বিশ্ব স্বাস্থ্য দিৱস ৭ এপ্রিল - World Health Day 7 April

বিশ্ব স্বাস্থ্য দিৱস ৭ এপ্রিল - World Health Day 7 April

    নমস্কাৰ বন্ধু-বান্ধৱী সকল, আজি মই আপোনালোকৰ আগত বিশ্ব স্বাস্থ্য দিৱসৰ ওপৰত এটি সৰু টোকা ডাঙি ধৰিব বিচাৰিছো। আশা কৰো সকলোৱে উপকৃত হব। বিশ্ব স্বাস্থ্য দিৱস প্ৰতি বছৰে ৭ এপ্ৰিল তাৰিখে গোটেই বিশ্বতে পালন কৰা সজাগতামূলক দিৱস। ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধানত এই দিৱস গোটেই বিশ্বৰ ইয়াৰ সদস্য ৰাষ্ট্ৰ সকলে আৰু ইয়াৰ লগত জড়িত আন সংস্থাবোৰে পালন কৰে। 

বিশ্ব স্বাস্থ্য দিৱস ৭ এপ্রিল - World Health Day 7 April
বিশ্ব স্বাস্থ্য দিৱস ৭ এপ্রিল - World Health Day 7 April

 

বিশ্ব স্বাস্থ্য সংস্থা আন্তৰ্জাতিক জনস্বাস্থ্যৰ সমন্বয়কৰ ভূমিকা পালন কৰে। ১৯৪৮ চনৰ ৭ এপ্ৰিল তাৰিখে ইয়াৰ গঠন কৰা হৈছিল। ১৯৪৮ চনত বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰথম বিশ্ব স্বাস্থ্য সভা অনুষ্ঠিত হৈছিল। বিশ্ব স্বাস্থ্য সভায়ে প্ৰতি বছৰে ৭ এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য দিৱস পালন কৰাৰ প্ৰস্তাৱ গৃহীত কৰে আৰু ১৯৫০ চনৰ পৰা এই প্ৰস্তাৱ কাৰ্যকৰী হয়। গোটেই বিশ্বতে স্বাস্থ্য সম্পৰ্কীয় বিষয় সমূহৰ সজাগতা আৰু উপযুক্ত কৃতপক্ষৰ দৃষ্টি আকৰ্ষণ কৰা এই দিৱসৰ অন্যতম উদ্দেশ্য। বিশ্ব স্বাস্থ্য সংস্থায়ে বিশ্ব স্বাস্থ্য দিৱসত আন্তৰ্জাতিক, আঞ্চলিক আৰু স্থানীয় স্তৰত প্ৰতি বছৰে এটি মূল বিষয়লৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে। বিশ্ব স্বাস্থ্য দিৱস জনস্বাস্থ্যৰ লগত জড়িত বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সংগঠনে পালন কৰে। গোলকীয় স্বাস্থ্য পৰিষদৰ অংশ হিচাপে বিশ্ব স্বাস্থ্য দিৱসৰ প্ৰচাৰ আৰু প্ৰসাৰ চলোৱা হয়। বিশ্ব স্বাস্থ্য দিৱস বিশ্ব স্বাস্থ্য সংস্থায়ে পালন কৰা বিশ্বৰ স্বাস্থ্যৰ লগত জড়িত ৮ টা চৰকাৰী দিৱস আৰু কাৰ্যসূচীৰ অন্যতম। বাকীকেইটা হল বিশ্ব যক্ষ্মা দিৱস, বিশ্ব ৰোগপ্ৰতিৰোধক সপ্তাহ, বিশ্ব মেলেৰিয়া দিৱস, বিশ্ব ধঁপাতবিৰোধী দিৱস, বিশ্ব এইড্‌ছ দিৱস, বিশ্ব ৰক্তদাতা দিৱস আৰু বিশ্ব হেপাটাইটিছ দিৱস.

 

 

বিশ্ব স্বাস্থ্য দিৱস ৭ এপ্রিল (World Health Day 7 April)

    ১৯৪৮ চনৰ ৭ এপ্রিল তাৰিখে বিশ্ব স্বাস্থ্য সংস্থা প্রতিষ্ঠা কৰা হয় । জন সাধাৰণৰ মাজত স্বাস্থ্য সচেতনতা বৃদ্ধি কৰাই আছিল উক্ত সংস্থাৰ লক্ষ্য । প্রতিখন দেশৰ প্রতিটো জাতিৰ উন্নতি হলেহে বিশ্বৰ বাসিন্দাসকল স্বাস্থ্যবান হব। সামাজিক শান্তি-প্রগতিও তাতেই লুকাই আছে। 

 

 

    বিশ্বৰ উন্নত দেশৰ তুলনাত এচিয়া আৰু আফ্রিকাৰ অনগ্ৰসৰ দেশবােৰৰ স্বাস্থ্য সচেতনতা বহুত কম। গতিকে তাত কৰিবলগীয়া বহুত কামেই আছে। খাদ্যাভাৱে জৰুলা কৰা লােকৰ পৰা সুস্বাস্থ্য আশা কৰিব নােৱাৰি। উপৰােক্ত কাৰণতে স্বাস্থ্য সচেতনতাৰ বাবে অধিক প্রচাৰৰ আৱশ্যক। বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে এই দিশত অগ্ৰসৰ হােৱাটো সুখৰ অন্যতম বার্তা।     স্বাস্থ্য সংস্থাই বিশ্বৰ জনসাধাৰণৰ আগত দাঙি ধৰিছে যে কেৱল ৰােগ বা শাৰীৰিক দুর্বলতাৰ পৰা মুক্ত হােৱাটোৱেই সুস্থতা নহয়। ই হৈছে এনে এটা অৱস্থা যত মানুহৰ শাৰীৰিক, মানসিক আৰু সামাজিক স্বচ্ছন্দতা বৰ্তি থাকে। সেই কাৰণে যােগ তথা ধ্যানৰ ওপৰতাে আধুনিক বিশ্বই গুৰুত্ব আৰােপ কৰা দেখা যায়। খাদ্য গ্রহণ, সাজ-পােছাক, ফুৰা-চকা আদি সকলােতে নতুনত্ব। এই নতুনত্বই আমাৰ দেহলৈ বিবিধ ৰােগব্যাধি মাতি আনিছে। প্রকৃতিৰ পৰা আঁতৰি আহি কৃত্রিমতাৰ প্রতি মােহিত হােৱা কথাষাৰে সকলাে সর্বনাশৰ মুল।

 

  

    ইত্যাদি অনেক কথাৰ প্রতি গুৰুত্ব ৰক্ষা কৰি বিশ্বই প্রতি বছৰৰ সাত এপ্রিল দিনটোক বিশ্ব স্বাস্থ্য দিৱস ৰূপে পালন কৰিব লৈছে। কিয়নাে এতিয়া আমি শ্রেষ্ঠ জীৱ হিচাপে আমাৰ শ্ৰেষ্ঠতা ৰক্ষা কৰিবই লাগিব।

 

FAQ:- 

প্ৰশ্নঃ- বিশ্ব স্বাস্থ্য সংস্থা কেতিয়া/কোন তাৰিখে প্ৰতিষ্ঠা কৰে? 

উত্তৰঃ  বিশ্ব স্বাস্থ্য সস্থা ১৯৪৮ চনৰ ৭ এপ্ৰিল তাৰিখে প্ৰতিষ্ঠা কৰা হয়। 

 

প্ৰশ্নঃ- বিশ্ব স্বাস্থ্য দিৱস কোন তাৰিখে পালন কৰা হয়?

উত্তৰঃ  বিশ্ব স্বাস্থ্য দিৱস ৭ এপ্ৰিল দিনটোত পালন কৰা হয়।

 

প্ৰশ্নঃ- বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰথম বিশ্ব স্বাস্থ্য সভা কেতিয়া অনুস্থিত কৰা হয়?

 উত্তৰঃ ১৯৪৮ চনত বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰথম বিশ্ব স্বাস্থ্য সভা অনুষ্ঠিত হৈছিল।

 

Read more:

Conclusion

💖 I this post i have made a post বিশ্ব স্বাস্থ্য দিৱস ৭ এপ্রিল - World Health Day 7 April. I hope you have liked it and Please do share with your friends and follow our blog for more

if you have any questions please feel free to ask in comments section

Rate this Article

About the Author

Hi there, this is Admin. Who loves to write about Blogs, Poetry, Quizs related topic.

إرسال تعليق

অনুগ্ৰহ কৰি কমেন্ট কৰা আগত নিজৰ নাম উল্লেখ কৰিব, নতুবা গুগল একাউন্ট সৈতে লগইন হৈ লব তাৰ পিছক আপোনাৰ বহুমুলীয়া পৰামৰ্শ, যোগাযোগৰ লগতে লেখনি প্ৰকাশ সম্পৰ্কীয় কমেণ্ট দিব পাৰিব । ধন্যবাদ।
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.