সুখ কত নাই Hukh kot nai

😀

 সুখ ক'ত নাই



ঃহেৰা,শুনাচোন?
ঃমই গা ধুই আছো৷ কওঁকছোন,,,
ঃমোৰ চোলাটো ফালি আছে৷ চিলাবলৈ লাগিছিল৷ নহলে ফটা চোলাটো পিন্ধি কামলৈ যাবলৈ লাগিব৷
ঃ ৰ'ব মোৰ গা ধূৱা শেষ হলেই আপোনাৰ চোলাটো চিলাই দিম৷
       
     পত্নীয়ে গা ধূই আহি ভিজা চুলিবোৰ গামোছাৰে মোহাৰি আছিল৷ মই পাছফালৰ পৰা সাৱতি ধৰি কলো
 
      ঃআজি তোমাক বৰ ধুনীয়া লাগিছে৷ ভিজা চুলিবোৰৰ মাজৰ পৰা সৰগীয় সুৱাসবোৰ বিয়পী পৰিছে৷ কবলৈ মন গৈছে তুমি মোৰ চিৰজীৱনৰ, তুমি মোৰ মৰমৰ,,,,,,৷
       ঃপুৱাতে ৰোমান্টিক কবি হবলৈ নালাগে৷ নহলে কামলৈ যাবলৈ নোৱাৰিব৷ চোলাটো লৈ আহক ৷ মই চিলাই দিওঁ৷
        ঃতোমাৰ মৰমবোৰ পাই থাকিলে ফটা চোলাটো পিন্ধিয়েই কামলৈ যাম৷ মাথো তুমি সদায় হাঁহি থাকিবা৷
         ঃহাঁহি থাকিবলৈ সদায় চেষ্টা কৰো৷ কিন্তু আপোনাৰ কষ্টবোৰ দেখিলে মোৰ বৰ দুখ লাগে৷ আপুনি পৰিয়ালটোৰ বাবে কমখন কষ্ট কৰেনে?
        ঃকষ্ট কৰিবয়েই লাগিব৷ আমি পুৰুষ৷ ঘৰখনৰ নাৰীবোৰে দুখ নাপাওঁক বুলিয়েই আমি সদায় কষ্ট কৰো৷ নিজৰ হাতখন ক'লা কৰি তোমাৰ হাতদুখন জেতুকাৰ ৰঙেৰে ৰাঙলী কৰিব খুজো৷ বৰষুণৰ পানী পৰা ঘৰটোৰ মাজতেই সুখবোৰ বিছাৰি ফুৰো৷
     ঃহয় দিয়ক৷ বাৰিষাৰ নিশা ঘৰটোৰ ভিতৰত শুবলৈ নোৱাৰো৷ বিছনাখন বৰষুণে ধুৱাই পেলায়৷ সেইদিনা দুখ লাগে কিন্ত আপোনাৰ মৰম আৰু বিশ্বাসৰ মাজত দুখবোৰ পাহৰি পেলাওঁ৷
  ঃদুখ কৰি কিনো কৰিম? মই মাথো সংগ্ৰাম কৰিব খুজো৷ বৰষুণজাকৰ সৈতে যুঁজিব খুজো৷ সেয়েহে বৰষুণ জাকত দুয়ো ভিজি সাহসী হবলৈ বিছাৰো৷
  ঃ এই সৰু ঘৰটোৰ মাজতেই সৰগীয় সুখবোৰ সুমাই আছে৷ মাথো সুখবোৰ বিছাৰিব জানিব লাগে৷ বিশেষকৈ আপোনাৰ দৰে স্বামী এজন পালো৷ সেয়েহে মই সুখী৷
ঃ সুখবোৰ বুটলিব জানিব লাগে৷ যিজনে সুখৰ উপলব্ধি কৰিব নোৱাৰে তেওঁ কেনেকৈ সুখী হ'ব৷ মানুহ অলপতে সুখী লাগে৷ যিমান বিছাৰিম সিমান আমি নাপাওঁ৷
   ঃ মই আপোনাৰ মাজতেই সুখবোৰ বিছাৰি পাওঁ৷ আপুনি জীয়াই আছে সেয়েহে ময়ো জীয়াই আছো৷ আপুনি সুখত আছে সেয়েহে ময়ো সুখত আছো৷
  ঃআনক সুখী কৰিব পৰাটোৱেই জীৱনৰ ডাঙৰ সফলতা৷ পত্নীক সুখত ৰখা,মাতৃক সুখত ৰখা,পুত্ৰ- জিয়ৰীক সুখত ৰখোৱাতো মোৰ কৰ্তব্য৷ মই পৰিয়ালটোৰ বাবে সদায় কষ্ট কৰি যাম৷ মাথো মোক সকলোৱে ওঠত এটা হাঁহি লাগে৷ এটা মিঠা হাঁহি,,,,,,৷
ঃআপুনি  মোক বেছিকৈ সুখী কৰি ৰাখে ৷
ঃ তুমি হৈছা মোৰ অধাংগিণী৷ মোৰ শৰীৰৰ আধা অংগ৷ তুমি মোৰ মাজতেই তোমাৰ মা-দেউতাৰ মৰম বোৰ বিছাৰি ফুৰা৷ যেতিয়া মই তোমাক বিয়া পাতিছিলো সেইদিনা তোমাৰ মা-দেউতায়ে কান্দি কান্দি মোক কৈছিল--
ঃআমাৰ এইজনী একমাত্ৰ ছোৱালী৷ সেয়েহে তাইক তুমি সদায় সুখত ৰাখিবা৷
ঃআপোনালোকে চিন্তা নকৰিব৷ মই যিমান পাৰো সিমানেই সুখ দিম৷ 
        তোমাৰ মা - দেউতাৰ চকুৰপানীক মই অসন্মান কৰিব নুখুজো৷ সেয়েহে,,,,,,,৷
ঃআপোনাৰ দুচকুত চকুৰপানী?
ঃচকুৰপানী দুখত নহয় সুখতো ওলায়৷যিদিনা সুখবোৰ বেছি হৈ যায় সেইদিনাও চকুৰপানী উলায় আৰু যিদিনা দুখবোৰ বেছি হৈ যায় সেইদিনাও চকুৰপানী উলায়৷
 ঃ আপোনাৰ চকুৰপানীবোৰ মোহাৰি দিয়া দায়িত্ব মোৰ৷ আপুনি এজন পুৰুষ ৷ প্ৰকৃত পুৰুষ৷ যিয়ে নাৰীক সন্মান কৰিব জানে, যিয়ে নাৰীৰ দুখবোৰক উপলব্ধি কৰিব জানে৷ সেয়েহে এই জুপুৰী ঘৰটোত থাকিওঁ মই সদায় সুখী৷
ঃময়ো সুখী কাৰন তোমাৰ দৰে ভাগ্যমতী পত্নী এগৰাকী পাইছো৷ পুৰুষৰ সুখত সুখী হোৱা,পুৰুষৰ দুখত দুখী হোৱা, পুৰুষক সাহসেৰে এখোজ আগবাঢ়িবলৈ প্ৰেৰণা দিয়া আঁৰতে এগৰাকী নাৰী জড়িত হৈ থাকে৷ এগৰাকী প্ৰকৃত নাৰী৷ সেই প্ৰকৃত নাৰীগৰাকী তুমি,,,,, ৷
ঃআপুনি মোক সেইখিনি সন্মান দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছো৷ কথা কৈ থাকোতে চোলাটো চিলাবলৈ থাকিয়েই গ'ল৷
ঃ আজি ফটা চোলাটোকেই পিন্ধি যাওঁ দিয়া৷ কালিলৈ পুৱাতে চিলাই দিবা৷ মই যাওঁ,,,,৷

ঃ যাওঁক কিন্তু কামলৈ যোৱাৰ আগত সদায় দি যোৱাৰ দৰে আজিওঁ দিব দেই৷
ঃসেইটো কেতিয়াওঁ নাপাহৰো৷ পতি পত্নীক সুখী কৰিব পৰা মৰমৰ মিঠা চুমাটো,,,,,, ৷

সংগ্ৰহ

Read more:

Conclusion

💖 I this post i have made a post সুখ কত নাই Hukh kot nai. I hope you have liked it and Please do share with your friends and follow our blog for more

if you have any questions please feel free to ask in comments section

Rate this Article

About the Author

Hi there, this is Admin. Who loves to write about Blogs, Poetry, Quizs related topic.

تعليقان (2)

  1. Val lagil porhi
    1. ধন্যবাদ...।
অনুগ্ৰহ কৰি কমেন্ট কৰা আগত নিজৰ নাম উল্লেখ কৰিব, নতুবা গুগল একাউন্ট সৈতে লগইন হৈ লব তাৰ পিছক আপোনাৰ বহুমুলীয়া পৰামৰ্শ, যোগাযোগৰ লগতে লেখনি প্ৰকাশ সম্পৰ্কীয় কমেণ্ট দিব পাৰিব । ধন্যবাদ।
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.