে। 
  • স্মৃতিশক্তি সবল কৰিবলৈ দিনে পকা আমৰ ৰসৰ লগত(একাপ) এচামুচ আদাৰ ৰস মিহলাই খাব লাগে। দিনে এবাৰ এমাহ ধৰি খাব লাগে।
  • অৰ্শ(Piles) বা কেঁচুমূৰীয়া ৰোগ আৰোগ্যৰ বাবে একাপ পকা আমৰ ৰসৰ লগত আধা কাপ দৈ মিহলাই দিনটোত এবাৰকৈ এসপ্তাহ খাব লাগে।
  • বহুমূত্ৰ ৰোগ, যক্ষ্মা ৰোগত ভোগা লোকে পকা আমৰ ৰস তিনি চামুচত এচামুচ মৌ মিহলাই খাব লাগে। দিনে এবাৰকৈ দহ দিন খাব লাগে।
  • কৃমি নাশ কৰিবলৈ আমৰ গুটিৰ চূৰ্ণ দুচামুচৰ লগত অলপ গৰম পানী মিহলাই ৰাতি শোৱাৰ আগত খাবলৈ দিলে সকলো ধৰণৰ কৃমি নাশ হয়। তিনি দিন খুৱাব লাগে।
  • বমি হ’লে আমৰ কুঁহিপাতৰ ৰস এচামুচ পৰিমাণে দিনে দুবাৰকৈ খুৱালে এদিনতে ভাল হয়।
  • পেটচলা বা ডায়েৰীয়া হ’লে আম গছৰ ছালৰ ৰস খুৱাব লাগে। দুচামুচকৈ দিনে দুবাৰকৈ দুদিন খুৱাব।
  • নাকেৰে তেজ ওলালে আমৰ মাজৰ শুকান শাহটো জুইত পুৰি তাৰ ধোঁৱা নাকেৰে শুঙিলে তেজ ওলোৱা বন্ধ হয়। এঁৱা ভগা ভাল হয়।
  • উচ্চ ৰক্তচাপত পকা আমৰ ৰস দিনে একাপ এসপ্তাহ খালে উচ্চ ৰক্তচাপ নিয়মীয়া হয়
  • কফৰ সমস্যাত আমৰ শিপাৰ ৰস খালে সুফল পোৱা যায় ।
  • ৰক্তস্ৰাৱ , অৰ্শ , গ্ৰহণী আদিৰ বাবে আমৰ ছাল উত্তম ঔষধ ।
  • আমৰ পাত খালে ত্ৰিদোষ নাশ হয় আৰু ই মল ৰোধক। 
  • আমৰ ফুল ৰুচিকৰ , শীতল , কফৰোধক । ইয়াৰ গুটিৰ ভিতৰৰ শাহ খিনি হৃদৰোগ আৰু বমিৰ বাবে উত্তম ঔষধ । 
  • আঘাত পোৱা ঠাইত আমাৰ পাত পুৰি চাই গুৰি কৰি লগাব লাগে , সোনকালে ঠিক হয় ।
  • অতিপাত গৰমৰ পৰা ৰক্ষা পাবলৈ হলে কেঁচা আম পুৰি মিচিৰিৰ লগত খাবা লাগে ।
  • কাহ হলে কেঁচা আম পুৰি খাব লাগে । 
  • বেছিকৈ পিয়াহ লাগি থাকিলে কেঁচা আম নিমখৰ লগত খালে পিয়াহ ভাব দূৰ হয় ।
  • পিত্ত ৰোগত জালুক আৰু মৌৰ লগত খালে সুফল পোৱা যায় । 
  • পকা আমে দৃষ্টি শক্তি বৃদ্ধি কৰাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে ।
  • ইয়াত থকা ভিটামিন – C য়ে ছালৰ বিভিন্ন সমস্যা দূৰ কৰাৰ লগতে ছাল সুন্দৰ আৰু নিমজ কৰি গঢ়ি তোলে । 
  • আম খালে তেজ পৰিষ্কাৰ হয় । 
  • আমৰ ৰসৰ লগত গাখীৰ মিহলাই খালে শৰীৰত বল বৃদ্ধি হয় । 
  • মধুমেহ ৰোগত আমৰ ৰস জামুৰ ৰসৰ লগত মিহলাই খালে সুফল পোৱা যায় । 
  • বায়ুৰ বিকাৰত আমৰ ৰস মৌৰ লগত মিহলাই খাব লাগে । 
  • টোপনি নহা লোকে আমৰ ৰস গাখীৰৰ সৈতে মিহলাই ৰাতি খালে ভাল টোপনি আহে । 
  • আমত থকা কেলচিয়ামে দাঁত আৰু হাড় মজবুত কৰে । 
  • গৰ্ভৱতী মহিলা আৰু শিশুৰ বাবে আম অতি উত্তম ফল ।
আম কেতিয়া খাৱ নালাগে
  • পকা আম ভোকত খাব নালাগে।
  • কেঁচা আম খালে ৰক্ত বিকাৰ, পিত্ত, বিষ, বায়ু ৰোগ উৎপন্ন হয়। পকা আম খালে কোনো অপকাৰ নহয়।
আমত পাৱ পৰা ভিটামিন সমূহ হল
কাৰ্বোহাইড্ৰেট- ৮৬.১%,
কেৰটিন- ৪৮০০ ইউনিট,

আঁহজাতীয় পদাৰ্থ- ১১%,

খাদ্যপ্ৰাণ ‘গ’- ৪০ মিলিগ্ৰাম।

ধন্যবাদ। সংগ্ৰহীত। ডিজিটেল তিনিচুকীয়া DIGITAL TINSUKIA


Read more:

Conclusion

💖 I this post i have made a post আমৰ ঔষধি গুণ. I hope you have liked it and Please do share with your friends and follow our blog for more

if you have any questions please feel free to ask in comments section

Rate this Article

About the Author

Hi there, this is Admin. Who loves to write about Blogs, Poetry, Quizs related topic.

إرسال تعليق

অনুগ্ৰহ কৰি কমেন্ট কৰা আগত নিজৰ নাম উল্লেখ কৰিব, নতুবা গুগল একাউন্ট সৈতে লগইন হৈ লব তাৰ পিছক আপোনাৰ বহুমুলীয়া পৰামৰ্শ, যোগাযোগৰ লগতে লেখনি প্ৰকাশ সম্পৰ্কীয় কমেণ্ট দিব পাৰিব । ধন্যবাদ।
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.