ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? ইয়াণ্ডাবু সন্ধিৰ চুক্তি সমূহ কি কি?

Q. ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? ইয়াণ্ডাবু সন্ধিৰ চুক্তি সমূহ কি কি?

A. ইয়াণ্ডাবু সন্ধি:  ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে এই ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। 

চমু আভাস:-
প্ৰথম এংলো-বাৰ্মা যুদ্ধৰ অন্ত পেলোৱা শান্তিৰ চুক্তি আছিল। ব্ৰিটিছ বাহিনীৰ ফালৰপৰা 'ছাৰ আৰ্চিবল্ড কেম্পবেল' আৰু ব্ৰহ্মদেশৰ ফালৰপৰা লেগাইৰ ৰাজ্যপাল 'মহা মিন লা কিয়' টিন'-এ এই সন্ধিত স্বাক্ষৰ কৰিছিল। ব্ৰিটিছ বাহিনী ৰাজধানী 'আভা'ৰপৰা মাত্ৰ পঞ্চাছ মাইলমান আঁতৰত থকা ইৰাৱতী নদীৰ পাৰৰ ইয়াণ্ডাবু গাঁৱত উপস্থিত হোৱাত ব্ৰিটিছ বাহিনীয়ে আগবঢ়োৱা চৰ্তমতেই সন্ধি স্বাক্ষৰ কৰিবলৈ মানসকল বাধ্য হৈছিল।

এই সন্ধি অনুসৰি, মানসকলে নিম্নোক্ত চৰ্তসমূহ মানি লৈছিল: 
(১) অসম, মণিপুৰ, আৰাকান আৰু টেনাছেৰিমকে ধৰি ছেলৱিন নদীৰ দক্ষিণ উপত্যকা ব্ৰিটিছক এৰি দিয়া হ'ব। 
(২) কাছাৰ আৰু জয়ন্তীয়াৰ ওপৰত হস্তক্ষেপ নকৰা, 
(৩) যুদ্ধৰ ক্ষতিপূৰণ হিচাপে ১ নিযুত ব্ৰিটিছ পাউণ্ড চাৰিটা কিস্তিত ব্ৰিটিছক দিয়া, 
(৪) আভা আৰু কলিকতাৰ মাজত স্থায়ী ব্ৰিটিছ প্ৰতিনিধি ৰখা, আৰু 
(৫) ব্ৰিটিছৰ লগত বেপাৰৰ চুক্তিত স্বাক্ষৰ কৰা।

এই সন্ধিয়ে ব্ৰিটিছে সেই সময়লৈ সম্পন্ন কৰা আটাইতকৈ খৰচী যুদ্ধখন শেষ কৰে। এংলো-বাৰ্মা যুদ্ধত ১৫০০০ ইংৰাজ আৰু ভাৰতীয় সৈন্য নিধন হৈছিল আৰু তাতকৈ বেছি সংখ্যক (সঠিক অংক জনা নাযায়) মান সৈন্য নিহত হৈছিল। এই যুদ্ধত ব্ৰিটিছৰ খৰচ হৈছিল পাঁচ নিযুত পাউণ্ড ষ্টাৰলিংৰপৰা (২০০৬ চনৰ আমেৰিকাৰ ডলাৰৰ হিচাপত: ১৮.৫ বিলিয়ন) ১৩ নিযুত পাউণ্ড ষ্টাৰলিঙৰ ভিতৰত। এই খৰচে ১৮৩৩ চনত ব্ৰিটিছ শাসনক তীব্ৰ অৰ্থনৈতিক সংকটলৈ নিক্ষেপ কৰিছিল।

ইয়াণ্ডাবুৰ সন্ধি, ২৪ ফেব্ৰুৱাৰী ১৮২৬

এফালে সন্মানীয় ইষ্ট ইণ্ডিয়া কোম্পানী আৰু আনফালে আভাৰ ৰজাৰ মাজত হোৱা শান্তিৰ চুক্তি। কোম্পানীৰ হৈ আছে মেজৰ-জেনেৰেল ছাৰ আৰ্চিবল্ড কেম্পবেল, K.C.B.,আৰু K.C.T.S., অভিযানৰ নেতৃত্ব লওঁতা তথা পেগু আৰু আভাৰ উচ্চ আয়ুক্ত; থমাছ কেম্পবেল ৰবাৰ্টছন, ESQ., পেগু আৰু আভাৰ অসামৰিক আয়ুক্ত; আৰু হেনৰী ডুচি চাড, ESQ., কেপ্টেইন, ইৰাৱতী নদীত ব্ৰিটিছ ৰাজ আৰু কোম্পানীৰ নৌ বাহিনীৰ নেতৃত্ব লওঁতা। আভাৰ ৰজাৰ হৈ আছে মেংগ্যি-মহা-মিন-লা-কিয়'-টিন ৱুংগ্যি, লাইকাইঙৰ শাসক, আৰু মেংগ্যি-মাৰা-লাহ-থু-হাহ-থু-হাহ-থু-আটৱিন-হুন, ৰেবিনিউৰ শাসক। দুয়োপক্ষই আভাৰ ৰাজ্যৰ ইয়াণ্ডাবুত এহেজাৰ আঠশ আৰু ছাব্বিছ বছৰৰ ফেব্ৰুৱাৰীৰ চৌবিছ তাৰিখে, আৰু এহেজাৰ এশ সাতাশী গৰুমা বৰ্ষৰ টাবং চন্দ্ৰ টুটি অহাৰ চতুৰ্থ দিনা এই চুক্তি স্বাক্ষৰ কৰিছে।

দফা ১
শান্তি-শৃংখলাৰ স্বাৰ্থত দুয়োটা পক্ষ ইষ্ট ইণ্ডিয়া কোম্পানী, ব্ৰিটিছ আৰু মানৰ ৰজা বুজাপৰালৈ আহিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।

দফা ২
চুক্তিৰ মতে মানৰ ৰজাই আগতে আৰোপ কৰা সকলোবোৰ ৰাজকীয় ঘোষণা, কৰ ইত্যাদিবোৰ উঠাই লবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।

দফা ৩
দুয়োখন দেশৰ মাজত শান্তি-শৃংখলা বজাই ৰখা কাম্য। স্থায়ী সীমাৰেখা নিৰ্ধাৰণ কৰা হয় আৰু আৰকন গিৰিমালাকে দুয়োখন দেশৰ সীমা হিচাবে পঞ্জীভূত কৰা হয়।

দফা ৪
আভাৰ ৰজাই য়েহ, টাভয়, মেৰগুই আৰু চেনাচেৰিম প্ৰদেশ আৰু সেইবোৰৰ অধীনৰ সকলো এলেকাৰ অধিকাৰ ছেলৱিন নদীক সীমা হিচাপে ধৰি ব্ৰিটিছ চৰকাৰক এৰি দিব। সিবোৰৰ সীমা লৈ কোনো সন্দেহৰ উদ্ভৱ হ'লে তৃতীয় অনুচ্ছেদৰ শেষ অংশ মতে নিষ্পত্তি কৰা হ'ব।

দফা ৫
দুয়োপক্ষৰ মাজত শান্তি আৰু বন্ধুত্ব বজাই ৰখাত বাৰ্মাৰ চৰকাৰৰ আগ্ৰহৰ চিনস্বৰূপে আৰু যুদ্ধত হোৱা খৰচৰ ক্ষতিপূৰণ হিচাপে আভাৰ ৰজাই দহ লাখ পাউণ্ড পৰিশোধ কৰিব।

দফা ৬
যুদ্ধত অংশ লোৱাৰ বাবে দেশী বা বিদেশী কোনো লোককে কোনো পক্ষই অত্যাচাৰ নকৰিব।

দফা ৭
দুয়োখন চৰকাৰৰ মাজত স্থাপন হোৱা বন্ধুত্ব আৰু শান্তিৰ পৰিবেশ অধিক উন্নত কৰিবৰ বাবে দুয়ো পক্ষৰ দ্বাৰা অনুমোদিত মন্ত্ৰী বা বিষয়াই পঞ্চাছজনীয়া দেহৰক্ষীৰ দল এটা লৈ বিপক্ষৰ দৰবাৰত থাকিব আৰু তেওঁলোকে পাৰস্পৰিক বিনিময় প্ৰথাৰ যোগেদি স্থায়ী সামগ্ৰীৰ বাসস্থান কিনিব পাৰিব বা সাজিব পাৰিব। পাৰস্পৰিক লাভালাভলৈ চাই দুই পক্ষই এখন ব্যৱসায়িক চুক্তি কৰিব।

দফা ৮
দূয়োখন চৰকাৰে যুদ্ধৰ আগৰ কালছোৱাত চুক্তিবদ্ধ হোৱা ৰাজহুৱা বা ব্যক্তিগত ঋণক স্বীকৃতি দিব। মান ৰজাৰ অধীনৰ কোনো ঠাইত থকা কোনো ইংৰাজ নাগৰিকৰ মৃত্যু হ'লে আৰু তেওঁৰ কোনো উত্তৰাধিকাৰী নাথাকিলে তেওঁৰ সকলো সম্পত্তি ইংৰাজ প্ৰতিনিধিৰ হাতত মান ৰজাই গতাই দিব লাগিব। একেদৰে ব্ৰিটিছ শাসিত অঞ্চলত থকা কোনো বাৰ্মাৰ নাগৰিকৰ মৃত্যু হ'লে তেওঁৰ সম্পত্তি বাৰ্মাৰ ৰজাৰ প্ৰতিনিধিৰ হাতত গতাই দিয়া হ'ব।

দফা ৯
ব্ৰিটিছৰ নাও বা জাহাজে বাৰ্মাৰ বন্দৰত দিবলগীয়া কৰ আভা ৰজাই উঠাই ল'ব আৰু বাৰ্মাৰ জাহাজ বা নাৱেও ব্ৰিটিছ বন্দৰত কৰ দিব নালাগিব। ইউৰোপীয় বা ভাৰতীয় ব্ৰিটিছ প্ৰজাৰ জাহাজ বা নাওৰ বয়-বস্তু বাৰ্মাৰ বন্দৰত নমাব পাৰিব।

দফা ১০
যুদ্ধত ব্ৰিটিছক সহযোগ কৰা শ্যাম দেশৰ ৰজা আৰু প্ৰজা সকলোকে এই চুক্তিৰ আওতাত সামৰি লোৱা হ'ব।

দফা ১১
এই চুক্তি কাৰ্যকৰী কৰাৰ বাবে বাৰ্মা চৰকাৰে দেশী, আমেৰিকান বা ইউৰোপীয় সকলো বন্দীকে ব্ৰিটিছ আয়ুক্তৰ হাতত গতাই দিব। ব্ৰিটিছ আয়ুক্তয়ো বাৰ্মাৰ বন্দীসকলক বংগৰ পৰা ঘূৰাই অনাৰ পাছত বাৰ্মা চৰকাৰ প্ৰতিনিধিৰ হাতত গতাই দিব। চাৰিমাহৰ ভিতৰত এয়া কাৰ্যকৰী কৰাৰ বাবে গৱৰ্ণৰ-জেনেৰেলে দায়িত্ব ল'ব।

তথ্য সমূহ : 

  1.  Lt. Gen. Sir Arthur P. Phayre (1967). History of Burma (2 সম্পাদনা). প্ৰকাশক London: Sunil Gupta. পৃষ্ঠা. 237.
  2. ↑ 2.0 2.1 Maung Htin Aung (1967). A History of Burma. প্ৰকাশক New York and London: Cambridge University Press. পৃষ্ঠা. 214–215.
  3.  Thant Myint-U (2006). The River of Lost Footsteps--Histories of Burma. Farrar, Straus and Giroux. পৃষ্ঠা. 113. ISBN 978-0-374-16342-6, 0-374-16342-1.
  4.  Anthony Webster (1998). Gentlemen Capitalists: British Imperialism in South East Asia, 1770-1890. I.B.Tauris. পৃষ্ঠা. 142–145. ISBN 1860641717, 9781860641718.
  5.  Thant Myint-U (2006). The River of Lost Footsteps--Histories of Burma. Farrar, Straus and Giroux. পৃষ্ঠা. 125–127. ISBN 978-0-374-16342-6, 0-374-16342-1.
  6.  ৱিকিপিডিয়া আদিৰ পৰা সংগ্ৰহ কৰা হৈছে।
Read more:

Conclusion

💖 I this post i have made a post ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? ইয়াণ্ডাবু সন্ধিৰ চুক্তি সমূহ কি কি?. I hope you have liked it and Please do share with your friends and follow our blog for more

if you have any questions please feel free to ask in comments section

Labels : History Quiz , Quiz ,

Rate this Article

About the Author

Hi there, this is Admin. Who loves to write about Blogs, Poetry, Quizs related topic.

إرسال تعليق

অনুগ্ৰহ কৰি কমেন্ট কৰা আগত নিজৰ নাম উল্লেখ কৰিব, নতুবা গুগল একাউন্ট সৈতে লগইন হৈ লব তাৰ পিছক আপোনাৰ বহুমুলীয়া পৰামৰ্শ, যোগাযোগৰ লগতে লেখনি প্ৰকাশ সম্পৰ্কীয় কমেণ্ট দিব পাৰিব । ধন্যবাদ।
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.