খেল ধেমালী কুইজ ।। Games Quiz ।।

খেল ধেমালী কুইজ ।। Games Quiz ।।
খেল ধেমালী কুইজ ।। Games Quiz ।।
খেল ধেমালী কুইজ ।। Games Quiz ।।



 খেল ধেমালী কুইজ ।। Games Quiz ।।

১) প্ৰশ্ন : প্ৰথম অসমীয়া ফিফা ৰেফাৰী কোন?
উত্তৰ : বাবুল বাৰ্মিজ।

২) প্ৰশ্ন : অৰ্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈ দুজনৰ নাম কি?
উত্তৰ : ভোগেশ্বৰ বৰুৱা আৰু মনালিচা (বৰুৱা) মেহতা।

৩) প্ৰশ্ন : ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা অসমৰ কনিষ্টতম খেলুৱৈ গৰাকী কোন আছিল?
উত্তৰ : মাধুৰ্য প্ৰসাদ বৰুৱা।

৪) প্ৰশ্ন : ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত ১০০ টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?
উত্তৰ : অনুপ ঘটক।

৫) প্ৰশ্ন : গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল?
উত্তৰ : ৱেষ্ট ইণ্ডিজ আৰু ভাৰত।

৬) প্ৰশ্ন : ভাৰতীয় ফুটবল সংস্থাৰ সভাপতি হোৱা অসমৰ প্ৰথম ব্যক্তি জন কোন?
উত্তৰ : নুৰুল আমিন।

৭) প্ৰশ্ন : অসমৰ ক্ৰীড়াৰ পিতৃ স্বৰুপ বুলি কাক কোৱা হয়?
উত্তৰ : স্বৰ্গীয় আৰ. জি. বৰুৱা।

৮) প্ৰশ্ন : এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাত আম্পায়াৰৰ দায়িত্ব বহন কৰা প্ৰথম অসমীয়া ব্যক্তি জন কোন?
উত্তৰ : সুৰেণৰাম ফুকন।

৯) প্ৰশ্ন : ভাৰত ‘এ’ দলত অন্তৰ্ভূক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰ জন কোন?
উত্তৰ : জাভেদ জামান।

১০) প্ৰশ্ন : কোনে ফুটবল প্ৰতিযোগিতাক AIF ৰ দ্বাৰা ভাৰতৰ ‘টপ লীগ’ প্ৰতিযোগিতা হিচাপে মৰ্যাদা প্ৰদান কৰা হয়?
উত্তৰ : লোকপ্ৰিয় গোপীনাথ বৰদলৈ।

১১) প্ৰশ্ন : ভাৰতীয় ফুটবল দলক অলিম্পিকত প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম ফুটবলাৰ জন কোন আছিল?
উত্তৰ : বীৰেন বড়ো।

১২) প্ৰশ্ন : ভাৰতীয় ভলীবল দলত ভাগ লোৱা প্ৰথম অসমীয়া ভলীবল খেলুৱৈ গৰাকী কোন আছিল আৰু কিমান চনত?
উত্তৰ : অভিজিৎ ভট্টাচাৰ্য, ১৯৯৬ চনত।

১৩) প্ৰশ্ন : পুৰণি অসমৰ ঘাইকৈ শিশুৰ মাজত জনপ্ৰিয় এবিধ খেল আছিল। সেই খেল বিধ কি আছিল?
উত্তৰ : টাং-গুটি।

১৪) প্ৰশ্ন : ‘অসম ক্ৰীড়া দিৱস’ কেতিয়া উদ্‌যাপিত হয়?
উত্তৰ : ১৭ অক্টোবৰত।

১৫) প্ৰশ্ন : কোন চনত গুৱাহাটীত সৰ্বপ্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হৈছিল?
উত্তৰ : ১৯৮৩ চনত।

১৬) প্ৰশ্ন : বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত কেইটা দলে অংশ গ্ৰহণ কৰিছিল?
উত্তৰ : ১৬ টা।

১৭) প্ৰশ্ন : অসম হকী এছ’চিয়েচন কোন চনত সংগঠিত হৈছিল?
উত্তৰ : ১৯৫৫ চনত।

১৮) প্ৰশ্ন : অসমৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ : ১৯৪৭ চনত।

১৯) প্ৰশ্ন : ১৯৮৫ চনত বেংকত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাত ভাৰতীয় জুনিয়ৰ ফুটবল দলক প্ৰতিনিধিত্ব কৰা অসমীয়া ফুটবলাৰ জন কোন?
উত্তৰ : ফ্ৰান্সিচ বৰুৱা।

২০) প্ৰশ্ন : ভাৰতীয় স্কুল ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?
উত্তৰ : মাধুৰ্য প্ৰসাদ বৰুৱা।

২১) প্ৰশ্ন : ১৯৮৫ চনত ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত পদক পোৱা অসমীয়া খেলুৱৈ গৰাকীৰ নাম কি?
উত্তৰ : মিঠু বৰুৱা।

২২) প্ৰশ্ন : ১৯৯৬ চনত ৰাষ্ট্ৰীয় জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত তিনিটা মীট ৰেকৰ্ডসহ নটা স্বৰ্ণ পদক বিজয়ী অসমীয়া খেলুৱৈ গৰাকী কোন?
উত্তৰ : এলভিছ আলী হাজৰিকা।

২৩) প্ৰশ্ন : ভাৰতীয় টেবুল টেনিছ দলক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন আছিল?
উত্তৰ : নন্দিনী বৰুৱা।

২৪) প্ৰশ্ন : বিশ্ব টেবুল টেনিছ প্ৰতিযোগিতাত (জুনিয়ৰ শাখা) ভাৰতক প্ৰতিনিধিত্ব কৰা (৩য় স্থান লাভ) অসমীয়া খেলুৱৈ গৰাকীৰ নাম কি?
উত্তৰ : পল্লৱী পৰাশৰ।

২৫) প্ৰশ্ন : বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ সৰ্বপ্ৰথম বিজয়ী দলটোৰ নাম কি?
উত্তৰ : ৰে’লৱে স্পৰ্টছ ক্লাবচ বিজয়ী দল পাণ্ডু আৰু দ্বিতীয় বিজয়ী দল ইউনিয়ন স্পোৰ্টিং ক্লাৱ।

২৬) প্ৰশ্ন : ২০১২ চনত অনুষ্ঠিত বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ খিতাপ দখল কৰা দলটোৰ নাম কি?
উত্তৰ : অইল ইণ্ডিয়া লিমিটেড, দুলিয়াজান।

২৭) প্ৰশ্ন :এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?
উত্তৰ : ভোগেশ্বৰ বৰুৱা (১৯৬৬ চনৰ প্ৰথম এছিয়ান গেমছত)।

২৮) প্ৰশ্ন : ১৯৯৩ চনত হংকঙত অনুষ্ঠিত এছিয়া পেছিফিক চন্তুৰ প্ৰতিযোগিতাত স্বৰ্ণ পদক বিজয়ী অসমীয়া ছোৱালী প্ৰতিযোগি দুগৰাকী কোন?
উত্তৰ : মনিকংকনা দত্ত বৰুৱা আৰু তেওঁৰ ভগ্নী পল্লৱী দত্ত বৰুৱা।

২৯) প্ৰশ্ন : ২০০১ চনত কলম্বোত অনুষ্ঠিত এছিয়ান জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপত চেম্পিয়নৰ সন্মান অৰ্জন কৰা অসমীয়া প্ৰতিযোগী গৰাকীৰ নাম কি?
উত্তৰ : ১৪ বছৰ বয়সীয়া অংশুমান দত্ত।

৩০) প্ৰশ্ন : ১৯৯২ চনৰ গুৱাহাটীত অনুষ্ঠিত ফেডাৰেচন কাপ কেৰম চেম্পিয়নশ্বিপত পুৰুষৰ ছিংগল্‌ছ খিতাপ কোনে অৰ্জন কৰিছিল?
উত্তৰ : অসমৰ চিৰাজ-উদ-দিন আহমেদ।

৩১) প্ৰশ্ন : ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত দুটা সোণৰ পদক আৰু চেম্পিয়নৰ খিতাপ অৰ্জন কৰা অসমৰ ছোৱালী প্ৰতিযোগী গৰাকী কোন আৰু কিমান চনত তেওঁ এই সন্মান লাভ কৰিছিল?
উত্তৰ : ১৯৯৭ চনত অৰুণিমা মজুমদাৰ।

৩২) প্ৰশ্ন : ১৯৯৪ চনৰ ৫৮ তম ‘ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপ’ত পুৰুষৰ খিতাপ অৰ্জন কৰা অসমীয়া খেলুৱৈ গৰাকী কোন?
উত্তৰ : দীপাংকৰ ভট্টাচাৰ্য সুশান্ত চক্ৰৱৰ্তী পৰাস্ত কৰে।

৩৩) প্ৰশ্ন : অসমৰ কোন গৰাকী প্ৰসিদ্ধ ফুটবল খেলুৱৈ বৰ্তমান যশস্বী চলচ্চিত্ৰ পৰিচালক হিচাপে জনাজাত?
উত্তৰ : নিপ বৰুৱা।

৩৪) প্ৰশ্ন : অলিম্পিক গেমছত অংশ গ্ৰহণ কৰা অসমৰ প্ৰথম খেলুৱৈ গৰাকী কোন আৰু তেওঁ কিমান চনত অংশ গ্ৰহণ কৰিছিল?
উত্তৰ : ১৯৪৮ চনৰ লণ্ডনত অনুষ্ঠিত অলিম্পিকত ড° টালিমেৰণ আও।

৩৫) প্ৰশ্ন : অসমৰ কোন গৰাকী সাঁতোৰবিদে ৯ টা সোণৰ আৰু তিনিটা নতুন মীট ৰেকৰ্ড সৃষ্টি কৰিছিল?
উত্তৰ : এলভিছ আলী হাজৰিকা।

৩৬) প্ৰশ্ন : ৰাষ্ট্ৰীয় বক্সিং দলত অন্তৰ্ভূক্ত হোৱা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন?
উত্তৰ : বিতোপন শইকীয়া।

৩৭) প্ৰশ্ন : এছিয়ান গেমছত অংশ গ্ৰহণ কৰা অসমীয়া টেনিছ খেলুৱৈ গৰাকী কোন?
উত্তৰ : বিদ্যুৎ গোস্বামী।

৩৮) প্ৰশ্ন : ভাৰতীয় ফুটবল দলক প্ৰতিনিধিত্ব কৰা অসমৰ দুগৰাকী ফুটবল খেলুৱৈৰ নাম কি?
উত্তৰ : টালিমেৰণ আও আৰু ফ্ৰান্সিচ বৰুৱা।

৩৯) প্ৰশ্ন : ৰঞ্জী ট্ৰফী চেম্পিয়নশ্বিপত ১০০০ ৰাণ আৰু ১০০ টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?
উত্তৰ : গৌতম দত্ত।

৪০) প্ৰশ্ন : অসম চৰকাৰে কোনটো দিনক ‘অসম ক্ৰীড়া দিৱস’ হিচাপে ঘোষণা কৰিছে?
উত্তৰ : ১৭ অক্টোবৰ, ৰাধাগোবিন্দ বৰুৱাৰ জন্মদিন।

Read more:

Conclusion

💖 I this post i have made a post খেল ধেমালী কুইজ ।। Games Quiz ।।. I hope you have liked it and Please do share with your friends and follow our blog for more

if you have any questions please feel free to ask in comments section

Labels : Quiz , কুইজ ,

Rate this Article

About the Author

Hi there, this is Admin. Who loves to write about Blogs, Poetry, Quizs related topic.

1 comment

  1. সুন্দৰ পদক্ষেপ। ভাল লাগিল পঢ়ি ছাৰ। ধন্যবাদ
অনুগ্ৰহ কৰি কমেন্ট কৰা আগত নিজৰ নাম উল্লেখ কৰিব, নতুবা গুগল একাউন্ট সৈতে লগইন হৈ লব তাৰ পিছক আপোনাৰ বহুমুলীয়া পৰামৰ্শ, যোগাযোগৰ লগতে লেখনি প্ৰকাশ সম্পৰ্কীয় কমেণ্ট দিব পাৰিব । ধন্যবাদ।
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.