উচ্চ শিক্ষাৰ বাবে জলপানিৰ সুবিধা -Scholarship Facility for Higher Education

উচ্চ শিক্ষাৰ বাবে জলপানিৰ সুবিধা -Scholarship Facility for Higher Education
উচ্চ শিক্ষাৰ বাবে জলপানিৰ সুবিধা -Scholarship Facility for Higher Education
উচ্চ শিক্ষাৰ বাবে জলপানিৰ সুবিধা -Scholarship Facility for Higher Education


উচ্চ শিক্ষাৰ বাবে জলপানিৰ সুবিধা



সুখ্যাতিৰে পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জলপানিৰ ব্যৱস্থা কৰে। শাৰীৰিকভাৱে বাধাগ্ৰস্ত ছাত্ৰ-ছাত্ৰীৰ বাবেও সুকীয়া জলপানীৰ ব্যৱস্থা আছে। কেন্দ্ৰীয় চৰকাৰে সংখ্যালঘূ সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবেও সুকীয়াকৈ জলপানি দিয়াৰ ব্যৱস্থা কৰিছে। বিশেষকৈ দুখীয়া ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰৰ জলপানিৰ সুবিধা লৈ যাতে উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে। বাস্তৱ ক্ষেত্ৰত অসমত চৰকাৰী জলপানিৰ বিষয়ে বহুল প্ৰচাৰ হোৱা নাই। ৰাজ্যৰ শিক্ষা বিভাগে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জলপানি সম্পৰ্কীয় আঁচনিৰ কথা বহুল ভাৱে প্ৰচাৰ কৰিব লাগে। বিশেষকৈ শাৰীৰিক ভাৱে বাধাগ্ৰ্স্ত আৰু সংখ্যালঘূ ছাত্ৰ-ছাত্ৰীৰ বাবে থকা জলপানী সম্পৰ্কীয় বহুল প্ৰচাৰৰ প্ৰয়োজন আছে। তেনে প্ৰচাৰ অসমৰ শিক্ষা বিভাগে কৰা পৰিলক্ষিত হোৱা নাই।

কেন্দ্ৰীয় চৰকাৰে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অধ্যয়ণ কৰা ছাত্ৰ-ছাত্ৰীক জলপানি দিয়ে। যিবোৰ ৰাজ্যত হিন্দী ভাষা বহুলভাৱে প্ৰসাৰ বা ব্যৱহাৰ নাই সেই ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক শুদ্ধকৈ হিন্দী ক’ব পৰা শিক্ষা গ্ৰহণ কৰিবৰ বাবে জলপানি দিয়াৰ ব্যৱস্থা আছে। কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে বাধাগ্ৰস্ত ছাত্ৰক মহাবিদ্যালয় বা উচ্চ শিক্ষা গ্ৰহণৰ বাবে মাহে জলপানি দিয়াৰ আঁচনি আৰম্ভ কৰিছে। ৰাজ্যত থকা শাৰীৰিকভাৱে বাধাগ্ৰস্ত ছাত্ৰই অসমৰ সমাজ কল্যাণ বিভাগৰ লগতে যোগাযোগ কৰি মাহেকীয়া জলপানিৰ বাবে আবেদন কৰিব পাৰে।

ভাৰত চৰকাৰে ২০০৭ চনৰ পৰা ‘নেচনেল মেৰিট স্ক’লাৰশ্বিপ স্কীম’ৰ অধীনত শিক্ষাক জলপানি দি আছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা, স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰক, চৰকাৰী উচ্চ মাধ্যমিক, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অধ্যয়ণ কৰি থকা ছাত্ৰক এই আঁচনিৰ অধীনত আৰ্থিকভাৱে সহায় কৰে। এই সুবিধা পাব লাগিলে পৰীক্ষাত সুখ্যাতিৰে উত্তিৰ্ণ হ’ব লাগিব। আৰু ছাত্ৰ-ছাত্ৰী গৰাকী কম আয় পৰিয়ালৰ সন্তান হ’ব লাগিব। উচ্চ মাধ্যমিকত উত্তীৰ্ণ হৈ অধ্যয়ণ কৰা সকলক বছৰে ৮২ হাজাৰ টকা জলপানি দিয়া। ইয়াৰ বাবে সংশ্লিষ্ট ৰাজ্যৰ শিক্ষা বিভাগৰ লগতে যোগাযোগ কৰিলেও হয়।

আনহাতে, প্ৰতিবন্ধী বা শাৰীৰিকভাৱে বাধাগ্ৰ্স্ত প্ৰতিবন্ধীৰ বাবে গঠন কৰা বিত্তীয় উন্নয়ন নিগমৰ জৰিয়তেও জলপানি দিয়া হয়। অনুৰূপ ধৰণে সামাজিক ন্যায় বিভাগৰ জলপানিৰ সুবিধাসমূহ আছে। তদুপৰি চিকিৎসা মহাবিদ্যালয়ত, অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যয়ণ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবেও কেন্দ্ৰীয় চৰকাৰৰ সুকীয়া জলপানিৰ ব্যৱস্থা আছে। মৌলানা আব্দুল কালাম আজাদৰ নামত ভাৰতবৰ্ষত জলপানিৰ জনপ্ৰিয় আঁচনি আছে। বিশেষকৈ সংখ্যালঘূ পৰিয়ালৰ সন্তানক এই আঁচনিৰ জলপানী দিয়া হয়। হাইস্কুল শিক্ষান্ত বা হাইমাদ্ৰাছা পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক এই আঁচনিৰ জলপানি দিয়া হয়।

অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ জলপানি আঁচনি



জলপানি প্ৰদানেৰে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে অসম ডাউন টাউন বিশ্ববিদ্যালয়ে। প্ৰতিদিন গ্ৰুপ অব্‌ পাব্লিকেচন আৰু নিউজ টাইম অসমৰ সহযোগত শিক্ষা প্ৰতিষ্ঠানখনে প্ৰায় ৭০ খন আসন আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ মেধা ছত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষণ কৰিছে। এই আসনকেইখন সম্পূৰ্ণ বিনামূলীয়া বুলি শিক্ষা প্ৰতিষ্ঠানৰ এক সূত্ৰই জানিবলৈ দিয়ে। উল্লেখ্য যে অভিযান্ত্ৰিক, পেৰামেডিকেল, বি বি এ আৰু এম বি এ পাঠ্যক্ৰমৰ সুবিধা আগবঢ়াই আহিছে শিক্ষা প্ৰতিষ্ঠানখনে। আনহাতে অসম ডাউন টাউন বিশ্ববিদ্যালয়ে পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিচত ১০০ শতাংশ নিযুক্তিৰ নিশ্বয়তা প্ৰদান কৰিছে।

আসাম ফাউণ্ডেচন অৱ নৰ্থ আমেৰিকাৰ(আফনা) উদ্যোগত কৌশিক দাস মেম’ৰিয়েল কলেজ জলপানি

আসাম ফাউণ্ডেচন অৱ নৰ্থ আমেৰিকা চমূকৈ আফনাৰ এক ব্যতিক্ৰমী প্ৰয়াস একাডেমীকচে আৰ্থিকভাৱে দুৰ্বল আৰু মেধাৱী তথা সম্ভাৱণাপূৰ্ণ ছাত্ৰ-ছাত্ৰীসকললৈ শৈক্ষিক জলপানী আগবঢ়োৱাৰ লগতে এই ছাত্ৰ-ছাত্ৰীসকলক বিনা আৰ্থিক প্ৰতিদ্বন্দীতাৰে আগবাঢ়ি যোৱাত সহায় কৰিব। মাধ্যমিক শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকললৈ এই সুবিধা আগবঢ়োৱা হ’ব। দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উচ্চ শিক্ষাৰ প্ৰতি উদ্‌গনি জনোৱাৰ লগতে এইসকল ছাত্ৰ-ছাত্ৰীয়ে যাতে উচ্চ শিক্ষা গ্ৰহণ কৰি ভৱিষ্যতে এটা সুন্দৰ জীৱন অতিবাহিত কৰিব পাৰে। একাডেমীকচে অসমৰ বাসিন্দা তথা দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীলৈ এই সুবিধা আগবঢ়াব। যিকোনো স্নাতক ডিগ্ৰীত নামভৰ্তী কৰা অথবা কৰিবলগীয়া ছাত্ৰ-ছাত্ৰীহে এই আঁচনিৰ হিতাধিকাৰী হ’ব পাৰিব। ডিপ্লমা বা চাৰ্টিফিকেট পৰ্য্যায়ৰ পাঠ্যক্ৰমৰ বাবে এই জলপানী আগবঢ়োৱা নহ’ব। একাডেমীকচে আগবঢ়োৱা জলপানী হিচাপে প্ৰতিগৰাকী হিতাধিকাৰীয়ে কলা, বিজ্ঞান অথবা বাণিজ্য শাখাত স্নাতক অথবা ইয়াৰ সমপৰ্য্যায়ৰ ডিগ্ৰীৰ বাবে ১০,০০০ কৈ জলপানী লাভ কৰিব আনহাতে বিত্তীমূলক শিক্ষা যেনে-চিকিৎসা, আভিযান্ত্ৰিক আদি শিক্ষাৰ বাবে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক ৩০,০০০ কৈ জলপানী আগবঢ়োৱা হ’ব। প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক বিভিন্ন পৰামৰ্শ দিয়াৰ ওপৰিও ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ অগ্ৰগতিৰ চোৱাচিতা কৰিবলৈ একোজনকৈ তত্ত্বাবধায়ক থাকিব।

উল্লেখযোগ্য যে একাডেমী হল মাৰ্কিন যুক্তৰাষ্ট্ৰত অস্থায়ীভাৱে বাস কৰা তথা অসমৰ সৈতে জড়িত হৈ থকা এচাম উদ্যমী লোকৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। আফনাৰ স্বেচ্ছাসেৱী এইসকল লোকে অসমৰ আৰ্থিকভাৱে দুৰ্বল মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ সপোন পূৰণৰ বাট প্ৰশস্ত কৰাত সহায় কৰিব।

আবেদনপত্ৰৰ লগতে এই জলপানী সন্দৰ্ভত সবিশেষ জানিবৰ বাবে অনুগ্ৰহ কৰি এই লিংকত ক্লিক কৰক- AFNA


অতিৰিক্ত তথ্য অথবা কোনো প্ৰশ্ন জানিবলৈ অনুগ্ৰহ কৰি এই ঠিকনাত ই-মেইল কৰিব পাৰে afna.akadamics+help@gmail.com

 

উৎস: আইএনডিজি দল, দৈনিক অসম, প্ৰতিদিন

Read more:

Conclusion

💖 I this post i have made a post উচ্চ শিক্ষাৰ বাবে জলপানিৰ সুবিধা -Scholarship Facility for Higher Education. I hope you have liked it and Please do share with your friends and follow our blog for more

if you have any questions please feel free to ask in comments section

Rate this Article

About the Author

Hi there, this is Admin. Who loves to write about Blogs, Poetry, Quizs related topic.

إرسال تعليق

অনুগ্ৰহ কৰি কমেন্ট কৰা আগত নিজৰ নাম উল্লেখ কৰিব, নতুবা গুগল একাউন্ট সৈতে লগইন হৈ লব তাৰ পিছক আপোনাৰ বহুমুলীয়া পৰামৰ্শ, যোগাযোগৰ লগতে লেখনি প্ৰকাশ সম্পৰ্কীয় কমেণ্ট দিব পাৰিব । ধন্যবাদ।
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.