Fisheries Department of the Government of Assam
জাননী
কেন্দ্রীয় চৰকাৰৰ নীতি - নিদের্শনাৰ আধাৰত অসম চৰকাৰৰ মীন বিভাগে মীন খণ্ডৰ লগত জড়িত মাছ পালক , মাছমৰীয়া , মাছ বিক্রেতা আদিৰ বাবে Kishan Credit Card ( KCC - Fishery ) প্রদানৰ এক বলিষ্ঠ অভিযান আৰম্ভ কৰিছে । অহা আগষ্ট মাহৰ ভিতৰতে ৰাজ্যখনত ২.৫০ ( আঢ়ৈ ) লাখ পুৰুষ - মহিলাক সামৰি ল'ব খােজা এই অভিযানত সাধাৰণ মাছ পালক , মাছমৰীয়া , মাছ বিক্রেতা আদিৰ বাবে আঁচনিখন যথেষ্ট সৰলীকৃত ৰূপত ৰাইজৰ মাজলৈ আগুৱাই নিয়াৰ প্ৰয়াস কৰা হৈছে যাতে ৰাজ্যখনত মীন খণ্ডৰ উন্নয়ন ত্বৰান্বিত কৰিব পাৰি । এই জাননীৰ যােগেদি উক্ত অভিযানৰ অংশীদাৰ হ'বলৈ সকলােকে আহ্বান জনােৱা হ'ল ।
KCC-Loan (Fishery) |
ক ) KCC - Fishery ৰ জৰিয়তে আপুনি কি কি আঁচনি ল'ব বিচাৰে?
১ ) মাছ পালনৰ বাবে প্রয়ােজনীয় খাদ্য , মাছৰ পােনা , চূণ সাৰ ইত্যাদি কিনাৰ বাবদ
২ ) বিলত মাছ - পােনা মেলাৰ বাবে পােনা কিনাৰ বাবদ।
৩ ) মাছৰ পােনা পৰিবহণ / মাছ পৰিবহণৰ বাবে চাইকেল , হাণ্ডি ইত্যাদি কিনাৰ বাবদ
৪ ) মাছমৰীয়াসকলৰ জাল , নাও , হাণ্ডি ইত্যাদি কিনাৰ বাবদ।
খ) KCC-Fishery Loan পোৱাৰ বাবে আপুনি কি কি নথি পত্ৰ জমা দিব লাগিব।
১ ) যথাযথভাৱে আবেদনপত্র পূৰণ
২ ) দুই কপি নতুন ৰঙীণ পাছপাের্ট ফটো
৩ ) Identity & Address Proof বাবে Voter ID / PAN Card / Aadhaar Card / Driving License ইত্যাদি ফটো কপি।
৪ ) মাটি থকা প্রমাণপত্র / জমাবন্দিৰ ফটো কপি
৫ ) বেংক পাছবুকৰ প্রথম পৃষ্ঠাৰ ফটো কপি
৬ ) পেন কাৰ্ডৰ ফটো কপি
৭ ) জিলা মীন বিষয়াৰ দ্বাৰা মাছমৰীয়া, মাছ মৰাৰ অভিজ্ঞতাৰ প্রমাণপত্র।
বিশদ বিৱৰণৰ বাবে জিলা মীন উন্নয়ন বিষয়া, মহকুমা মীন উন্নয়ন বিষয়, স্থানীয় মীন উন্নয়ন বিষয়া আদিৰ লগত যােগাযােগ কৰক ।
জিলা মীন উন্নয়ন বিষয়া নগাঁও ( অসম ) যােগাযােগ নং -৯৯৫৪৪২৮১৫০
Download Notice: Click Here
Conclusion
💖 I this post i have made a post KCC-Fishery Loan Apply :: Fisheries Department of the Government of Assam 2020. I hope you have liked it and Please do share with your friends and follow our blog for more
if you have any questions please feel free to ask in comments section
Labels :
আন শিতান ,