লংৰ ঔষধি গুণ

লংৰ ঔষধি গুণ ‘শব্দ’ নামক অনলাইন অভিধানমতে লং হ’ল মুখশুদ্ধিৰূপে বা দৰৱত ব্যৱহাৰ কৰা এবিধ গছৰ শুকান সুগন্ধি অংকুৰ ৷ অসমীয়াৰ দৰে নাগামিজটো ই লং নামেৰেই জনাজাত৷ ইংৰাজীত Clove বুলে৷ ইয়াৰ বৈজ্ঞানিক নাম হ’ল Syzygium aromaticum ৷ আৰবী ভাষাত কুৰান ফুল,চীনা ভাষাত ডিং জিয়াং,ৰুচ ভাষাত Gvozdika,হিন্দীত বুলে লৌংগ৷ গুজৰাটীত লভিংগ, মাৰাঠীত লবংগ, তামিলত কিৰাংপু , তেলেগুত লবংগালু ,মলয়ালমত গ্ৰামপু,পঞ্জাবীত মিৰাকা,ওৰিয়াত লবংগ আৰু বাংলাত লবঁগ নামেৰে জনাজাত ৷ অন্যান্য নাম কেইটিমান হ’ল-Caryophylli Flos, Caryophyllum, Caryophyllus aromaticus, Clou de Girofle ৷ কি কি লাগতিয়াল তত্ব ইয়াত থাকে ? প্ৰতি ১০০গ্ৰাম লঙত ৩৪গ্ৰাম ফাইবাৰ,৬৬গ্ৰাম কাৰ্বোহাইড্ৰেট, ৬গ্ৰাম প্ৰটিন, ১০২০মিলিগ্ৰাম প’টেচিয়াম,২৭৭মিলিগ্ৰাম চ’ডিয়াম,৩%ভিটামিন-এ , ৩%ভিটামিন-চি, ৪%ভিটামিন-কে, ৬৩% কেলচিয়াম, ৬৪%মেগনেচিয়াম, ৬৪% মেংগানিজ আৰু ৬৫%আইৰণ থাকে৷ তদুপৰি কম পৰিমানত ভিটামিন-ই থাকে৷ ইয়াৰ ওপৰিও লঙত থাকে ইউজিনল (Eugenol) নামৰ প্ৰাকৃতিক এন্টিঅক্সিডেন্ট৷ শৰীৰৰ অহিতকাৰী ফ্ৰি-ৰেডিকেল বিনষ্ট কৰাৰ ক্ষেত্ৰত ইউজিনল ভিটামিন-ইৰ তুলনাত ৫গুণ অধিক শক্তিশালী৷ লঙে কৰা উপকাৰিতাৰ তালিকা – অতি প্ৰাচীন কালৰ পৰাই আমাৰ দেশত নানাবিধ ঘৰুৱা চিকিৎসাত, ৰন্ধনশালত মছলা হিচাবে আৰু মুখশুদ্ধিৰ বাবে তামোল-পাণ-চুপাৰীৰ সৈতে ব্যৱহৃত হৈ আহিছে৷ আজিকালি ইয়াৰ প্ৰয়োগ বেকাৰীৰ বিস্কুট, কেক,জুলীয়া খাদ্য পদাৰ্থ আদিত সুগন্ধ আৰু উষ্মা আনিবলৈ কৰা হয়৷ ঘাইকৈ এচিয়া আৰু দক্ষিণ আমেৰিকাত লং উৎপাদন হয়৷ ইয়াৰ কলি,শুকান ফুল,পাত আৰু গছৰ অংশ বিশেষৰ পৰা ঔষধ আৰু তেল নিৰ্মাণ কৰা হয়৷ ইয়াৰ ওপৰিও টুথপেষ্ট,চাবুন,প্ৰসাধন সামগ্ৰী,আতৰ,লংযুক্ত চিগাৰেট (Kreteks) আদিতো লঙৰ প্ৰয়োগ হয়৷ ইয়াৰ বিভিন্ন উপযোগিতা তলত উল্লেখ কৰিলোঁ : – • দাঁতৰ বিষ – দাঁতৰ বিষৰ উপশম ঘটাবলৈ লংতেল ব্যৱহৃত হয়৷ লঙৰ তেলে দাঁতৰ আলুৰ সংক্ৰমণো কম কৰে৷ • মুখৰ দূৰ্গন্ধ দূৰ কৰা – লঙে মুখৰ ভিতৰত দূৰ্গন্ধ উৎপন্ন কৰা বেক্টেৰিয়াৰ বিনাশ ঘটায়৷ ইয়াৰ বাবে ২৷ ৩টা লং চোবাই খোৱাৰ ওপৰিও লং উতলোৱা কুহমীয়া গৰম পানীৰে কুলকুলি কৰিব পাৰে৷ • ওকালি আৰু বমি ভাৱ আতৰ কৰা – ইয়াৰ বাবে লং পিচি মৌজোলৰ সৈতে মিহলাই খাব পাৰি৷ লংতেলৰ গোন্ধ ৰুমালৰ দ্বাৰা লব পাৰি নাইবা লং সিজোৱা পানীও উপযোগী৷ • পাক প্ৰণালীৰ উপকাৰিতা – এচিডিটি,পেটৰ বিষ অজীৰ্ণ,বদহজমি আৰু বায়ুৰ সমস্যা লঙে আতৰ কৰে৷ ফাইবাৰে শৌচকচা আৰোগ্য কৰে৷ পাকস্থলীৰ ঘাঁ(Peptic ulcer)শুকুৱাত লং সহায়ক হয়৷ • লিভাৰৰ সুস্বাস্থ্যৰ বাবে উপযোগী – এন্টিঅক্সিডেন্ট ইউজিনলে লিভাৰৰ সক্ৰিয়তা বঢ়ায়৷ লিভাৰৰ চিৰচিচ ৰোগ ৰোধ কৰে৷ • হাঁড় শক্তিশালী কৰাত লোৱা ভূমিকা – মেংগানিজৰ বাবে এনে সম্ভৱপৰ৷ • মূৰৰ বিষ আতৰ কৰে – লং তেল কপালত ঘঁহিলে উপকৃত হব পাৰি৷ • কাণৰ বিষৰ চিকিৎসা – লঙৰ তেল অকলে নাইবা সামান্য অলিভ অইলৰ লগত মিহলাই কাণত দিব লাগে৷ • শালমনৰ চিকিৎসা – ইয়াৰ বাবে লং পিচি নাৰিকল তেলৰ সৈতে মিহলাই ঘঁহিব লাগে৷ • মুখৰ দাগ আতৰ কৰে – লঙৰ তেলেৰে মালিছ কৰিলে উপকৃত হব৷ • মানসিক চাপ (ষ্ট্ৰেচ) আতৰ কৰাত সহায়ক -লঙৰ সুগন্ধই মনলৈ প্ৰশান্তি আনে৷ • ৰোগ প্ৰতিৰোধ ক্ষমতা (ইমিউনিটি) বঢ়ায় -এন্টিঅক্সিডেন্ট,ভিটামিন আদিৰ বাবে এয়া সম্ভৱ৷ • ডায়েবেটিজ ৰোগীৰ বাবে উপযোগী – লঙত নাইজেৰিচিন (Nigericin) নামৰ তেজৰ চুগাৰ কমাব পৰা এবিধ তত্ব থাকে৷ নাইজেৰিচিনৰ দ্বাৰা ইনচুলিন হৰমোনৰ সক্ৰিয়তা বাঢ়ে, যাৰ ফলত ডায়েবেটিজ ৰোগী উপকৃত হয়৷ • কৰ্কট ৰোগৰ চিকিৎসাত সহায়ক- ইউজিনল আৰু আন এন্টিঅক্সিডেন্টে অপকাৰী ফ্ৰি-ৰেডিকেল বিনষ্ট কৰে৷ টিউমাৰৰ কোষৰ বৃদ্ধি ৰোধ কৰিবলৈ সক্ষম৷ খাদ্যনলীৰ কৰ্কট ৰোগত ইয়াৰ প্ৰয়োগৰ বাবে গবেষণা চলি আছে৷ • বীজানুনাশক(এন্টিবেক্টেৰিয়েল) গুণযুক্ত পদাৰ্থ- ই-কলাইকে ধৰি ভালেমান বেক্টেৰিয়া বিনাশ কৰিবলৈ ই সক্ষম৷ • যৌন অক্ষমতা আৰু শীঘ্ৰে পতন (Premature ejaculation) আদিৰ চিকিৎসাত সহায়ক – লঙৰ ফুল জিনচেঙৰ শিপাৰ সৈতে মিহলোৱা ক্ৰিম পুৰুষাংগত ঘঁহিলে এনে ৰোগী উপকৃত হয়৷ • মহ খেদিবলৈ লঙৰ প্ৰয়োগ – লঙৰ গোন্ধে ৪৷৫ঘন্টালৈ মহ আতৰাই ৰাখে৷ • কাহ আৰু ডিঙিৰ সুৰসুৰণি আতৰাবলৈ – লং সামান্য নিখমৰ সৈতে সেৱন কৰিব পাৰে৷ লঙৰ ব্যৱহাৰত লবলগীয়া সতৰ্কতা : – – শিশু,গৰ্ভৱতী মহিলা আৰু স্তনপান কৰোৱা মাতৃৰ ক্ষেত্ৰত কম পৰিমানত সাবধানেৰে ব্যৱহাৰ কৰা উচিত৷ – অস্ত্ৰোপচাৰ কৰিবলগীয়া ৰোগীৰ ক্ষেত্ৰত – ইউজিনলে তেজ গোট মৰাত বিলম্ব ঘটায় ৷সেয়ে অপাৰেচনৰ দুসপ্তাহ আগতে লঙৰ সেৱন বন্ধ কৰা উচিত৷ – ৰক্তক্ষৰণ হৈ থকা ৰোগীৰ ক্ষেত্ৰত – লঙৰ সেৱন বন্ধ ৰখা উচিত৷ – আন দৰবৰ সৈতে হব পৰা ক্ৰিয়া(Drug interaction) – এন্টি-ক’এগুলেন্ট আৰু এন্টি-প্লেটলেট দৰব ব্যৱহাৰ কৰা সকলৰ ক্ষেত্ৰত সতৰ্কতাৰ আৱশ্যক৷ – কিছুমান লোকৰ মুখৰ ভিতৰৰ ছালখন (Mucus membrane) বেচি সংবেদনশীল৷ তেনেলোকে লং খাবলৈ বা লগাবলৈ লওঁতে সতৰ্ক হোৱাৰ প্ৰয়োজন৷ সংগ্ৰহীত।
লংৰ ঔষধি গুণ
লংৰ ঔষধি গুণ 


লংৰ ঔষধি গুণ 

‘শব্দ’ নামক অনলাইন অভিধানমতে লং হ’ল মুখশুদ্ধিৰূপে বা দৰৱত ব্যৱহাৰ কৰা এবিধ গছৰ শুকান সুগন্ধি অংকুৰ ৷ অসমীয়াৰ দৰে নাগামিজটো ই লং নামেৰেই জনাজাত৷ ইংৰাজীত Clove বুলে৷ ইয়াৰ বৈজ্ঞানিক নাম হ’ল Syzygium aromaticum ৷ আৰবী ভাষাত কুৰান ফুল,চীনা ভাষাত ডিং জিয়াং,ৰুচ ভাষাত Gvozdika,হিন্দীত বুলে লৌংগ৷ গুজৰাটীত লভিংগ, মাৰাঠীত লবংগ, তামিলত কিৰাংপু , তেলেগুত লবংগালু ,মলয়ালমত গ্ৰামপু,পঞ্জাবীত মিৰাকা,ওৰিয়াত লবংগ আৰু বাংলাত লবঁগ নামেৰে জনাজাত ৷ অন্যান্য নাম কেইটিমান হ’ল-Caryophylli Flos, Caryophyllum, Caryophyllus aromaticus, Clou de Girofle ৷ 



কি কি লাগতিয়াল তত্ব ইয়াত থাকে ? 

প্ৰতি ১০০গ্ৰাম লঙত ৩৪গ্ৰাম ফাইবাৰ,৬৬গ্ৰাম কাৰ্বোহাইড্ৰেট, ৬গ্ৰাম প্ৰটিন, ১০২০মিলিগ্ৰাম প’টেচিয়াম,২৭৭মিলিগ্ৰাম চ’ডিয়াম,৩%ভিটামিন-এ , ৩%ভিটামিন-চি, ৪%ভিটামিন-কে, ৬৩% কেলচিয়াম, ৬৪%মেগনেচিয়াম, ৬৪% মেংগানিজ আৰু ৬৫%আইৰণ থাকে৷ তদুপৰি কম পৰিমানত ভিটামিন-ই থাকে৷ ইয়াৰ ওপৰিও লঙত থাকে ইউজিনল (Eugenol) নামৰ প্ৰাকৃতিক এন্টিঅক্সিডেন্ট৷ শৰীৰৰ অহিতকাৰী ফ্ৰি-ৰেডিকেল বিনষ্ট কৰাৰ ক্ষেত্ৰত ইউজিনল ভিটামিন-ইৰ তুলনাত ৫গুণ অধিক শক্তিশালী৷ 


লঙে কৰা উপকাৰিতাৰ তালিকা – অতি প্ৰাচীন কালৰ পৰাই আমাৰ দেশত নানাবিধ ঘৰুৱা চিকিৎসাত, ৰন্ধনশালত মছলা হিচাবে আৰু মুখশুদ্ধিৰ বাবে তামোল-পাণ-চুপাৰীৰ সৈতে ব্যৱহৃত হৈ আহিছে৷ আজিকালি ইয়াৰ প্ৰয়োগ বেকাৰীৰ বিস্কুট, কেক,জুলীয়া খাদ্য পদাৰ্থ আদিত সুগন্ধ আৰু উষ্মা আনিবলৈ কৰা হয়৷ ঘাইকৈ এচিয়া আৰু দক্ষিণ আমেৰিকাত লং উৎপাদন হয়৷ ইয়াৰ কলি,শুকান ফুল,পাত আৰু গছৰ অংশ বিশেষৰ পৰা ঔষধ আৰু তেল নিৰ্মাণ কৰা হয়৷ ইয়াৰ ওপৰিও টুথপেষ্ট,চাবুন,প্ৰসাধন সামগ্ৰী,আতৰ,লংযুক্ত চিগাৰেট (Kreteks) আদিতো লঙৰ প্ৰয়োগ হয়৷ 




ইয়াৰ বিভিন্ন উপযোগিতা তলত উল্লেখ কৰিলোঁ : – 

• দাঁতৰ বিষ – দাঁতৰ বিষৰ উপশম ঘটাবলৈ লংতেল ব্যৱহৃত হয়৷ লঙৰ তেলে দাঁতৰ আলুৰ সংক্ৰমণো কম কৰে৷ 
• মুখৰ দূৰ্গন্ধ দূৰ কৰা – লঙে মুখৰ ভিতৰত দূৰ্গন্ধ উৎপন্ন কৰা বেক্টেৰিয়াৰ বিনাশ ঘটায়৷ ইয়াৰ বাবে ২৷ ৩টা লং চোবাই খোৱাৰ ওপৰিও লং উতলোৱা কুহমীয়া গৰম পানীৰে কুলকুলি কৰিব পাৰে৷ 
• ওকালি আৰু বমি ভাৱ আতৰ কৰা – ইয়াৰ বাবে লং পিচি মৌজোলৰ সৈতে মিহলাই খাব পাৰি৷ লংতেলৰ গোন্ধ ৰুমালৰ দ্বাৰা লব পাৰি নাইবা লং সিজোৱা পানীও উপযোগী৷ 
• পাক প্ৰণালীৰ উপকাৰিতা – এচিডিটি,পেটৰ বিষ অজীৰ্ণ,বদহজমি আৰু বায়ুৰ সমস্যা লঙে আতৰ কৰে৷ ফাইবাৰে শৌচকচা আৰোগ্য কৰে৷ পাকস্থলীৰ ঘাঁ(Peptic ulcer)শুকুৱাত লং সহায়ক হয়৷ 
• লিভাৰৰ সুস্বাস্থ্যৰ বাবে উপযোগী – এন্টিঅক্সিডেন্ট ইউজিনলে লিভাৰৰ সক্ৰিয়তা বঢ়ায়৷ লিভাৰৰ চিৰচিচ ৰোগ ৰোধ কৰে৷ 
• হাঁড় শক্তিশালী কৰাত লোৱা ভূমিকা – মেংগানিজৰ বাবে এনে সম্ভৱপৰ৷ 
• মূৰৰ বিষ আতৰ কৰে – লং তেল কপালত ঘঁহিলে উপকৃত হব পাৰি৷ 
• কাণৰ বিষৰ চিকিৎসা – লঙৰ তেল অকলে নাইবা সামান্য অলিভ অইলৰ লগত মিহলাই কাণত দিব লাগে৷ 
• শালমনৰ চিকিৎসা – ইয়াৰ বাবে লং পিচি নাৰিকল তেলৰ সৈতে মিহলাই ঘঁহিব লাগে৷ 
• মুখৰ দাগ আতৰ কৰে – লঙৰ তেলেৰে মালিছ কৰিলে উপকৃত হব৷ 
• মানসিক চাপ (ষ্ট্ৰেচ) আতৰ কৰাত সহায়ক -লঙৰ সুগন্ধই মনলৈ প্ৰশান্তি আনে৷ 
• ৰোগ প্ৰতিৰোধ ক্ষমতা (ইমিউনিটি) বঢ়ায় -এন্টিঅক্সিডেন্ট,ভিটামিন আদিৰ বাবে এয়া সম্ভৱ৷ 
• ডায়েবেটিজ ৰোগীৰ বাবে উপযোগী – লঙত নাইজেৰিচিন (Nigericin) নামৰ তেজৰ চুগাৰ কমাব পৰা এবিধ তত্ব থাকে৷ নাইজেৰিচিনৰ দ্বাৰা ইনচুলিন হৰমোনৰ সক্ৰিয়তা বাঢ়ে, যাৰ ফলত ডায়েবেটিজ ৰোগী উপকৃত হয়৷ 
• কৰ্কট ৰোগৰ চিকিৎসাত সহায়ক- ইউজিনল আৰু আন এন্টিঅক্সিডেন্টে অপকাৰী ফ্ৰি-ৰেডিকেল বিনষ্ট কৰে৷ টিউমাৰৰ কোষৰ বৃদ্ধি ৰোধ কৰিবলৈ সক্ষম৷ খাদ্যনলীৰ কৰ্কট ৰোগত ইয়াৰ প্ৰয়োগৰ বাবে গবেষণা চলি আছে৷ 
• বীজানুনাশক(এন্টিবেক্টেৰিয়েল) গুণযুক্ত পদাৰ্থ- ই-কলাইকে ধৰি ভালেমান বেক্টেৰিয়া বিনাশ কৰিবলৈ ই সক্ষম৷ 
• যৌন অক্ষমতা আৰু শীঘ্ৰে পতন (Premature ejaculation) আদিৰ চিকিৎসাত সহায়ক – লঙৰ ফুল জিনচেঙৰ শিপাৰ সৈতে মিহলোৱা ক্ৰিম পুৰুষাংগত ঘঁহিলে এনে ৰোগী উপকৃত হয়৷ 
• মহ খেদিবলৈ লঙৰ প্ৰয়োগ – লঙৰ গোন্ধে ৪৷৫ঘন্টালৈ মহ আতৰাই ৰাখে৷ 
• কাহ আৰু ডিঙিৰ সুৰসুৰণি আতৰাবলৈ – লং সামান্য নিখমৰ সৈতে সেৱন কৰিব পাৰে৷ 


লঙৰ ব্যৱহাৰত লবলগীয়া সতৰ্কতা : –

– শিশু,গৰ্ভৱতী মহিলা আৰু স্তনপান কৰোৱা মাতৃৰ ক্ষেত্ৰত কম পৰিমানত সাবধানেৰে ব্যৱহাৰ কৰা উচিত৷ 
– অস্ত্ৰোপচাৰ কৰিবলগীয়া ৰোগীৰ ক্ষেত্ৰত – ইউজিনলে তেজ গোট মৰাত বিলম্ব ঘটায় ৷সেয়ে অপাৰেচনৰ দুসপ্তাহ আগতে লঙৰ সেৱন বন্ধ কৰা উচিত৷ 
– ৰক্তক্ষৰণ হৈ থকা ৰোগীৰ ক্ষেত্ৰত – লঙৰ সেৱন বন্ধ ৰখা উচিত৷ 
– আন দৰবৰ সৈতে হব পৰা ক্ৰিয়া(Drug interaction) – এন্টি-ক’এগুলেন্ট আৰু এন্টি-প্লেটলেট দৰব ব্যৱহাৰ কৰা সকলৰ ক্ষেত্ৰত সতৰ্কতাৰ আৱশ্যক৷ 
– কিছুমান লোকৰ মুখৰ ভিতৰৰ ছালখন (Mucus membrane) বেচি সংবেদনশীল৷ তেনেলোকে লং খাবলৈ বা লগাবলৈ লওঁতে সতৰ্ক হোৱাৰ প্ৰয়োজন৷

ধন্যবাদ। সংগ্ৰহীত। ডিজিটেল তিনিচুকীয়া DIGITAL TINSUKIA


Read more:

Conclusion

💖 I this post i have made a post লংৰ ঔষধি গুণ . I hope you have liked it and Please do share with your friends and follow our blog for more

if you have any questions please feel free to ask in comments section

Rate this Article

About the Author

Hi there, this is Admin. Who loves to write about Blogs, Poetry, Quizs related topic.

1 comment

  1. Hundor
অনুগ্ৰহ কৰি কমেন্ট কৰা আগত নিজৰ নাম উল্লেখ কৰিব, নতুবা গুগল একাউন্ট সৈতে লগইন হৈ লব তাৰ পিছক আপোনাৰ বহুমুলীয়া পৰামৰ্শ, যোগাযোগৰ লগতে লেখনি প্ৰকাশ সম্পৰ্কীয় কমেণ্ট দিব পাৰিব । ধন্যবাদ।
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.