ঢেঁকীয়াৰ উপকাৰিতা । ডিজিটেল তিনিচুকীয়া।

ঢেঁকীয়াৰ উপকাৰিতা । ডিজিটেল তিনিচুকীয়া। আমাৰ অসম তথা ভাৰতবৰ্ষৰ কোনো ঠাইতেই ঢেঁকীয়া শাক কৃষি ভিত্তিত গঢ় লৈ উঠা নাই বাবে ই সকলো ধৰণৰ ৰাসায়নিক সাৰ তথা কীট নাশক ঔষধৰ পৰা সৰ্বথা মুক্ত ৷ অন্য শাক-পাচলিৰ খেতিত যথেষ্ট পৰিমানে ৰাসায়নিক সাৰ, ভিটামিন, কীট নাশক ঔষধ প্ৰয়োগৰ ওপৰিও শীতলীকৰণ বা দীৰ্ঘ দিনৰ বাবে সংৰক্ষণ কৰিবৰ বাবে ব্যৱহাৰ কৰা ঔষধৰ ফলত খোৱাৰ প্ৰায় অনুপযোগী বা স্বাস্থ্যৰ বাবে হানিকাৰক হৈ পৰে । ঢেঁকীয়াত প্ৰটিন, ভিটামিন এ, ভিটামিন বি কম্প্লেক্স, ভিটামিন চি, ভিটামিন ই, বিতা কেৰোটিন, এন্টিঅক্সিডেন্ট, কেলচিয়াম, আইৰণ, ফছফৰাছ ইত্যাদি পোৱা যায়।
ঢেঁকীয়াৰ উপকাৰিতা
ঢেঁকীয়াৰ উপকাৰিতা

ঢেঁকীয়াৰ উপকাৰিতাঃ-

আমাৰ অসম তথা ভাৰতবৰ্ষৰ কোনো ঠাইতেই ঢেঁকীয়া শাক কৃষি ভিত্তিত গঢ় লৈ উঠা নাই বাবে ই সকলো ধৰণৰ ৰাসায়নিক সাৰ তথা কীট নাশক ঔষধৰ পৰা সৰ্বথা মুক্ত ৷ অন্য শাক-পাচলিৰ খেতিত যথেষ্ট পৰিমানে ৰাসায়নিক সাৰ, ভিটামিন, কীট নাশক ঔষধ প্ৰয়োগৰ ওপৰিও শীতলীকৰণ বা দীৰ্ঘ দিনৰ বাবে সংৰক্ষণ কৰিবৰ বাবে ব্যৱহাৰ কৰা ঔষধৰ ফলত খোৱাৰ প্ৰায় অনুপযোগী বা স্বাস্থ্যৰ বাবে হানিকাৰক হৈ পৰে । ঢেঁকীয়াত প্ৰটিন, ভিটামিন এ, ভিটামিন বি কম্প্লেক্স, ভিটামিন চি, ভিটামিন ই, বিতা কেৰোটিন, এন্টিঅক্সিডেন্ট, কেলচিয়াম, আইৰণ, ফছফৰাছ ইত্যাদি পোৱা যায়।

🌿১. লিভাৰৰ চিৰচিচ, লিভাৰৰ অসুখত উপযোগী ।
🌿২.  নানান কাৰণত দেখা দিয়া জণ্ডিচ, টিউমাৰ, ভাইৰাচজনিত ৰোগত উপকাৰী ।
🌿৩. পাক প্ৰণালীত – ৰুচি বঢ়ায়, শৌচ-কচা আঁতৰায় ৷
🌿৪. ফিটা পেলুৰ চিকিৎসাত প্ৰমাণিত৷
🌿৫. ডায়েবেটিজৰ উপযোগী শাক ৷
🌿৬. ভিটামিন এ থকা বাবে দৃষ্টিশক্তিৰ উন্নতি সাধে ৷
🌿৭. উচ্চ ৰক্তচাপ কমোৱাত পটেচিয়ামে ভূমিকা লয় ৷
🌿৮. কেঞ্চাৰ, হাওঁফাওঁ, বক্ষ আৰু মুখৰ ছালৰ কৰ্কটৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷
🌿৯. মহিলাৰ স্তনৰ ৰোগ – প্ৰসৱৰ পিছত হোৱা স্তনৰ বিষ, স্তনাগ্ৰ ফাটি যোৱাত ঢেঁকীয়াৰ শিপাৰে চিকিৎসা দিয়া হয় ৷ ঢেঁকীয়া খালে মাতৃদুগ্ধৰ উন্নতি ঘটে ৷
🌿১০. বক্ষৰোগ, কাঁহ – শ্বাসজনিত ৰোগৰ উপশম হয় ৷
🌿১১. ঢেঁকীয়া শাকৰ বাতনাশক গুণ আছে ৷
🌿১২. শক্তিবৰ্ধক আৰু যৌনদূৰ্বলতা আঁতৰ কৰাত সহায়ক ৷
🌿১৩. ঢেঁকীয়াৰ শিপাৰ গুড়িৰ পাউদাৰ লগালে ঘা শুকায় ৷
🌿১৪. ঢেঁকীয়া শাকৰ বিকিৰণ ৰোধক গুণ (Ant radiation power )আছে বুলি চিনাক্ত হৈছে ৷
🌿১৫. ই অতি সুলভ মূল্যত উপলব্ধ উচ্চমানৰ প্ৰটিন ভিটামিনযুক্ত অনেক গুণকাৰী স্বাদিষ্ট খাদ্য ।
🌿১৬. কেলচিয়াম, ফচফৰাছ থকা বাবে হাড়ৰ গঠনৰ বাবে উপকাৰী।
🌿১৭. জীৱণুনাশক গুণ থকা আৰু স্বভাৱত শীতল হোৱা বাবে প্ৰস্ৰাৱৰ সমস্যা যেনে মূত্ৰনলীৰ সংক্ৰমণ বা ইউৰিনাৰী ট্ৰেক্ট ইনফেক্সন (UTI)ত উপকাৰী।
🌿১৮. বিতা কেৰোটিন, ভিটামিন চি থকা বাবে  শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে।
🌿১৯. ৰুচি বৰ্ধক, আৰু কোষ্ঠকাঠিন্য দুৰ কৰে।
🌿২০. পেলুৰ সমস্যাত ঢেঁকীয়া শাক উপকাৰী।

ঢেঁকীয়াত থকা লাগতিয়াল তত্ব সমূহ হৈছে

উৰ্জা : ১০০গ্ৰাম ঢেকীয়াত ৩৫ শতাংশ কেলৰি, কাৰ্বোহাইড্ৰেট – ৪ শতাংশ, প্ৰটিন- ৮ শতাংশ, ফেট - ২শতাংশ, কলেষ্টৰল ০, ভিটামিন - এ, ভিটামিন - বি (গোট), ভিটামিন - চি; চডিয়াম ১ শতাংশৰো কম, পটাচিয়াম ৮ শতাংশ; মিনাৰেল কেলচিয়াম ৩ শতাংশ, ক’পাৰ ৩৫ শতাংশ, আইৰণ ১৬ শতাংশ, মেগনেচিয়াম ৮-৫ শতাংশ, মেংগানিজ ২২ শতাংশ, জিংক ৭-৫ শতাংশ আৰু চেলেনিয়াম ১ শতাংশ ৷ আৰু আছে বিটা-কেৰটিন, এন্টিঅক্সিডেন্ট, অমেগা-৩, অমেগা - ৬ আৰু লাগতিয়াল ফেটি এচিড ৷

১৯৯৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৈৱ-প্ৰযুক্তি বিভাগৰ মূৰব্বী অধ্যাপক এ. কে. সন্দিকৈৰ তত্ত্বাৱধানত এটা দলে অসমৰ ৫০ বিধ বনৰীয়া আৰু খেতিত হোৱা থলুৱা শাকৰ খাদ্যমূল্য সম্পৰ্কে অধ্যয়ন কৰিছিল। এই অধ্যয়নত পোৱা তথ্য অনুসৰি আামাৰ চিনাকি ঢেঁকীয়াত ৩৩.৩৭ শতাংশ, খুতুৰা শাকত ২৯.৪৫ শতাংশ, পালেং শাকত ২৫.৩ শতাংশ, মধুসোলেঙত ২১.৮৩ শতাংশ, পূৰ্ণনৱাত ১৯.৯৬ শতাংশ, কলমৌত ১৮.৩৮ শতাংশ, মাটিকান্দুৰিত ১৮.১৮ শতাংশ আৰু বন্ধা কবিত ১২.২ শতাংশ প্ৰটিন থাকে। পুষ্টিগুণৰ পৰা ঢেঁকীয়াতকৈ বেছি প্ৰটিন থকা উদ্ভিদ প্ৰজাতি হ’ল- ছয়াবিন – ইয়াৰ গুটিত ৪৩.২ শতাংশ প্ৰটিন থাকে। তুলনামূলকভাবে মুৰ্গীৰ মাংসত প্ৰটিন থাকে ২৫.৯শতাংশ, গাহৰিৰ মাংসত থাকে ১৮.৭ শতাংশ।

কানাডাৰ এখনি সৰু নগৰৰ নাম হ’ল নিউ ব্ৰুন্সৱিক (New Brunswick) – যি এটা সময়ত খ্যাতি লাভ কৰিলে ‘বিশ্বৰ ঢেঁকীয়া শাকৰ ৰাজধানী’ বুলি ৷ অনুমানিক ১৭শতিকাৰ পৰা কানাডাৰ বাসিন্দাসকলে ঢেঁকীয়াৰ সৈতে পৰিচিত হোৱাৰ পৰা খাদ্য হিচাবে বিস্তাৰিতভাবে ইয়াক গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে ৷ এটা সময়ত চাহিদা পূৰণ কৰিবলৈ প্ৰকৃতিত স্বাভাৱিকভাবে গজা ঢেঁকীয়াৰ ওপৰিও তেওঁলোকে ব্যৱসায়িকভাবে ইয়াৰ খেতি কৰিবলৈ আৰম্ভ কৰিলে ৷ তৎকালিকভাবে বিভিন্নধৰণেৰে ঢেঁকীয়া ৰান্ধি খোৱাৰ ওপৰিও দীৰ্ঘদিনৰ বাবে সংৰক্ষণ কৰাৰ ন ন পদ্ধতি উদ্ভাৱন কৰিবলৈও সক্ষম হ’ল ৷ভাৰতবৰ্ষৰ আৰু নেপালৰ হিমালয়ৰ পাদদেশৰ অঞ্চলসমূহৰ ওপৰিও ঢেঁকীয়া শাক উত্তৰ আমেৰিকা, থাইলেণ্ড, মালয়েছিয়া, ছিংগাপুৰ, জাপান, কোৰিয়া, টাইৱান,চীন, ম্যানমাৰ, ফিলিপাইনছ, লাওচ, ভিয়েটনাম, কম্বোডিয়া, ইণ্ডোনেছিয়া, ৰাচিয়া, ইউৰোপৰ কিয়দাংশ আৰু অষ্ট্রেলিয়া আদি দেশত মানুহে আহাৰ হিচাবে গ্ৰহণ কৰে ৷
ঢেঁকীয়াৰ উপকাৰিতা
ঢেঁকীয়াৰ উপকাৰিতা

ঢেঁকীয়া শাকৰ বৰ্ণনা :

ঢেঁকীয়া এবিধ শাক জাতীয় বনৰীয়া উদ্ভিদ। বিজ্ঞানীসকলৰ মতে পৃথিৱীত প্ৰায় দহহাজাৰ ঢেঁকীয়াবৰ্গৰ প্ৰজাতি আছে। ভাৰতবৰ্ষৰ বিভিন্ন জনগোষ্ঠীয়ে ইয়াৰে প্ৰায় ২১ বিধ ঢেঁকীয়া প্ৰজাতিক খাদ্য হিচাপে ব্যৱহাৰ কৰে। আমাৰ উত্তৰ পূৰ্বাঞ্চলত অন্তত: ৫টা প্ৰজাতিৰ ঢেঁকীয়া দেখা যায় ৷ ঢেঁকীয়াৰ পাতবোৰ দেখিবলৈ বিহলঙনীৰ দৰেই, কিন্তু ঢেঁকীয়াৰ পাতবোৰ শুং নথকা আৰু মিহি ৷ মাজ ভাগৰ পৰা এডাল দীঘল থোৰ ওলায় আৰু আগটো কেঁকুৰা ৷ প্ৰজাতিভেদে পাতৰ আকৃতি আৰু প্ৰকৃতিত তাৰতম্য দেখা যায় ৷ ঢেঁকীয়া এপ্ৰিল মাহৰ পৰা অক্টোৱৰ মাহলৈকে পৰ্য্যাপ্ত পৰিমাণে পোৱা যায় ৷ চ’ত মাহৰ প্ৰথমবৰষুণ কেইজাক পোৱাৰ পিছৰে পৰা ঢেঁকীয়াৰ কোমল কুঁহি পাত ওলাবলৈ আৰম্ভ কৰে আৰু গোটেই বাৰিষা কাল ছোৱাত ইয়াৰ গছত একেৰাহে থোৰ ওলাই থাকে। এজোপা গছৰপৰা প্ৰতি তিনি-চাৰি দিনৰ মূৰে মূৰে নতুন কোমল থুঁৰি ছিঙিব পৰা হয়। এইবিধশাক নদীৰ পাৰত, পথৰ দাঁতিত আৰু বাৰীৰ আশে পাশে ওখ জিপাল মাটিত লহপহকৈ নিজে নিজে গজি উঠা দেখা যায় ৷ গতিকে আমি কিনা ঢেকীয়া শাক সদায় সকলো ধৰণৰ ৰাসায়নিক সাৰৰ প্ৰভাৱৰ পৰা সৰ্বথা মুক্ত ৷ অন্য শাক-পাচলিৰ খেতিত যথেষ্ট যত্ন কৰিব লগীয়া হ’লেও ঢেঁকীয়াত কষ্ট কৰিব লগীয়া একো নাথাকে। ঢেঁকীয়াজাতীয় উদ্ভিদ প্ৰজাতিসমূহ হ’ল নিম্নবৰ্গৰ অপুষ্পক উদ্ভিদ ৷ ঢেঁকীয়া গছত ফুল নুফুলে ৷

ধন্যবাদ। সংগ্ৰহীত। ডিজিটেল তিনিচুকীয়া DIGITAL TINSUKIA
Read more:

Conclusion

💖 I this post i have made a post ঢেঁকীয়াৰ উপকাৰিতা । ডিজিটেল তিনিচুকীয়া। . I hope you have liked it and Please do share with your friends and follow our blog for more

if you have any questions please feel free to ask in comments section

Rate this Article

About the Author

Hi there, this is Admin. Who loves to write about Blogs, Poetry, Quizs related topic.

إرسال تعليق

অনুগ্ৰহ কৰি কমেন্ট কৰা আগত নিজৰ নাম উল্লেখ কৰিব, নতুবা গুগল একাউন্ট সৈতে লগইন হৈ লব তাৰ পিছক আপোনাৰ বহুমুলীয়া পৰামৰ্শ, যোগাযোগৰ লগতে লেখনি প্ৰকাশ সম্পৰ্কীয় কমেণ্ট দিব পাৰিব । ধন্যবাদ।
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.