জীৱন বাটত পোহৰ বিচাৰি অসমীয়া কবিতা |
জীৱন বাটত পোহৰ বিচাৰি অসমীয়া কবিতা
জীৱন বাটত পোহৰ বিচাৰি,
তোমাৰ কাষত ভুমুকি মাৰি,
কত সময় কৰিলে পাৰ।
নাই ইয়াৰ কোনো পাৰাপাৰ।।
তুমিয়েটো দিয়া আমাক,
অন্ধকাৰময় জীৱন বাটত শিক্ষাৰ পোহৰ,
তুমিয়েটো দিয়া আমাক,
জীয়াই থকাৰ উৎসাহ আৰু প্ৰেৰণা।
তুমিয়েটো দিয়া আমাক
মানুহ হৈ জীয়াই থকাৰ মাদকতা।
তুমিয়ে নোহোৱা জানো
আমাৰ অতিকে আপোন, অতিকে মৰমৰ
●তিনিচুকীয়া
মহাবিদ্যালয়●।
তুমি হেনো ১৯৫৬ চনতে প্ৰতিষ্ঠা লভিলা।
সেই দিন ধৰি আজিলৈকে,
কিমান জনক যে তোমাৰ পোহৰেৰে
মানুহ কৰি গঢ়ি তুলিলা।
তাৰ লেখ জানো আছে আমাৰ হাতত?
সচাই তুমি মহান, সচাই তুমি অনন্যা।
আইয়ে দিয়া মৰম আৰু
তুমি দিয়া শিক্ষাৰ পোহৰ
তাকে লৈ আমি জীয়াই থাকিম
ওৰেটো জীৱন।
ধন্যবাদ।।
✍মণ্টু ডেকা।
তিনিচুকীয়া, অসম।
Conclusion
💖 I this post i have made a post জীৱন বাটত পোহৰ বিচাৰি অসমীয়া কবিতা. I hope you have liked it and Please do share with your friends and follow our blog for more
if you have any questions please feel free to ask in comments section
Labels :
Poem ,
অসমীয়া কবিতা ,