ককা - কবিতা - ©DigitalTinsukia.in |
ককা
ককাৰ স্মৃতিত লিখা এটি সৰু কবিতা
অ ককা তুমি আকৌ আহিবনে
আমাৰ মাজলৈ?
সৃষ্টিৰ পাতনি মেলি,
পোহৰৰ বাট দেখুৱাবলৈ!
অ ককা তুমি আকৌ আহিবনে
আমাৰ মাজলৈ?
আমাক সাহস যোগাই,
জীৱনৰ বাটত আগ বঢ়াবলৈ!
অ ককা তুমি আকৌ আহিবনে
আমাৰ মাজলৈ?
মৰমৰ মাত এষাৰ দি
মৰম কৰিবলৈ!
অ ককা তুমি আকৌ আহিবনে
আমাৰ মাজলৈ?
আহা আজি তোমালোকক
এটা সাধু কওঁ বুলি
মৰমেৰে বুকুচাত আদৰিবলৈ
নাহিবা জানো ককা..
তুমি পুনৰ আমাৰ মাজলৈ
মৰমৰ নাতি নাতিনীহতক হেঁপাহ পলাই চাবলৈ।
ককা অ...অ ককা... আহানা তুমি পুনৰ
আমাৰ মাজলৈ
তোমাৰ কুচত উমলিবলৈ
আজি বৰকৈ মন গৈছে অ।
ধন্যবাদ।।
✍মণ্টু ডেকা। তিনিচুকীয়া অসম।
Conclusion
💖 I this post i have made a post ককা - কবিতা - Grand Father - Assamese Poem - by Montu Deka. I hope you have liked it and Please do share with your friends and follow our blog for more
if you have any questions please feel free to ask in comments section
Labels :
Poem ,
অসমীয়া কবিতা ,