ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস - National Science Day - [ 28 February ]

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয় - National Science Day - [ 28 February ]

National Science Day- ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস
National Science Day- ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

 

National Science Day is celebrated in India on 28 February each year to mark the discovery of the Raman effect by Indian physicist Sir C. V. Raman on 28 February 1928. For his discovery, Sir C.V. Raman was awarded the Nobel Prize in Physics in 1930 

প্ৰশ্নঃ- ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয়।

উত্তৰঃ- ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ২৮ ফেব্ৰুৱাৰী দিনা পালন কৰা হয়।

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ ইতিহাসঃ-


১৯৮৬ চনত ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা যোগাযোগ আয়োগ (National Council for Science and Technology Communication – NCSTC) – এ ভাৰত চৰকাৰৰ ওচৰত ‘ৰমণ-প্ৰক্ৰিয়া’ আৱিস্কাৰ হোৱা দিনটো অৰ্থাত ২৮ ফ্ৰেব্ৰুৱাৰীক ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে স্বীকৃতি দিবলৈ আবেদন জনায়। পিছত চৰকাৰে এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ২০০০ চনৰ পৰা ২৮ ফ্ৰেব্ৰুৱাৰী দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। বৰ্তমান গোটেই দেশজুৰি বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠানসমূহত বিজ্ঞান দিৱস পালন কৰা হয়।


NCSTC – এ প্ৰতি বছৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ দিনটোত একোটি বিষয়বস্ত বা আলোচ্য বিষয় নিৰ্দ্ধাৰণ কৰা কেইটামান উল্লেখযোগ্য আলোচ্য বিষয় হল - পেলনীয়া সামগ্ৰীৰ পৰা সম্পদ (২০০০), পদাৰ্থ বিজ্ঞানৰ প্ৰসাৰ (২০০৫), আমাৰ ভৱিষ্যতৰ বাবে প্ৰকৃতিৰ লালন-পালন (২০০৬), বিজ্ঞানৰ প্ৰসাৰ (২০০৯), দৈনন্দন জীৱনত ৰসায়নবিদ্যা (২০১১), বৈজ্ঞানিক মানসিকতাৰ উতকৰ্ষ সাধন আৰু শক্তি সংৰক্ষণ (২০১৪)।

বিজ্ঞান দিৱস পালনৰ উদ্দেশ্যঃ-

বৰ্তমান সময়ত প্ৰতি খোজে খোজে বিজ্ঞানৰ জয়যাত্ৰা। বৰ্তমান জীৱনৰ প্ৰতিটো খলপতে বিজ্ঞান জড়িত হৈ পৰিছে। পৃথিৱী নামৰ আমাৰ এই প্ৰাণৰ গ্ৰহটি আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উতকৰ্ষৰে জিলিকি উঠিছে। বিজ্ঞানে আমাক প্ৰদান কৰিছে জীৱনৰ অন্য এক আয়তন।


যদিও চি ভি ৰমণৰ আৱিষ্কাৰক সুঁৱৰি আমি তেওঁৰ অৰিহণাৰ কথা স্মৰণ কৰিবলৈ গোটেই দেশতে বিজ্ঞান দিৱস পালন কৰোঁ, তথাপি এটা কথা আমি প্ৰত্যেকেই অনুভৱ কৰোঁ যে ইয়াৰ মূল উদ্দেশ্য এটাই – বিজ্ঞানক জনপ্ৰিয় কৰা। আজিৰ সমাজত এতিয়াও ছানি ধৰি থকা কিছুমান পুৰণি ৰীতি-নীতি, কুসংস্কাৰ, অন্ধবিশ্বাসক সমাজৰ পৰা বিদায় দি বৈজ্ঞানিক মতবাদ প্ৰতিষ্ঠিত কৰাই হল বিজ্ঞান দিৱসৰ উদ্দেশ্য। সমাজৰ প্ৰতিগৰাকী ব্যক্তিক বৈজ্ঞানিক মানসিকতাৰে গঢ় দিব নোৱাৰিলে নতুন নতুন বৈজ্ঞানিক আৱিষ্কাৰেও সমাজক আগুৱাই লৈ যাব নোৱাৰে। ই চিৰসত্য । বৈজ্ঞানিক পথাৰখনত থকা সকলো ক্ৰিয়া-কলাপ, আৱিষ্কাৰ, ন-প্ৰযুক্তিবিদ্যা আদি জনসাধাৰণৰ মাজলৈ লৈ যোৱাই বিজ্ঞান দিৱসৰ উদ্দেশ্য। তদুপৰি উঠি অহা প্ৰজন্মৰ যিসকলে লোক বৈজ্ঞানিক দৃষ্টিভংগীৰে আগুৱাই যাবলৈ ইচ্ছুক, তেওঁলোকক অগ্ৰজসকলৰ পিনৰ পৰা কিছু সুবিধা দি নতুন পৃথিৱী এখনলৈ আগুৱাই নিয়াটোও বিজ্ঞান দিৱসৰ উদ্দেশ্য।


গতিকে আহক, আজি বিজ্ঞান দিৱসৰ এই পৱিত্ৰ দিনটোত ছাৰ চি ভি ৰমণক স্মৰণ কৰি তেওঁৰ আদৰ্শেৰে সকলোকে আগুৱাই নিবলৈ যত্নপৰ হঁও।

 Reference:
www.digitaltinsukia.in

 Warning!
অনুগ্ৰহ কৰি লেখা সম্পূৰ্ণ কৈ পঢ়ে যেন।

Read more:

Conclusion

💖 I this post i have made a post ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস - National Science Day - [ 28 February ]. I hope you have liked it and Please do share with your friends and follow our blog for more

if you have any questions please feel free to ask in comments section

Rate this Article

About the Author

Hi there, this is Admin. Who loves to write about Blogs, Poetry, Quizs related topic.

إرسال تعليق

অনুগ্ৰহ কৰি কমেন্ট কৰা আগত নিজৰ নাম উল্লেখ কৰিব, নতুবা গুগল একাউন্ট সৈতে লগইন হৈ লব তাৰ পিছক আপোনাৰ বহুমুলীয়া পৰামৰ্শ, যোগাযোগৰ লগতে লেখনি প্ৰকাশ সম্পৰ্কীয় কমেণ্ট দিব পাৰিব । ধন্যবাদ।
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.